ফাগুণৰ বৰষুণ – নিবিড় অনুৰাগ মানস

আজি এজাক বৰষুণ দিছে
চিপ চিপ
ফাগুণৰ ধূলি খেদা
নতুনৰ বৰষুণ

বৰষুণজাকত জোনাকৰ গোন্ধ এটা বিয়পি পৰিছে
তোমাৰ দেহৰ সুগন্ধই ধুই নিছে
বৰষুণৰ চঞ্চলতা
পলাশৰ ৰঙা লাগি
লাজত ৰঙা চিঙা পৰিছে ধূলিৰ চোলা পিন্ধা সৰাপাত
আকাশত আজাৰৰ বেঙুনীয়া খং
বৰষুণৰ টোপালবোৰচোন অচিনা সুবাসেৰে ধোৱা

নাঙঠ গছৰ ছাঁটোৱে
আকৌ বজাইছে ওঁঠৰ পদূলিত সজা
কুঁহিপাত হ’ব ধৰা নসৰা পাতৰ চিঠি
গছৰ তলত ৰৈ থাকোতে খোৰোঙৰ পৰা
আকৌ নামিল ফাগুন
অথচ ক’তো নাছিল একো
ধূলিৰ কেনভাচ্
পানী জুইৰ বুকু
অথবা আমি আমাক হেৰুওৱাৰ উপকূল ।
**************

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!