ফিলিপ জাৰীলিৰ মনোদৈহিক অভিনেতা প্ৰস্তুতিৰ কৌশল : এক অৱলোকন — কিশোৰ ভৰদ্বাজ বৰুৱা

২০২০ চনতো বিশ্ববাসীৰ বাবে এক অভিশাপ ৷ মহামাৰীৰ কবলত সৰু বৰ বহু মানুহে পলকতে বিদায় লৈছে ৷ উন্নত দেশবোৰেও পৰিত্ৰাণৰ উপায় বিচাৰি হাবাথুৰি খাইছে ৷ নেদেখাজনৰ ওচৰত আঁঠু লৈ অপেক্ষা কৰাৰ বাহিৰে যেন আমিবোৰ নিৰুপায় ৷ ধৈৰ্য আৰু সাহসক সাৰথি কৰি সুস্থ দিনৰ অপেক্ষাত আমিবোৰ আশাবাদী ৷ প্ৰত্যকজন সাধাৰণ মানুহেই অসাধাৰণ যদিও অপুৰণীয় অৱদানৰ বাবে সমাজে কিছুমান মানুহক বিশেষ স্থান দিয়ে ৷ তেনে বহু মানুহে এই মহামাৰীৰ সময়ত আমাৰ মাজৰ পৰা আঁতৰি গ’ল ৷ সংগীতজ্ঞ জন প্ৰাইন, জ’ ডিফি, হাল উইলনাৰ, পিয়ানিষ্ট এলিছ মাৰচেলিছ জুনিয়ৰ, জাপানৰ কমেডিয়ান কেন চিমুৰা, অভিনেতা মাৰ্ক ব্লাম, জে বেনেডিক্ট, এন্দ্ৰিউ জেক, ঋচি কাপোৰ, ইৰফান খান, পৃথিৱী বিখ্যাত চেফ(কাৰিকৰ) ফ্লইড কাৰ্দজ, আমেৰিকান চিত্ৰনাট্যকাৰ টেৰেঞ্চ মেকনেলী, থিয়েটাৰ গৱেষক-পৰিচালক-অধ্যাপক ফিলিপ জাৰীলি ইত্যাদিৰ মৃত্যুৱে নিজ নিজ ক্ষেত্ৰত শূণ্যতাৰ সৃষ্টী কৰি থৈ গ’ল ৷ ঋচি কাপোৰ, ইৰফান খানৰ দৰে জাৰীলিৰ মৃত্যুৰ কাৰণ ক’ৰণা ভাইৰাছ নহয় কৰ্কট ৰোগহে ৷
গোলকীয় পুঁজিবাদৰ দিনত পৃথিৱীৰ প্ৰায় অভিনয় শিল্পীয়ে প্ৰচণ্ড তৃপ্তীকৰ, ফুৰ্তিবাজ প্ৰদৰ্শন একোটাৰ বাবেহে আগ্ৰহ প্ৰদান কৰে আৰু সাধাৰণ দৰ্শকৰ সন্মুখতো তেনে প্ৰদৰ্শন দাঙি ধৰিব বিচাৰে ৷ যদিও ইতিহাসত এনে কিছুমান থিয়েটাৰ শিল্পীৰ উদাহৰণ আছে যিয়ে নেকি থিয়েটাৰৰ যোগেদি প্ৰদৰ্শনকাৰীৰ লগতে দৰ্শকক চিন্তাশীল কৰি তোলা, আত্মিক সুখ প্ৰদান কৰা বা মানসিক স্থিতি সলনি কৰা ইত্যাদি সম্পৰীক্ষা কৰি গৈছে ৷ থিয়েটাৰক দৰ্শকৰ অজ্ঞাতে এক আহিলা ৰূপে ব্যৱহাৰ কৰিছে ৷ এণ্টনিন আৰ্টুডে থিয়েটাৰত সদায়েই ভয়াৰ্ত্ত ভাব এটাৰ সৃষ্টীত আগ্ৰহী আছিল৷ যাতে দৰ্শকে অভিনেতাৰ প্ৰকৃত স্বৰূপটো দেখা পায়, দৰ্শক নিজৰ আৱেগৰ প্ৰকৃত ৰূপটোৰ লগত চিনাকী হ’ব পাৰে; শিক্ষিত সমাজখনত মানুহে মুখা পিন্ধি