ফুকনৰ জীয়েকে লাজ পালে- অংকিতা ফুকন
বিশ্ববিদ্যালয়ত চেমিনাৰ এখন হৈছে অন্য বিভাগত৷ চিনাকি দাদা এজনে মাতিলে, ময়ো দুই এটা কথা শিকিম বুলি গ’লোঁ৷ চেমিনাৰৰ শেষত ধুনীয়া ডেকা ল’ৰা এজনে মোৰ চিনাকি গৱেষক দাদাজন আৰু গৱেষক সকলক ক’লে চাহ খাই যাব, ময়ো লগতে থকা দেখি মোকো দাদাই ৰ’বলৈ ক’লে৷
ৰেষ্টুৰেণ্টত বহিছোঁ৷ মোৰ দাদাজনে তেওঁৰ অন্য লগৰীয়াক লগ পাই বেলেগ টেবুলত বহিল৷ আৰু চিট নাছিল বাবে, মোৰ সৈতে সেই ধুনীয়া ডেকাজন বহিল৷ মইতো কথকী! ওচৰত বহি থকা মানুহৰ লগত চিনাকি নোহোৱাকৈ থাকিবই নোৱাৰোঁ৷ সেয়ে মাত দিলোঁ, প্ৰথমে আপুনি বুলিলোঁ৷ সুধিলোঁ, “আপুনি কোন বিভাগৰ?”
বগাকৈ ধুনীয়া ডেকাজনে গহীনাই নিজৰ বিভাগটোৰ নাম ক’লে৷ মই এইবাৰ আকৌ ক’লোঁ৷ “মই অসমীয়া বিভাগৰ চতুৰ্থ ষাণ্মাসিক!“ তেওঁ এইবাৰ মোলৈ চালে, মিচিকিয়া হাঁহি মাৰিলে৷ মই মনতে ভাৱিলো ই নিশ্চয় দ্বিতীয় ষাণ্মাসিকৰ হ’ব৷ চিনিয়ৰ যে মই সেইবাবে কথা পাতিবলৈ লাজ বেটাৰ! ৰ’, মই চিনিয়ৰ হওঁ, লম আজি একোলা৷ ধুনীয়া ল’ৰাক কামোৰ দিয়া মজা বেলেগ৷ এই ভাৱি আপুনিৰ পৰা চিধাই তুমি তুমি কৈ ল’ৰাটোক বহুত কথা সুধি আছোঁ৷ বোলো তুমি চেকেণ্ড চেমৰ ন? নতুনকৈ আহি ভালে লাগিছে ন’ তোমালোকৰ? বিভাগৰ আমুকক চিনি পোৱা নে? ইত্যাদি৷ ধুনীয়া যুৱকে মাত্ৰ ও আ কৰি গৈছে৷ বিশেষ মাত মতা নাই৷ মই ভাৱিলো, ইমান অহংকাৰী ল’ৰা, চিনিয়ৰক সন্মান দিব নাজানে ৰ’ তোৰ ডিপাৰ্টমেণ্ট চিনিয়ৰক তোৰ বিষয়ে ঠিকচে লগাম৷ পাবি মজা!
