ফাটবিহু- এক সংক্ষিপ্ত অৱলোকন: জ্যোতিষ্মান দাস
আমাৰ পৰম্পৰা
আমাৰ সংস্কৃতি
আমাৰ বিশ্বাস
আমাৰ সমাজৰ
অভিজাত ফচল বিহু,
আৰু ম’হঘুলি !
বিহুৰ জীৱন্ত জীৱাশ্ম,
হাবুঙৰ আত্মা৷
ম’হঘূলিৰ আকাশত যেতিয়া ফাটবিহুৰ ঢৌ উঠে,
ঢকুৱাখনা হাবুং হয় ,
মানুহবোৰ মানুহ হয় ,
তাঁতৰ পাতৰ সপোনবোৰ ৰঙীন হয়,
আমাৰ তেজত গোন্ধাই
ম’হঘূলিৰ কেঁচামাটি
আৰু চাৰিকড়ীয়াৰ বোকাৰ সৌৰভ৷
ধুসৰ অতীতৰ এপৃষ্ঠা মেলি আমি দেখো,
আমাৰ তেজেৰে চাৰিকড়ীয়াৰ পানীৰ বৰণ একেই…..
(স্বৰচিত)
………………………………………………………………………………………………………………………………..
অসম মূলুকত ঢকুৱাখনাৰ স্থান বৰ উলাই কৰিব পৰা বিধৰ নহয়৷ বিভিন্ন দিশত বহু পাছপৰা যদিও ঢকুৱাখনা বৌদ্ধিক, সাংস্কৃতিক দিশত যে অন্য দহখন ঠাইতকৈ আগবঢ়া এই কথা অনস্বীকাৰ্য৷ ঢকুৱাখনাৰ শক্তিশালী স্থিতি নিৰ্মাণত কিছুপৰিমাণে গুৰুত্বপূৰ্ণ ভুমিকা গ্ৰহণকৰি আহিছে নিম্নোক্ত দিশসমূহে :
(১) অসমীয়া সাহিত্যলৈ ঢকুৱাখনাৰ অৱদানঃ ঢকুৱাখনা হোমেন বৰগোহাঞি, গনেশ চন্দ্ৰ গগৈ, চন্দ্ৰধৰ চমুৱা, হেমেন গগৈৰ দৰে অসমীয়া সাহিত্যৰ কাণ্ডাৰীসকলৰ জন্মভুমি৷
(২) ফাটবিহু আৰু সংস্কৃতিৱান ঢকুৱাখনাৰ বৰ্ণিল কৃষ্টি ও নৃগোষ্ঠীয় গাঁথনি৷
(৩) ঢকুৱাখনাস্থিত বিভিন্ন ঐতিহাসিক কীৰ্তিচিহ্ন আৰু সেইবোৰৰ ঐতিহ্যপূৰ্ণ ইতিহাস৷
{ প্ৰতিবছৰে হোৱা প্ৰলয়ংকাৰী বানপানীয়েও বাতৰিকাকতসমূহৰ শিৰোনাম দখলেৰে ঢকুৱাখনাক কিছুপৰিমানে বিখ্যাত(?) কৰি তুলিছে যিটো এক অপ্ৰিয় সত্য৷ }
সি যি কি নহওক, আনুসংগিক বিষয়বোৰ বৰ্জন কৰি প্ৰত্যক্ষভাৱে এতিয়া ফাটবিহুৰ কথালৈ আহিব খুজিছোঁ৷ মই ভাবো যিসকল সচেতন আৰু শিক্ষিত অসমীয়াৰ ফাটবিহু সম্পৰ্কে কোনো ধাৰণা নাই অথবা ফাটবিহুৰ নামশুনা নাই তেওঁলোকৰ সংখ্যা নিশ্চয় ৰিক্ত সংহতিৰেই অন্তৰ্ভুক্ত হ’ব৷
ফাটবিহু বুলি কওঁতে দুটা শব্দ ইয়াৰ লগত অতি নিবিড়ভাৱে জড়িত হৈ আছে৷ সেইদুটা হ’ল- ম’হঘুলি আৰু চাৰিকড়ীয়া৷ম’হঘূলি হৈছে দৃষ্টিনন্দন প্ৰাকৃতিক পৰিৱেশসম্পন্ন এক চাপৰি যাক ঢকুৱাখনাৰ বৃন্দাবন বুলিব পাৰি৷ চাৰিকড়ীয়া হল ঢকুৱাখনাৰ মাজেৰে প্ৰৱাহিত এখন নৈ যাক ঢকুৱাখনাৰ প্ৰাণ বুলি কলেও বঢ়াই কোৱা নহ’ব৷ এই চাৰিকড়ীয়াৰ পাৰৰ ম’হঘুলি চাপৰিতেই হাবুং (ঢকুৱাখনাৰ প্ৰাচীন নাম )ৰ ইতিহাসৰ কোনো এক শুভমুহূৰ্তৰ পৰা নিভাঁজ ৰূপত উদযাপিত হৈ আহিছে সম্প্ৰীতিৰ নিদৰ্শন ফাটবিহু৷ সম্প্ৰতি নৱ-প্ৰজন্মৰ উৎসাহ আৰু উদ্যমৰ পৰশে ফাটবিহুৰ গৰিমা ও সৌষ্ঠৱ অধিক বৃদ্ধি কৰিছে৷ ফাটবিহুৰ সময়ছোৱাত ঢকুৱাখনাত আন্তৰ্জাতিক পৰ্যটককে ধৰি বিভিন্ন স্থানৰ পৰা অহা দৰ্শনাৰ্থীয়ে ভিৰ কৰেহি৷ লোকে লোকাৰণ্য হৈ পৰে ঢকুৱাখনা৷
………………………………………………………………………………………………………………………………..