বসবাস কৰে ৷ জাৰজী গ্ৰটৱস্কী য়ে তেওঁৰ পবিত্ৰ অভিনেতা (holy actor)ৰ ধাৰণাটো এনেধৰণেৰে দিছে যে- যিয়ে প্ৰদৰ্শনকামীতাক গুৰুত্ব নিদি নিজক থিয়েটাৰ আৰু দৰ্শকৰ বাবে অৰ্পণ কৰে ৷ অভিনেতায়ে শৰীৰ, শব্দ, মন আৰু ভাৱনাশক্তিৰ দ্বাৰা পৰিৱেশন কৰি নিজে নিজক আৱিস্কাৰ কৰিব লাগে তেহে দৰ্শকৰ মনত প্ৰদৰ্শনৰ পৰা লাভ কৰিব লগা সাত্বিকতা ভাব আহে ৷ পিটাৰ ব্ৰুকে অভিনেতাক সচৰাচৰ জীৱনৰ বাস্তৱতাতকৈও দ লৈ(inner impulse) যোৱাৰ কথা কৈছে ৷ থিয়েটাৰৰ এইসকল পুৰোধা ব্যক্তিৰ উত্তৰসুৰী আছিল ফিলিপ জাৰিলী ৷
১৯৪৭ চনৰ ৮ এপ্ৰিলত জন্মগ্ৰহণ কৰা জাৰিলীয়ে অভিনয় শিল্পীসকলক প্ৰস্তুত কৰিবৰ বাবে এক বিশেষ মনোদৈহিক(psychophysical) কৌশল তৈয়াৰ কৰি লৈছিল ৷ এচিয়া মহদেশীয় ধাৰণাৰে অনুপ্ৰাণিত জাৰিলীৰ অভিনেতা প্ৰস্তুতৰ কৌশলত অন্তভুৰ্ক্ত আছিল যোগভ্যাস, ভাৰতীয় সমৰকলা কালাৰিপায়াটু, চীন দেশৰ টাইচীৰ সমাহাৰ ৷ ষ্টানিছশ্লাভিস্কী, মেয়ৰহল্ড, মাইকেল চেখভ, লিক্’ক, এন্টনিন আৰ্টুড, ইগোনো বাৰবা, গ্ৰটৱস্কি, কপিউ ইত্যাদি পশ্চিমীয়া অভিনয় সূত্ৰৰ দাৰ্শনীক সকলৰ লগতে জাপানৰ দাৰ্শনিক য়ুছা য়ুছৌ, ন’ থিয়েটাৰৰ সাধক জেয়ামি মটকিয়ে আগ বঢ়োৱা অভিনয় সম্বন্ধীয় সকলো দৰ্শন অধ্যয়নৰ পাছত আমেৰিকাৰ পৰা ফুলব্রাইট স্কলাৰ হিচাপে ১৯৭৬ চনত কথকলী শিকিবৰ বাবে ভাৰতলৈ আহিছিল অধ্যাপক জাৰীলি ৷ ১৯৭৬ পৰা ১৯৯৩ চনৰ ভিতৰত প্ৰায় সাত বছৰ কাল দক্ষিণ ভাৰতত সময় কটোৱা জাৰীলিয়ে কেইবা বছৰ চীন আৰু জাপানত নিজৰ শৰীৰ চৰ্চাৰ ওপৰত পৰীক্ষা নিৰীক্ষা চলায় ৷ অভিনেতা হিচাপে শৰীৰৰ সচেতনতা, সংবেদনশীলতা বঢ়োৱাত, শক্তিৰ পূৰ্ণ ব্যৱহাত কি দৰে সমৰকলাৰ বিভিন্ন কৌশল ব্যৱহাৰ কৰিব পৰা যায় ইত্যাদিৰ বিষয়ে The Kathakali Complex(1984), When body becomes all eye(1998), Acting (re)considered (2002), Psychophysical Acting: An intercultural Approach after Stanislavski(2009) নামৰ চাৰিখন গ্ৰন্থ প্ৰকাশ কৰি উলিয়ায় ৷ Psychophysical Acting: An intercultural Approach after Stanislavski(2009) কিতাপৰ বাবে Association for theatre in Higher Education য়ে ২০১১ বৰ্ষৰ শ্ৰেষ্ঠ গ্ৰন্থৰ বঁটা প্ৰদান কৰে ৷
