ফুটপাথ (মিতালী বর্মন )
কাঞ্চনক পঠিয়াই এতিয়া তাৰ তাইলৈ চেৰেং চেৰেংকৈ মনত পৰি আছে । বিয়া হোৱাৰ দুমাহেই নৌহওঁতেই নানা কামৰ অজুহাত দেখুৱাই আঁতৰি আহিছিল সি তাৰ মৰমৰ ঘৈণীয়েকজনীৰ ওচৰৰ পৰা । নহ’লেনো খাবই বা ক’ৰ পৰা, খুৱাবই বা কি ! কাঞ্চনেও বুজি পাইছিল বোধহয় সি বুজোৱা ধৰণে “চহৰ ৱাপচ যানা জৰুৰী হ্যায়, ৰোজগাৰ কা চাৱাল হ্যায় না” । আগৰ কথা বেলেগ আছিল, এতিয়া তাৰ লগতে কাঞ্চনৰ কথাও সাঙোৰ খাই আছে । প্রথমে সি খুব হেহো–নেহো কৰি আছিল যদিও মাক–বাপেকৰ ইচ্ছাত তাৰ অনিচ্ছা সত্বেও বিয়াত বহিবলৈ বাধ্য হ’ল । মাক–বাপেকৰ এটাই ইচ্ছা “মৰনে চে পেহলে পোতা–পোতিকো গোদমে খিলানা হ্যায় অউৰ খুব খেলনা হ্যায়”।
এমাহ পাচত খবৰ আহিল, তাৰ মাক–বাপেকৰ ইচ্ছা পূৰণ হোৱাৰ পথত । কাঞ্চনৰ খুব হেঁপাহ, তাইৰ প্রথম সন্তান চহৰৰ “আচপাতাল”ত জন্ম হওঁক । মৰমৰ মানুহজনীক ওচৰত পোৱাৰ এয়া উত্তম সুযোগ যদিও এজাক ধুমুহাহে যেন পাৰ হৈ গ’ল তাৰ মগজুৰ ভিতৰেৰে । কাঞ্চন আহিল । আহিয়েই তাৰ ঘৰখন ঘৰ ঘৰ লগা কৰি তুলিলে মানুহজনীয়ে । তর্জাৰ বেৰ দিয়া একোঠলীয়া ঘৰ । প্রিয় পুৰুষৰ মৰমত তাইৰ একোঠলীয়া ঘৰতো হেঁপাহবোৰে পাৰ নধৰা হয় । সিহে সুযোগ পালেই অন্যমনস্ক হৈ পৰে । তাইক খুব মৰমত ৰাখিব বিচাৰে সি । সিহঁতৰ চুবুৰীৰ তিৰোতাজাকে হেনো কাঞ্চনক কেইবাদিনো কৈছে “কাঞ্চন অব তুম য়েহি ৰহনা । তুমতো বহত নিখৰ গয়ী হো য়হা আনে কে বাদ । অউৰ য়হাতো তুম অপনে মৰদ কা ভি খেয়াল ৰখ চকতী হো”। তাইৰ কথাত বুকু কঁপি উঠে তাৰ । সঁচাকৈ যদি তাই ইয়াতে থাকিম বুলি কয় সদায়, কি হ’ব !!