বিহু অসমৰ জাতীয় উৎসৱ আৰু অসমৰ বিভিন্ন প্ৰান্তত আনুষ্ঠানিকভাৱে বৃহৎ বৃহৎ মঞ্চ পাতি বিহু উদযাপন কৰা হয়৷ প্ৰশ্ন হ’ব পাৰে, এই বিহু সমূহেৰে সৈতে ফাটবিহুৰ পাৰ্থক্য কি? যাৰ বাবে ফাটবিহু আজি আন্তৰ্জাতিক স্বীকৃতি লাভ কৰিবলৈ আগবাঢ়িছে৷এই বিষয়ে এই সংক্ষিপ্ত লেখাটোত ব্যাখ্যা প্ৰদান কৰাটো অসম্ভৱ৷তথাপিও তলত ফাটবিহুৰ কেইটামান বৈশিষ্ট্য উল্লেখ কৰা হ’ল যাৰ জৰিয়তে ফাটবিহু আৰু অন্যান্য বিহু অনুষ্ঠানৰ মাজৰ পাৰ্থক্য সম্পৰ্কে আপুনি অৱগত হ’ব_
(১) পৰিবৰ্তনৰ চাকনৈয়াত পৰি গছতলৰ আৰু মুকলি পথাৰৰ বিহু মঞ্চলৈ আহিল আৰু সম্প্ৰতি বানিজ্যিকীকৰণ হৈ বিহুৱে বহু পৰিমাণে ইয়াৰ স্বকীয়তা হেৰুৱাই পেলাইছে৷ এনে প্ৰেক্ষাপটত ফাটবিহুৱে বিহুৰ পূৰ্বৰ স্বকীয় বৈশিষ্ট্য তথা পৰম্পৰাক ৰক্ষা কৰি অসমৰ সাংস্কৃতিক পথাৰখনত এক বিৰল নিদৰ্শণ ৰূপে পৰিগণিত হৈছে৷
(২)অন্যান্য বিহুমঞ্চত লাখ টকা ব্যয় কৰি, গায়ক মাতি বৰ্ণিল সাংস্কৃতিক সন্ধিয়া পাতে৷ কিন্তু ফাটবিহু এই ক্ষেত্ৰত ব্যতিক্ৰম৷ বিহুয়েই হ’ল বিশাল সাংস্কৃতিক অনুষ্ঠান বিহুৰ বতৰত ইয়াতকৈ পৃথক সাংস্কৃতিক অনুষ্ঠান নিষ্প্ৰয়োজন৷
(৩) ফাটবিহুৰ বিভিন্ন কাৰ্যসূচী উদ্বোধন কৰিবলৈ সাহিত্য সংস্কৃতিৰ বিষয়ত দখল থকা পাণ্ডিত্যসম্পন্ন লোককহে আমন্ত্ৰণ জনোৱা হয়৷ ৰাজনৈতিক শক্তিৰে ক্ষমতাবান বা ধনৱান ব্যক্তিবুলিয়েই বৰপীৰা পাৰি ফাটবিহুৰ মঞ্চত বিশেষ স্থান দিয়া নহয়৷
(৪)ফাটবিহুৰ মঞ্চত আৰু সংলগ্ন প্ৰেক্ষাগৃহত আসন গ্ৰহনৰ বাবে জাতীয় সাজ পাৰ পিন্ধাটো বাধ্যতামূলক৷ এই নিয়ম অমান্য কৰাৰ বাবে বিশিষ্ট ব্যক্তিকো ফাটবিহুৰ মঞ্চই প্ৰত্যাখান কৰাৰ নজিৰ আছে৷
ফাটবিহুৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত ইছমাইল হুছেইন ডাঙৰীয়াৰ মতে-
“কেৱল চায়েই ফাটবিহুৰ মৰ্ম উপলব্ধি কৰিব নোৱাৰি৷ ফাটবিহুক বুজিবলৈ চাৰিকড়ীয়া নৈৰ পানীৰ উখল মাখল ঢৌৰ ছন্দময় গতিৰ আঁত ধৰিবলৈ জানিব লাগিব৷ ম’হঘুলি চাপৰিৰ সেউজীয়া বননিৰ ছাঁবোৰ বুকুত সানি ল’ব লাগিব৷ চাপৰিৰ নিমজ বালিবোৰ স্পৰ্শ কৰি চাব লাগিব৷ হাবুঙৰ চৰাই চিৰিকটিৰ ভাষাবোৰ বুজি পাব লাগিব আৰু সৰ্বোপৰি উপলব্ধি কৰিব লাগিব ফাটবিহুতলীত সমবেত হোৱা হাজাৰ হাজাৰ বিহুবলীয়া ৰাইজৰ হৃদয়ৰ স্পন্দন৷”
আজিৰ ফাটবিহু কেৱল ঢকুৱাখনাৰেই লোক উৎসৱ হৈ থকা নাই ই অসমৰ এক অন্যতম লোকউৎসৱ৷ আহক ফাটবিহুক বিশ্বদৰবাৰলৈ লৈ জোৱাৰ বৰ্ণিল যাত্ৰাৰ অংশীদাৰ হওঁ৷
সহায়ক গ্ৰন্থ : বিহুৱান, ত্ৰয়োবিংশ সংখ্যা