১৯৭০ চনৰ আশে-পাশে জাৰীলিয়ে মন কৰে যে আমেৰিকান সকলে ষ্টানিছশ্লাভিস্কিৰ কৌশলকে অভিনয় প্ৰস্তুতিৰ বাবে ব্যৱহাৰ কৰে ৷ জাৰীলিয়ে মেথড অভিনয়ক অভিনেতাৰ প্ৰস্তুতিৰ বাবে তেনেই সীমাবদ্ধ বুলি আৱিস্কাৰ কৰে ৷ ইয়াৰ পাছতে নিজাববীয়াকৈ অভিনয় প্ৰস্তুতিৰ সমল বিচৰাত লাগে ৷ সেইসময়তে জাৰজি গ্ৰটৱস্কিৰ কামৰ প্ৰতি অনুৰাগ জন্মে আৰু ভাৰতীয় অভিনয় কৌশলৰ প্ৰতি আকৃষ্ট হয় ৷ গ্ৰটৱস্কিৰ দৰে জাৰীলিয়ে ২৯ বছৰ বয়সত কেৰেলাৰ কলামণ্ডলত; সংষ্ঠাটোৰ ১০ বছৰীয়া শিক্ষাৰ্থীসকলৰ লগত এজন শিক্ষাৰ্থী হিচাপে কথকলী শিকিবৰ বাবে যোগদান কৰে ৷ তেওঁ প্ৰৰ্দশনতকৈও পৰিৱেশনৰ আগত কি কি প্ৰস্তুতিৰ মাজেৰে অভিনেতা পাৰ হয়, তাৰ প্ৰতি বেছি আগ্ৰহী আছিল ৷ গুৰুদ্বয় এম.পি. শংকৰণ নাম্বুথিৰি আৰু বসুদেৱন নাম্বুৰথিৰিপেডে জনায় যে কথকলী অভিনেতা সকলৰ প্ৰস্তুতিৰ প্ৰায়বোৰ ব্যয়াম সমৰকলা কালাৰিপায়াটুৰ পৰা আহিছে ৷ এসময়ত সমৰকলাৰ লগতহে সম্পৰ্ক থকাৰ বাবে ৬০-৭০ৰ দশকত কালাৰিপায়াটুৰ অনুশীলন বহুত বেছিকৈ হোৱা নাছিল ৷ বহুদিনীয়া বিচাৰৰ অন্তত থিৰুৱনন্তপুৰমত গুৰু গোবিন্দকুট্টী নায়াৰে চি.ভি.এন কালাৰী নামৰ আধুনিক কালাৰীপায়াটু প্ৰশিক্ষণৰ এটা কেন্দ্ৰ খোলাৰ কথা গম পায় আৰু জাৰীলিয়ে যোগদান কৰে ৷ প্ৰতিদিনে ৬ ঘন্টাৰ জোৰদাৰ প্ৰশিক্ষণৰ অন্তত জাৰীলিৰ মনলৈ বহুবোৰ প্ৰশ্ন আহিছিল ৷ কথকলীৰ প্ৰশিক্ষণ লৈ কালাৰিলৈ যোৱাৰ বাবে আপোনা আপুনি নিজৰ মাজত উত্তৰ কিছুমান লাভ কৰিছিল ৷ প্ৰাথমিক প্ৰশিক্ষণ আছিল শৰীৰ সংৰেখনৰ(body allign) ওপৰত ৷ জাৰিলীয়ে মন কৰিছিল যদি বহুদিন ধৰি কালাৰীপায়াটুৰ জোৰদাৰ অনুশীলন কৰা হয়; শৰীৰত এক আন্তঃতৰলতাৰ(inner fluidity) সৃষ্টী হয় ৷ পৰিৱেশনৰ সময়ত সেই তৰলতায়ে শৰীৰ সঞ্চালনত