ফাগুন — নূপুৰ হাজৰিকা
সেই নৈখনৰ কথাই আমি পাতো
যিখন নৈৰ বালিৰে আমি বালিঘৰ সাজিছিলোঁ ৷
সেই বালিঘৰ আকৌ ভাঙি ভাঙি আঙুলিৰ ফাঁকেৰে সৰি পৰা চাইছিলোঁ ৷
এদিন নদীৰ পানী নীলা আছিল,
অন্য এদিন সেউজীয়া ,
কেতিয়াবা হেঙুলীয়া ৷
সেয়া মনত পৰা দিনৰ ফাগুনৰ কথা ৷
এতিয়া নৈখন বালিচাপৰি হৈ পৰা দেখিছা?
ওঁহো, নাই দেখা ৷
চাপৰিটো জুৰি ফুলি উঠা দেখিছা
ৰিক্ত সপোনবোৰ?
ওঁহো, নাই দেখা ৷
ভৰদূপৰত ৰং ছটিয়াই বতাহজাক
পখীৰ কলৰৱ হৈ পৰা শুনিছা?
ওঁহো, নাই দেখা ৷
আমি পতা কথাবোৰ,
মুঠি মুঠি
ধূলি-বালি,
সৰি পৰা পাপৰি ,
বুটলি অনা পলাশৰ ঠানি এটাৰ জুইফুলবোৰ,
প্ৰথম যৌৱনক উন্মনা কৰা নাহৰৰ ৰঙচুৱা কুঁহি —-
জানো, পাহৰিছা ৷
পাহৰিলা জানো —
উদাস-আকুল চাৱনিৰ মাজেৰে
উদভ্ৰান্ত বসন্তৰ খোজ
পিচে পিচে ঢাপলি মেলা আমি দুয়ো
চৌপাশ ৰিঙা কৰি দিগন্তত হেৰাই যোৱা সুহুৰিটো !
কি কি ফুল ফুলিছিল বাৰু
মাটি ফুটিও ওলাব খুজিছিল এপাহ
সৰা পাতৰ মাজেৰে ?
একো ফুলৰে চিন-মোকাম নাই দেখোন
সেই ফাগুনৰ বা লাগি সৰা – – – ৷
ৰিক্ত হৈ পৰা মাজ নদীত
বালিৰ চাপৰিটো
ওখ হৈ আহে
বহল হৈ আহে
নিজান হৈ আহে
মন চাপৰি ৰিঙা কৰি সুহুৰিটো
জানো৷নুশুনো আৰু৷