ফাপৰে ধৰা যোজনা (মনজিৎ)

নৈৰ থিয় গড়া আৰু
আমাৰ দিগন্ত বৰা
এই দুয়ো ক্ষেত্রতে অকনমান সাৱধান হোৱা ভাল ।

ধাৰ নাইকিয়া কটাৰী
আৰু মোবাইলৰ ল’ বেটাৰী …
দুয়োটাৰে কাম চলোৱা বৰ মুস্কিল হে ।

ক’র্টত চলি থকা কেছ
আৰু পেটত হোৱা গেছ
দুয়োটাই শেষ নোহোৱালৈকে ভাল অশান্তি দিয়ে ।

হেভি দিচকাউন্টতেৰে ৰিডাকচনত দিয়া ৰং বিৰঙী শাৰী
হেভি মেকআপৰে ৰুপহী হৈ পৰা মোহময়ী নাৰী
দুয়োটাতে ঠগ খোৱাৰ সম্ভাবনা অতিকে বেছি ।

মাক বাপেকৰ বাবে যেনেকৈ তেওলোকৰ বর্বাদ SON
তেনেকৈ দেশ এখনৰ বাবেও CORRUP-SON
দুয়োটাই ডাঙৰ মুৰৰ কামোৰণি । দুয়োটাকে সুধৰোৱা অতন্ত্যই প্রয়োজনীয় ।

দাঁতৰ ফাঁকত ফচি ৰোৱা মাংসৰ টুকুৰা আৰু
বুকুত জ্বলি ৰোৱা পিৰীতিৰ জুই একুৰা ….
এটাইও শান্তিত থাকিব নিদিয়ে ঔ ।

দুখতে ঘট ঘট কৈ মৰা ৰ পেগ
আৰু টার্নিঙত জোৰেৰে কৰা অভাৰটেক…..
দুয়োটাই বেছ বিপদজনক । কেয়াৰ ফুল নহলে ফটোত ফুল আঁৰিব লাগিব ।

নাৰীৰ পেটত থকা কথাক
আৰু মদৰ নিছাত ওলোৱা বেথাক….
কোনেও ওলোৱাত বাধা দিব নোৱাৰে ।

MAKEUP
আৰু
BREAKUP
আজিৰ তাৰিখত ছোৱালীবোৰ দুটি এৰাব নোৱাৰা অভ্যাস !!

অসমৰ CM
আৰু
এচ বি আইৰ ATM ….
চাল্লা দুয়োটাই দৰকাৰৰ সময়তে আবোল তাবোল বলকে ।
এটাই কয় ব’ম ক’ত নুফুটে, বানপানী ক’ত নহয় !
এটাই আকৌ বেছিভাগ সময়েই ‘ টেম্পৰেৰি আউট অফ অর্ডাৰ’ বুলিয়েই লিখি থয় ।

মাৰুতিকাৰ
হওক বা
চৰকাৰ
সময়ত সলনি নকৰিলে বিপদত পৰাৰ সম্ভাৱনাই বেছি ।

নাৰীয়েই হওক
বা গাড়ীয়েই হওক
মেন্টেনেন্সৰ নামতেই তলি উদং হৈ যায় হে সদায় ।

জোৰেৰে চলোৱা তথা বাপেকৰ টকাৰে লোৱা বাইক
আৰু ফেছবুকত টেগ কৰি কৰি লোৱা লাইক …
প্রায় একেই দুয়োটাতে মানুহে বেছ অশান্তি পাই ।

প্রয়োজনীয় বস্তুৰ মুল্যবৃদ্ধি আৰু
আমাৰ দিগন্ত বৰাৰ নতু্ন নতুন বুদ্ধি
দিনক দিনে বাঢ়িহে গৈ আছে , কমাৰ সম্ভাৱনা তেনেই কম ।

000000

পেংলাই নকৰিবা দেই লিলিমাই

পেংলাই নকৰিবা দেই লিলিমাই
খং উঠিলে কিন্তু কাৰো ৰক্ষা নাই
পিছে এশৰ পৰা একলৈকে ওলোটাকে নেওতা খন গাই
খং কমোৱাৰ কিটিপ এটাও শিকি আছো অৱশ্যে ।

দুখীয়া নিচলা বুলিও নাহাঁহিবা
গাৱলীয়া গঞা বুলি উপহাসো নকৰিবা
বুকু ফালি দেখাব পাৰো ময়ো জকি গেঞ্জিয়েই পিন্ধো
যাৰ MRP ১৬৯ , তাতে একো দিচকাউন্টো নাথাকে ।

১ টকা ১০ পইছা বেলেন্স আছে বুলিয়েই ডাওন নিদিবা
সেই ১ টকা ১০ পইছা বেলেন্স থকাৰ দিনাও
মই তোমাৰ সতে ওৰে ৰাতি কথা পাতো
কাৰণ মোৰ BSNL টু BSNL ফ্রী ।

বা মোবাইলৰ বেলেন্স শেষ হ’ল বুলিয়েই
নাভাবিবা প্রেম শেষ হ’ল বুলি
দেউতাৰ দৰমহা হব দিয়া দেখিবা
আকৌ আগৰ দৰেই ফুলিব প্রেমৰ ফুল ফুলিব ।

ইংৰাজী জানা বুলি বৰ ফুটনি নামাৰিবা
বা মই ইংৰাজী ক’ব নোৱাৰো বুলি ইনচাল্ট নিদিবা
অ’ য়া য়া আৰু য়েছ, ন’ , থেংকিউৰেই কাম চলাব জানো ভাল কৈ
তোমাৰ দৰে এগালমান শব্দ মনত নাৰাখিলেহে পাৰিছো ।

চাৰিচকীয়া নাই বাবে পাত্তা নিদিয়াকৈ নাথাকিবা
সৰু মানুহ বুলি হেয়জ্ঞানো নকৰিবা
আমি ডাঙৰ ডাঙৰ মানুহবোৰ সদায় ডাঙৰ ডাঙৰ গাড়ীতহে উঠো
যেনে : বাছ ট্রেইন ইত্যাদি ইত্যাদি ।

দেখিবলে বেয়া বুলিয়েই বেয়া চকুৰে নাচাবা
হামে কালে হে ট’ কিয়া হুৱা দিলৱালে হে
তুমি মেকআপত যিমান খৰচ কৰা
সিমান খিনিৰে মই এল আই চিৰ প্রিমিয়াম দিও
আৰু মই মৰিলে সেই খিনি টকাতো তুমিয়েই পাবা ।

আৰু নো কি ক’ম
তুমি পিয়াজ কাটিলে মই চকু পানী উলিয়াও
তুমি ভৰিত দুখ পালে মই লেঙেৰাও
আনকি তোমাৰ চর্দী লাগিলে মই হাঁচিয়াও
আৰু তোমাৰ ভোক লগা গম পালেই মই এপেত দকছি খাও ।।
ইয়াকেই কয় মৰম বুজিছা মৰম… তুমি আকৌ বুজিকে নোপোৱা হুহ :/

মুঠতে মোক পেংলাই নকৰিবা দেই লিলিমাই,মাথো এটাই মনত ৰাখিবা
যিয়েই নহওক কিয় দেশকালৰ মতিগতি
যিমানেই নকৰক কিয় চৰা দামে আমাৰ লটিঘটি
এটা কথা কিন্তু খাটাং মানে ফুল এন ফাইনেল যে
তুমিয়েই হ’বা মোৰ একমাত্র শ্রী মতী ।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!