মূখ্য ভুমিকা পালন কৰে ৷ ৱিচকনচিন-মেডিচন বিশ্ববিদ্যালয়ে ১৯৭৯-৮০ চনত অধ্যাপক জাৰীলিক এচিয়ান সম্পৰীক্ষামূলক থিয়েটাৰ সহ-পৰিচালনাৰ বাবে নিমন্ত্ৰণ জনায় তাতে এডলফ ক্লেৰেঞ্চ স্কটৰ পৰা টাইচী শিকাৰ সুবিধা পায় ৷ ইয়াৰে পাছৰে পৰা জাৰীলিয়ে টাইচী নিত্য অনুশীলন কৰিবলৈ লয় আৰু পাছৰ পৰ্য্যায়ত টাইচী, কালাৰিপায়াটু, যোগসনৰ সন্মিলন ঘটাই জাৰীলিয়ে “মনোদৈহিক” অভিনেতা প্ৰস্তুতিৰ কৌশল ৰূপাংকণ কৰে ৷
কথকলী আৰু কালাৰীপায়াটুৰ বুনীয়াদ যোগ আৰু আয়ুৰ্বেদ ৷ বাস্তৱত সু্স্থ শৰীৰ চৰ্চাৰে সংবেদনশীলতা আৰু সচেতনতা লাভ যোগ আৰু আয়ুৰ্বেদৰ মূল ৷ জাৰীলিৰ মতে ঐশ্বৰিক উদ্যম লাভৰ বাবে পোন প্ৰথমে শাৰিৰীক কচৰৎ আৰম্ভ কৰিব লাগে, তাৰ পাছত মনশক্তি(mental power) আৰু কুণ্ডলিনী শক্তি(primordial power)ৰ দিশে যাব লাগে ৷ এই গোটেই প্ৰচেষ্টা টোৱেই বাহ্যিক শৰীৰৰ(স্থুল শৰীৰ) পৰা পোন প্ৰথমে আৰম্ভ হয় ৷ কালাৰিপায়াটুৰ শৰীৰ চৰ্চা গোটেই কালাৰি ক্ষেত্ৰখন আগুৰি আগ-পিছ কৰি খোজ(steps),বিশেষভংগী(poses), জাপ(jumps), ভৰিৰ সঞ্চালন(leg movement) ইত্যাদিৰে সজোৱা হৈছে ৷ অত্যাধিক কচৰৎ আৰু মালিচৰ দ্বাৰা বাহ্যিক দিশতো সঠিক কৰাৰ পাছত অনুশীলনকাৰীসকলে শ্বাস-প্ৰশ্বাস(প্ৰাণবায়ু)ত গুৰুত্ব দিয়ে ৷ লাহে লাহে সংবেদনশীলতাৰে শৰীৰৰ শক্তি-প্ৰৱাহ(সূক্ষ্ম শৰীৰ) জনাৰ অন্তৰ্মুখী যাত্ৰা আৰম্ভ কৰে, পৰম্পৰাগতভাৱে ই যোগভ্যাসৰ এক অংশ ৷ জাৰীলিয়ে ৰূপাংকণ কৰা মনোদৈহিক কৌশলত প্ৰাপ্তি বা মোক্ষ লাভৰ বাবে সম্পূৰ্ণ ভক্তিভাবৰ প্ৰয়োজন ৷

অভিনেতাৰ কাম প্ৰদৰ্শনকামীতা নহয়; পৰিস্থিতি অনুযায়ী সম্পূৰ্ণ শৰীৰৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাহে ৷ ইয়াৰ বাবে অভিনেতাৰ সম্পূৰ্ণ শৰীৰ অংগিকাৰবদ্ধ হোৱাতো জৰুৰি ৷ অংগিকাৰবদ্ধ হোৱা মানে সম্পূৰ্ণ সচেতনতাৰে শৰীৰৰ শক্তি সঞ্চালনত নিয়ন্ত্ৰণ থকা ৷ সচেতনতা আৰু সংবেদনশীলতাৰ উচ্চস্তৰ লাভ কৰাৰ প্ৰধান কৌশল স্বাস-প্ৰশ্বাসত নিজৰ নিয়ন্ত্ৰণ ৷ স্বাস-প্ৰশ্বাস শক্তিৰ প্ৰধানতম উৎস, প্ৰাণশক্তি ৷ উচ্চ পৰিৱেশন স্তৰ লাভৰ বাবে শৰীৰৰ আন্তঃশক্তি জগাই তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে ৷ ভাৰতীয় যোগভ্যাসৰ মতে সেই আন্তঃশক্তিৰ নাম “কুণ্ডলিণী শক্তি” ৷ সেই কুণ্ডলিণী শক্তি শৰীৰৰ সাতটা চক্ৰ, ৰাজহাড়, আৰু শক্তিনলীৰে পাৰ হ’লে শৰীৰ আৰু কণ্ঠস্বৰ জীৱন্ত হৈ উঠে ৷
কথকলীৰ প্ৰশিক্ষণত থকা সকলে কালাৰিপায়াটুৰ প্ৰশিক্ষাৰ্থীসকলৰ ‘প্ৰশিক্ষণ লক্ষ্য’ৰ দৰে মনৰ উচ্চ সচেতনতা লাভ কৰাত চেষ্টা কৰিব লাগে ৷ উচ্চ সজাগ সচেতনতায়ে অভিনেতাক কুণ্ডলিণী শক্তি জাগৃত কৰি চৰিত্ৰ এটা ৰূপায়ণ কৰাত আৰু আৱেগ-অনুভূতিবোৰক ৰূপায়িত কৰাত দিশ দিয়ে ৷ উচ্চ সচেতনতা ব্যক্তি হিচাপে ব্যক্তিৰ নিখুঁত স্তৰ; ব্যক্তিৰ শৰীৰ আৰু মন একেলগ হৈ থাকে ৷ মনোযোগৰ উচ্চ স্তৰ ৷ যিকোনো কলাৰ ভাল পৰিৱেশনৰ বাবে নিজক এই স্তৰলৈ নিয়াতো অত্যন্ত প্ৰয়োজনীয় ৷ এই স্তৰত জাৰীলিয়ে শৰীৰৰ প্ৰত্যকটো অংগয়েই মনৰ চকুলৈ পৰ্যবাসিত হয় বুলিছে (body is all eye)৷
জাৰীলিয়ে তেওঁৰ অভিনেতা প্ৰস্তুতিৰ প্ৰশিক্ষণত শ্বাস-প্ৰশ্বাসৰ ব্যয়ামক আগস্থান দিছে ৷ মনৰ চকু আৰু শ্বাস-প্ৰশ্বাসৰ ব্যায়ামৰ সহায়ত অভিনেতা নিজৰ দক্ষতাত তীক্ষ্ণ হৈ উঠে ৷ মন উশাহ আৰু নিশাহৰ মাজতো সংবেদনশীল হৈ উঠে ৷ শ্বাস-প্ৰশ্বাসেই সমৰকলা অনুশীলনকাৰীৰ উংস যিয়ে শৰীৰৰ সম্ভাৱনা শক্তি জগাইটোলে ৷ পৰিৱেশনকাৰীসকলৰ ক্ষেত্ৰটো একে কথা ৷ টাইচী আৰু কালাৰীপায়াটুৰ প্ৰশিক্ষাৰ্থীসকলে শ্বাস-প্ৰশ্বাসৰ ওপৰত নিজৰ কাবু আনিবলৈ সম্পুৰ্ণ কচৰত কৰে ৷ যাৰ বাবে ক্যুই(qi) আভ্যন্তৰীণ শক্তি বা প্ৰাণ বায়ু জাগৃত কৰিব পাৰে আৰু সৰ্ব শৰীৰত চালনা কৰি সঞ্জীৱনী শক্তিৰ দৰে ব্যৱহাৰ কৰিব পাৰে ৷
