“ফাটমেলা বসুমতী….” দিগন্ত কুমাৰ ভট্টাচার্য
“ফাটমেলা বসুমতী….”
দিগন্ত কুমাৰ ভট্টাচার্য
(১)
শহুৰ-শাহু অসমৰ পৰা অহা দুদিনমান হ’ল। ৰাতিপুৱাই অসমীয়া চেনেল লগাই সকলোৱে বাতৰি চাই আছোঁ। এনেতে ওচৰৰ ঘৰৰ কাম কৰা ছোৱালীজনী আহিল কোলাত তেওঁলোকৰ এবছৰীয়া কণমাণিটিক লৈ। তাইৰ হাতৰ বাটিত চেৰেল্যাক জাতীয় কিবা খোৱাবস্তু। এনেকৈ বাচ্ছাটোক খুৱাব তাই ইয়ালৈ আহে মাজে মাজে।
‘এম.টি.ভি লগাও না ভায়া, বেবী কো খিলানা হ্যে’, সোমায়ে তাই মাত লগালে।
কণমাণিটোক আকৌ গানৰ তালে তালেহে কিবা খুৱাব পাৰি। গানৰ তালত মুখখন মেলি দিয়াৰ লগে লগে তাৰ মুখত চামুচখন ভৰাই দিয়া হয় চান্স বুজি।
মই এম.টি.ভি লগালোঁ। কিন্তু য’তে বাঘৰ ভয়, তাতে ৰাতি হয়। পৰ্দাত সেয়া ইমৰান হাছমীৰ গান। এইজনাক মোৰ বৰ ভয় লাগে। প্ৰেম-পীৰিতিৰ ক্ষেত্ৰত দুৰ্ধৰ্ষ উগ্ৰপন্থীৰ শাৰীতেই পৰে, হঠাতে ভয়াৱহ ৰূপ ধাৰণ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰিব পাৰে এওঁ।
‘কালিৰ খেলখনৰ বা কি হ’ল, চাই লওঁ ৰ’ব’- মই চেনেল বদলাই নিউজ চেনেল এটা লগালোঁ। মনতে ভাবিলোঁ, কালি কিবা খেল আছিল জানো? কণমাণিটোৱে কান্দোন আৰম্ভ কৰিলে। উপাই নাই, আকৌ বেক টু এম.টি.ভি!
‘আজি বেচ গৰম পৰিব চাগে’- বতৰৰ বিষয়ে আলোচনা নীৰৱতা ভগাৰ অন্যতম উদাহৰণ।
‘হুমমম…..’ শহুৰ দেউতাই বুজাব খুজিলে সেয়া কি ক’বলগীয়া কথা!
দুচকু লুকাবলৈও ওচৰত নিউজ পেপাৰখন নাই। ক্ৰেডিট কাৰ্ডৰ এজেণ্টেও এনে ক্ৰিটিকেল সময়ত ফোন কৰি উঠি যোৱাৰ সুবিধাকণ কৰি নিদিয়ে।।
(২)
ৰাতি সকলোৱে বেংগলী ৰেষ্টুৰেণ্ট এখনত খাই ঘৰলৈ উভতিছোঁ। আগৰ ছিটত মোৰ কাষত শহুৰ দেউতা। পিছৰ ছিটত শাহু আৰু শ্ৰীমতী। তেওঁলোকৰ ঘৰৰ কাষৰ বিয়া এখনৰ পোষ্টমৰ্টেম কৰাত ব্যস্ত তেওঁলোক। কইনাৰ মেইন ছেটযোৰৰ পৰা আৰম্ভ কৰি কইনাৰ ভনীয়েকৰ নেকলেছলৈকে সকলোৰে বিশদ বিৱৰণ দাঙি ধৰিছে শাহু আয়ে।
ট্ৰেফিক চিগনেল এটাত ৰ’ব লগা হ’ল। হঠাতে বাইক এখন সাপৰ দৰে সোঁৱে-বাওঁৱে পিচৰ গাড়ীবোৰ অ’ভাৰটেক কৰি আহি আমাৰ গাড়ীখনৰ সন্মুখত কেৰেচকৈ শব্দ কৰি ৰৈ গ’ল। বাইক আৰোহী যুৱকৰ পিঠিত লিপিট খাই পৰিছে পিচত বহা যুবতী গৰাকীয়ে যেন পিঠি ভেদি বুকুৰে ওলাই গৈ কলিজাত লিখি থৈ যাব প্ৰেম কাহিনী। ‘চাইডভিউ’ কৰিলেও চাগে বাইকখনত এজন নে দুজন বহি আছে ধৰিবলৈ দিগদাৰ হ’ব। হাউলি দিওঁতে যুবতীৰ চুটি টি-চাৰ্টটোৰ তলৰ অংশ লাহে লাহে উঠি গৈ মাজ পিঠি পাইছে।
সেউজীয়া লাইট জ্বলিবলৈ আৰু এক মিনিট বাকী। উহ, আৰু এক মিনিট সময় এই নাৰী ইমৰান হাছমীজনী চকুৰ আগত থাকিব।
‘দেউতা মই প্ৰথম আহোঁতে এইবোৰ চব পথাৰ আছিল। এতিয়া ক’তো খালী ঠাই নাই। সেই বাওঁফালে মাল্টিপ্লেক্সটো যোৱাবছৰ সাজিছে।’
শহুৰ আৰু মই বাওঁফালে লক্ষ্য কৰিলোঁ। মাল্টিপ্লেক্সৰ এক বিশাল হ’ৰ্ডিঙত জিলিকি আছে বিদ্যা বালানৰ অৰ্ধ উন্মুক্ত বক্ষেৰে ‘ডাৰ্টি পিকচাৰ’। চকুদুটাও যে আৰু। আন বহুত হ’ৰ্ডিং আছে। কিন্তু ইহঁত দুটাই এইবোৰহে বিচাৰি পায়। দুমাহ আগৰে পৰা আৰম্ভ হোৱা বাওঁফালে থকা পাৰ্কখন চাবলৈ শহুৰ দেউতাক ক’বলৈ সাহস ন’হল আৰু।
গাড়ী চলিল। শ্ৰীমতীয়ে মাত লগালে ‘সোনকাল কৰা অলপ। ‘বড়ে অচ্ছে লগতে হ্যে’ আৰম্ভ হ’লেই। মাৰ প্ৰিয় ছিৰিয়েল’। কালি ৰাম আৰু প্ৰিয়াই যি পীৰিতি দেখুৱালে গোটেই এপিছ’ডটোত, আজিও চাগে তাৰ অন্তিম অংশ দেখুৱাব। নাই, আজি আৰু ৰিস্ক ল’ব নোৱাৰি। মই গাড়ীৰ স্পীড কমাই দিলোঁ। অ’ন কৰিলোঁ এফ.এম টো। তাত বাজি উঠিল গান- ‘ভাগ ভাগ ডি.কে. বোস, ডি.কে. বোস, ভাগ…..’।।