ত্ৰয়োদশ বৰ্ষ, চতুৰ্থ সংখ্যা, আঘোণ, ১৯৪৫ শক, নবেম্বৰ, ২০২৩

ফিউজন পদ্য (জয়দীপ চক্ৰৱৰ্তী)

বুঢ়া ঘুঘু অফিছ গৈ

পালে কম্পিউটাৰ,

বিনা পইচাই ফেচবুকালে

গোটেই মঙ্গলবাৰ।

 

অফিছৰ ফাইল লৰাই থলে

লৰাই থলে খাতা,

ঘূৰাই ঘূৰাই টেমাটো ঘূৰাই

চৈধ্যবাৰ খালে চাধা।

 

বজাৰৰ ডাঙৰ মাছ

আৰু এনডেঞ্জাৰ কাছ,

কেনেকৈ কিনে ছাৰে

তাকেই কিয় ভাবি আছ।

 

দহজনে দিয়ে যিটো

তুমিও দি দিবা সিটো,

হেনজানি সাহ কৰি

কামটোকে কৰা,

এশৰে নোৱাৰিলে

হাজাৰেৰে মেনেজ কৰা।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!