ক্যুইৰ ব্যৱহাৰ টাইচীৰ অনুশীলনৰ মূল চালিকা শক্তি ৷ লাও চু ৰ মতে দুটা শক্তি য়িং আৰু যেংৰ চলন আৰু পৰিৱৰ্তনেই হ’ল টাইচী ৷ টাইচীৰ অনুশীলন শ্বাস-প্ৰশ্বাস আৰু মন্থৰ শৰীৰ সঞ্চালনৰ লয়গত সমন্বয় ৷ আভ্যন্তৰীণ শক্তিৰ সম্পূৰ্ণ শৰীৰত মুক্ত আৰু সাৱলীল গতিয়ে কেইবাটাও লক্ষ্যত উপনীত হোৱাত সহায় কৰে তাৰে ভিতৰত শাৰীৰিক ৰোগ নিৰাময়, ধ্যানৰ সৰ্ব্বোচ স্তৰ প্ৰাপ্তি, সমৰ সজ্জাৰ প্ৰশিক্ষণ আৰু পৰিৱেশ্য কলাৰ ব্যায়াম ৷ ভাৰতবৰ্ষত উপনিষদত আভ্যন্তৰীণ শক্তিক নাম দিয়া হৈছে কুণ্ডলিণী শক্তি বা তান্ত্ৰিক শক্তি ৷ কেইবা বছৰ যোৰা অনুশীলনৰ পাছতহে অনুশীলনকাৰীয়ে এই মন, শৰীৰ আৰু শ্বাস-প্ৰশ্বাসৰ সু-সমন্বয় গঢ়ি তুলিব পাৰে ৷ যেতিয়ায়ে শ্বাস-প্ৰশ্বাস অভিনেতাৰ নিজৰ সচেতনতাৰ অধীন হয়; তেতিয়া চৌপাশক লৈ বোধ আৰু সচেতনতা উচ্চ আৰু তীক্ষ্ণ হৈ উঠে ৷ অভিনেতাৰ পৰিৱেশনৰ প্ৰাবল্যতা দৰ্শকে উপভোগ কৰে৷ জাৰিলীয়ে প্ৰদৰ্শনৰ বাবে শ্বাস-প্ৰশ্বাসক মূলত গুৰুত্ব দিছিল ৷ অভিনেতাৰ শ্বাস-প্ৰশ্বাসৰ সক্ৰিয়তা, সমন্বয়তা, চৌপাশৰ বোধ, অভিজ্ঞতাৰ দ্বাৰা পৰিৱেশন কৰিবলগীয়া চৰিত্ৰ এটা মুৰ্ত্ত হৈ উঠে ৷ শৰীৰ আৰু মনৰ জোঁত-বন্ধন এটা সৃষ্টী হ’বৰ বাবে জাৰীলিয়ে টাইচীৰ লগতে কালাৰিপায়াটু জোৰদাৰ প্ৰশিক্ষণ পদ্ধতি এটাত গুৰুত্ব দিছে ৷ এক প্ৰকাৰৰ চলন্ত যোগাসন(moving meditation) বুলি ক’ব পৰা যায় ৷ যোগ, ধ্যান, টাইচী, কালাৰিপায়াটুৰ সন্মিলনৰ দ্বাৰা জাৰিলীয়ে তৈয়াৰ কৰা অভিনয় প্ৰস্তুতিৰ ১৯৮৯ চনৰ আশে-পাশে এক দিশ লয় ৷ সময় বুজি জাৰিলীয়ে অভিনয় প্ৰশিক্ষণৰ বাবে psychophysical নাম দি ৰাইজৰ মাজলৈ উলিয়াই আনে ৷
কালাৰিপায়াটু যদিও এক সমৰকলা, শাৰিৰীকতকৈ মানসিক অন্তৰ্ভুক্তি বেছি লাগে ৷ জাৰিলীৰ কালাৰিপায়াটুৰ গুৰুৱে প্ৰায়েই কৈছিল- যিয়েই এটা শৰীৰ সঞ্চালন নকৰা কিয়; সম্পূৰ্ণ শৰীৰ ব্যৱহাৰ কৰিব লাগে৷ নিজৰ ঘামেৰে মাটিখন তিতি নোযোৱালৈকে অনুশীলন কৰিব লাগে ৷ অনুশীলনৰ প্ৰত্যাকতো সঞ্চালনৰ ৮০% মানসিক ২০% শাৰিৰীক ৷ মনৰ ৮০% নিজৰ অধিনলৈ আনি অনুশীলন কৰিব পৰাটোৱেই আভ্যন্তৰীণ শক্তি জাগ্ৰত কৰোৱাৰ মূল চাবি-কাঠি ৷ ভাৰতীয় যোগৰ দৰ্শন মতে কৰ্মসিদ্ধতা নিৰ্ভৰ কৰে শৰীৰ আৰু