চাহ খোৱা শেষ হ’ল, মোৰ চিনাকি দাদাজনক ধুনীয়া ডেকাজনে নাম কাঢ়ি মাতিলে আৰু ক’লে- “পইচা মই দিম, তোমালোকে নালাগে৷ কাইলৈ মোৰ ক্লাছ আছে, পিছবেলা লগ পাম তোমাক৷ “মোৰ দাদাৰ বয়স ৩১ মান হ’ব, বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ, তেওঁকে সেই বগা ধুনীয়া ডেকাটিয়ে তুমি তুমি কৈ মাতি থকাৰ বাবে খঙে উঠিল মোৰ৷ বোলো কি ল’ৰা অ’? চেকেণ্ড চেমৰ ছাত্ৰ হৈ গৱেষক দাদাক তুমি তুমি বুলি সম্বোন্ধন কৰে৷ ই কম নহয় বেটা, মই ধুনীয়া ডেকাক টেলেকাকৈ চালোঁ আৰু দাদাৰ লগত ৰেষ্টুৰেণ্টৰ পৰা ওলাই আহিলোঁ৷
বাহিৰলৈ আহি দাদায়ে মোক হাঁহি হাঁহি সুধিলে-“ঐ অংকিতা তই প্ৰফেচাৰৰ লগত কি কথা পাতিলি অ’ ইমান!“
মই দাদালৈ ভেবা লাগি সুধিলো ক’ৰ প্ৰফেচৰ? কোন প্ৰফেচৰ? দাদাই মোক হাঁহি ক’লে, “পাগলী, তই যাৰ লগত বহি চাহ খালি তেওঁ আমুক ডিপাৰ্টমেণ্টৰ নতুন শিক্ষক হয়! তোলৈ চাই তামাম হাঁহি উঠিছিল মোৰ, কি ইমান প্ৰশ্ন সুধি আছিলি চাৰক?“
মই কি ক’ম, মূৰ্চ্ছা যাবলৈহে বাকী আছিল৷ মই এম এ চেকেণ্ড চেমৰ ছাত্ৰ বুলি ভৱা সেইজন যে কোনোবা ডিপাৰ্টমেণ্টৰ শিক্ষক, সেই কথাটো জানি মই ক’লৈ যাওঁ গোপাল, কি কৰোঁ কৃপাল যেন লাগিল৷ মূৰটো ঘূৰাবলৈ ধৰিলে৷ কি আচৰিত মইটো সুধিছিলো তেওঁক- চেকেণ্ড চেমৰ নি তুমি বুলি, মোক উত্তৰত “ওম হয়“ বুলিয়ে কৈ দিলে৷ উৱা, মই কেনেকৈ জানিম আকৌ প্ৰফেচাৰ বুলি! মোৰ সমবয়সীয়া ল’ৰাৰ দৰেহে ব্যৱহাৰ কৰিলো৷ ইচ্ ইচ্ কি যে হ’ব এতিয়া! হাঁহো নে কান্দো অৱস্থা৷ মোৰ মুখ দেখি দাদাই ক’লে, “একো নহয় অ’ অংকিতা! তেওঁ ভালেই পাইছে চাগৈ, তই ছোৱালীজনীয়ে ৩০ ৰ ওপৰৰ মানুহজনক ২২ বছৰীয়া ডেকা কৰি দিলি, বেয়া পাব কোনে? মনতে ভালহে পাইছে৷ আৰু তোৰ ঘৰ ক’ত বুলিও সুধিছে৷ চিন্তা নকৰিবি তই সৰু ফুটিয়া দেখি শিক্ষক বুলি নাভাৱিলি বুলি বুজিছে তেওঁ!“
দাদাৰ কথা শুনি অলপ ধৈৰ্য্য ধৰি ফুকনৰ জীয়েক নকন্দাকৈ থাকিল আৰু শপত ল’লে, কোনো বগা ধুনীয়া ডেকাৰ লগত আগে আগে লেকচাৰ নামাৰে৷ শিক্ষকক চেকেণ্ড চেমৰ ছাত্ৰ বুলি কোনে ইমান ভুল ধাৰণা কৰিব পাৰে বাৰু ধেৎ! সিফালে সোধাতো চেকেণ্ড চেমতে পঢ়ে বুলি হয়ভৰো দিলে ঐ শিক্ষকে৷ মোৰ গাত কি ভুল কিবা! মোৰ ঘৰ ক’ত পিছত আনক সুধিছে, দেউতাক কথা নলগায়তো!
বিঃদ্ৰঃ–ইমান ডেকাল’ৰা প্ৰফেচৰ কিয় হ’ব লাগে কিবা! মোৰ গাত ভুল নাই দেই হ’লে৷