ফাগুনৰ এটি গীত – নিৰুপমা ডেকা

নিস্তৰংগ মনত হেৰাই কত ফাগুনৰ গান
বুকুৰ নিজানত মাৰ যায় অনুভৱৰ যত লহৰ
আজি বুকুত টোপ টোপ টোপাল চকুপানীৰ বতৰ
কোনে জানো তাহানি জোনাকীৰে মন ওমলালে
দেখো প্ৰতিটো ফাগুনতে ৰঙা ৰঙা ৰঙা
জুই নে এয়া হিয়াৰ ৰাঙলী আভা
হৃদয়ে হৃদয়ে নীৰৱে আজিও দিয়ে কিনো বতৰা
দিয়া-নিয়া চলে বহুজনৰ আলসুৱা হিয়া
উৰে মন আজি ফাগুন ফাগুন হৈ কমোৱা তুলা
দুচকুত পাৰ হয় আজিও কত নিদ্ৰাহীন প্ৰহৰ
ফাগুন তোৰ গাতে জাপি দিওঁ মনৰ ভাগৰ
ৰঙা হৈ ফুলি উঠোঁ পাহৰি বেজাৰ
নপৰোঁ বুলিও পৰোঁ তোৰ প্ৰেমৰ ৰাগত
ধুলিয়ৰি বাটত হেৰুৱাও ঠিকনা মনৰ
গীত গাওঁ বসন্তৰ কামনাৰে ফাগুনৰ ৰঙীন বনত
****************

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!