মনৰ সচেতনতা আৰু একাগ্ৰতাৰ ওপৰত ৷ মোক্ষ প্ৰাপ্তিৰ পথ ৷ অভিনয়ৰ সফলতা অকল শাৰীৰিক সক্ৰিয়তাতে নহয়, মানসিক সক্ৰিয়তা আৰু আধ্যাত্মিকতাৰ বলতহে অভিনেতা চৰিত্ৰৰ ওচৰ চাপে ৷ পৰিৱেশন এটাত শৰীৰ আৰু মনৰ অবিচিন্ন সংযোগ আৰু প্ৰকাশভংগীয়েহে দৰ্শকৰ মন আপ্লুত কৰে ৷
নাটক পৰিচালনৰ ক্ষেত্ৰত জাৰিলীৰ কৌশল অভিনেতা কেন্দ্ৰীক ৷ প্ৰত্যেক অভিনেতাৰ মানসিক আৰু শাৰীৰিক সাৰ্মথতা জনাৰ পাছত কাহিনী অনুযায়ী এজনে আনজনৰ প্ৰতি হৃদয়বান, সহযোগিতা আগবঢ়োৱাত গুৰুত্ব দিয়া হয় ৷ অনুশীলন শাৰীৰিক ব্যায়ামৰ দ্বাৰা আৰম্ভ হয় ৷ ইয়াৰ পিছতে আধ্যাত্মিকতাৰ দিশেৰে চৰিত্ৰ আৰু কাহিনীৰ সূক্ষ্ম অনুধাৱনৰ পিনে যায় ৷ একে সময়তে বাহ্যিকভাৱে চৌপাশৰ অভিজ্ঞতা লাভ কৰে ৷ পৰিৱেশন এটাৰ বাবে অভিনেতাৰ প্ৰস্তুতি কেনে হ’ব লাগে জাৰিলীয়ে তাক বেছিকৈ গুৰুত্ব দিছে ৷ এই দিশৰ পৰা একে পদ্ধতি এটাক ইগ’নো বাৰবাৰায়ে pre-expressive নাম দিছে ৷ বাৰবাৰায়ে চৰিত্ৰ এটা ৰূপায়ণৰ প্ৰচেষ্টাক অধ্যয়ণ কৰিছিল ৷ যিটো চৰিত্ৰ অভিনেতাজনে ৰূপায়ণ কৰিবলৈ যায়, সেই চৰিত্ৰৰ চৌপাশ, মানসিক স্থিতি আমাৰ ব্যক্তি হিচাপে সচৰাচৰ জীৱনৰ পৰা সম্পূৰ্ণ বেলেগ ৷ চৰিত্ৰৰ ওচৰ চাপিবলৈ যিখিনি প্ৰচেষ্টা হাতত লোৱা হয় তাক নাম দিছে technique; শৰীৰ আৰু মনৰ সম্পৰ্ক একাধিক সময়ৰ বাবে বিচিন্ন নোহোৱাকৈ থাকিব লাগে ৷ তেহে দৰ্শক আৰু অভিনেতাৰ সম্পৰ্কত নতুনত্ব আহে ৷ দৰ্শকে নতুন নতুন অৰ্থ বিচাৰিবলৈ সমৰ্থ হয় ৷ বাৰবাৰায়ে কোৱা প্ৰশস্ত শৰীৰ এটাৰ দৰে জাৰীলিয়ে কৈছে – সৰ্বশক্তিৰ(বাহ্যিক আৰু আধ্যাত্মিক) দ্বাৰা অভিনেতায়ে শৰীৰ তৈয়াৰ কৰিলে দৰ্শকৰ চকু অভিনেতাত নিহিত হয় ৷ এইয়া অভিনেতাৰ বাবে উচ্চতম প্ৰাপ্তি ৷ ব্ৰহ্মাৰ দৰে হাজাৰ চকু নিজৰ মাজত বিকশিত কৰা, জন্তুৰ দৰে সচেতনতা নিজৰ মাজত বিকশিত কৰি যিকোনো পৰিস্থিতিতে সচকিত হৈ থাকি চৌপাশৰ পৰিৱেশৰ লগত প্ৰতিক্ৰিয়া কৰা- এইবোৰ অভিনেতা হিচাপে মোক্ষ প্ৰাপ্তিৰ পথ ৷ একে সময়তে অভিনেতা আৰু দৰ্শক; দুয়োটা চৰিত্ৰ ৰূপায়ণ কৰিব পৰা স্তৰলৈ অভিনেতায়ে নিজক নিব লাগে ৷ শৰীৰৰ প্ৰতিক্ৰিয়াক দৰ্শকৰ সন্মুখত অতি সাধাৰণভাৱে তুলি ধৰিব লাগে; প্ৰতিক্ৰিয়াৰ প্ৰতিনিধিত্বকৰণ অভিনেতায়ে কৰিব নালাগে ৷
জাৰীলিয়ে প্ৰায় ৪০ বছৰ ধৰি কৰা অনুশীলনৰ অন্তত চাৰিওখন গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে ৷ বিভিন্ন ধৰণৰ নাটকৰ সৃষ্টী হৈছে, post dramatic textবোৰত চৰিত্ৰবোৰ সলনি হৈছে ৷ যিকোনো পৰিৱেশন এটাৰ বাবে ষ্টানিছশ্লাভিস্কিতকৈ আগলৈ গৈ চৰিত্ৰ গঠনৰ পথ দিছে জাৰীলিয়ে ৷ প্ৰশিক্ষণে অভিনেতাৰ আভ্যন্তৰীণ শক্তিক শুদ্ধ ৰূপ আৰু দিশ দি দৰ্শকৰ সন্মুখত স্বাচ্ছন্দ্য কৰি গঢ়ি তোলে ৷ দীঘলীয়া আৰু কঠিন অনুশীলন এটা প্ৰত্যক অভিনেতাৰ বাবে কৰাতো অসুবিধা হ’ব পাৰে ৷ মন আৰু শৰীৰ অনুযায়ী অভিনেতায়ে বাৰে বাৰে শৰীৰ সঞ্চালনৰ কিছুমান অনুশীলন কৰিব লাগে ৷ অনুশীলনৰ দ্বাৰা কি লাভ কৰিব বিচাৰিছে তাক লৈ এক শুদ্ধ ধাৰণা থাকিব লাগে; পৰিৱেশৰ লগত সৰ্তক আৰু নিজৰ মাজত একাগ্ৰতা থাকিব লাগে ৷ বাৰে বাৰে কৰা অনুশীলনৰ পাছত শৰীৰত শক্তিৰ উৎসবোৰ কি কি ? অভিনেতায়ে জানি উঠে ৷ লাহে লাহে শক্তিৰ ব্যৱহাৰ কেনেকৈ কৰিব লাগে জানি উঠে ৷ শৰীৰৰ মাজত সুপ্ত হৈ থকা বহুবোৰ সম্ভাৱনা, কিছুমান আচৰিত সম্পৰ্ক বাৰে বাৰে কৰা অনুশীলনৰ দ্বাৰা ওলায় আহে আৰু ভাৱনাৰ পৃথিৱীখন বহল হয় ৷ চৰিত্ৰ এটাৰ আন চৰিত্ৰ লগত সম্পৰ্কবোৰো আপোনা আপুনি উন্নত হৈ উঠে ৷ চৰিত্ৰ উপস্থাপনত গুৰুত্ব দি জাৰীলিয়ে ধ্বনি আৰু উচ্চাৰণত বহুত বেছি গুৰুত্ব দিয়া নাই যদিও শাৰীৰিক অনুশীলনৰে এক অংশ ধ্বনি ৷ ২৮ এপ্ৰিল তাৰিখে মৃত্যুবৰণ কৰা জাৰীলিৰ অভিনেতা প্ৰস্তুতিৰ কৌশল সমকালীন থিয়েটাৰৰ জগত খনৰ বাবে অতুলনীয় অৱদান ৷ অভিনেতাৰ শৰীৰ লয়ৰ ভিতৰলৈ অনাৰ পদ্ধতিয়ে বহু অভিনেতাক চৰিত্ৰ নিৰ্মাণত সহায় কৰাৰ লগতে গৱেষকসকলৰ বাবে পথ মুকলি কৰি থৈ গৈছে ৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!