দিনবোৰ পাৰ হৈ যায় । তাই কয় “ইতনি জল্দি ৱক্ত বীত ৰহী হ্যায়” । তাৰহে দেখোন সময়বোৰ নাযায় নাযায় যেন লাগে । তাইক সুখত ৰাখিবলৈ সি অকণো কার্পণ্য কৰা নাই । ডাক্তৰৰ দৰৱ–পাতি আনি দিয়াৰ পৰা খোৱা–বোৱালৈ সকলোতে চকু দি আছে সি । মাজে মাজে দুয়ো ‘অম্বা চিনেমা’লৈয়ো যায় । ঘৰলৈ আহি তাই নেদেখাকৈ সি তাৰ হিচাপ–নিকাচৰ জগতখনত ব্যস্ত হৈ যায় । বহী এখনত সকলোবোৰ টুকি ৰাখে । এবাৰ–দুবাৰ সাগৰৰ উচ্চতম ঢৌটোৰ দৰে তাৰ ডিঙিলৈ কিবা এটা উজাই আহে । অথচ নিজৰ মানুহজনীক মুখ ফুটাই একো ক’ব পৰা নাই সি । জানোচা তাই দুঃখ পায় !! জানোচা সিহঁতৰ সন্তানটোৰ কিবা অপকাৰ হয় !! আগতে তাৰ মাক–খুৰীয়েকহঁতে কোৱা শুনিছিল যে গা–ভাৰী মানুহৰ বাবে মানসিক চাপ ভাল নহয় । তাই সদায় ফুর্ত্তিত থাকক, অন্ততঃ সিহঁতৰ সন্তানটোৰ বাবে । একো নোকোৱাটোকেই ঠিক কৰে সি । কাঞ্চনৰ দৰে ইমান মৰমীয়াল মানুহ এজনীক জীৱন সংগিনী হিচাপে পাই সি সঁচাকৈয়ে সুখী । সিদিনা যে চিনেমা চাই অহাৰ পাচত নিশাৰ মহানগৰীত ফুটপাথটোত শাৰী পাতি শুই থকা মানুহবোৰ তাই দেখিছিল, কিমান যে দৰদ তাইৰ সিহঁতলৈ “বেচাৰে বেঘৰ” । তাইক যে সি কৈছিল “কোয়ী বাত নেহী, ইতনা বড়া খুলা আচমান, ইতনী বড়ী ধৰতী হ্যায়, তো ৱো লোগ কেইচে বেঘৰ হুৱে” । পেন্দোৱাকৈ চাই তাই কৈছিল “আপকা মজাক কৰনে কা আদত কব যায়েগা !” তাই যে তাৰ কথা অকণো বুজিয়েই পোৱা নাছিল । উভতি আহি সেই নিশা তাই তাক সাৱতি ধৰি তাৰ বুকুৰ মাজতে কুচি–মুচি শুই আছিল । যেন তাৰ বুকুতেই তাই বিচাৰি ল’ব সেই মুকলি আকাশ আৰু বিশাল পৃথিৱী । তাৰ টোপনি অহা নাছিল । এজাক ধুমুহা পাৰ হৈ যায় তাৰ মগজুৰে । জোৰকৈ সি চকুহাল মুদি দিয়ে ।
ঘৰৰ পৰা খবৰ আহিছে, কাঞ্চনৰ ‘গোদ ভৰাই’ কৰাৰ সময় হৈছে । একেবাৰে সঠিক সময় । হিচাব কৰি উলিয়ায় সি । সি যাব নোৱাৰিব । অজুহাত আকৌ একেটাই “ৰোজগাৰ কা চাৱাল হ্যায়” । কাঞ্চনক নিবলৈ তাইৰ ভায়েক আহিল । চকুৰ পানী, নাকৰ পানী একাকাৰ কৰি নৈশ বাচত কাঞ্চন গ’লগৈ । এতিয়া কাঞ্চন অবিহনে তাৰ খুব উকা উকা লাগিছে । তাই যোৱাৰ পাচতেই ঘৰৰ চাবি–কাঠি সি মন্নু ভাইক ‘চমজাই’ দিলে ।
একো কামতে তাৰ মন নবহিল । দুখ–ভাগৰত লেবেজান হৈ সি শোৱাৰ যো–জা কৰিলে । আকৌ এচাটি ধুমুহা পাৰ হৈ গ’ল তাৰ মগজুৰ ভিতৰেৰে । এয়া কি দেখিছে সি, তাৰ সন্মুখত মন্নু ভাইৰ লগত তাৰ হিচাব লিখা বহীটো হাততলৈ কাঞ্চন আৰু তাইৰ ভায়েক । “মাফ কৰনা ভাই, ভাৱী তুমচে মিলনে কী জিদ কৰ ৰহী থী”— মন্নু ভাইৰ কথাষাৰে যেন একেলগে তাৰ বাক্–শ্রৱণ আৰু দর্শনেন্দ্রীয় বিকল কৰি পেলালে । হিচাবৰ বহীটো কাঞ্চনৰ হাতত !! তাৰমানে তাই সকলোবোৰ গম পালে । এখন চাদৰ পাৰি মুকলি আকাশ আৰু বিশাল পৃথিৱীৰ আশ্রয় লোৱা সহস্রজনৰ মাজত তাক দেখিম বুলিতো তাই কেতিয়াও ভৱা নাছিল কিজানি ! সকলোবোৰ গম পালে তাই । ঘৈণীয়েকক সুখত ৰাখিম বুলিয়েইতো এইকেইদিনৰ বাবে সি মন্নু ভাইৰ ঘৰটো দিনে এশ টকা হাৰত ভাড়ালৈ লৈছিল । কিমানযে মিছলীয়া বুলি ভাৱিছে কিজানি তাক ! হঠাৎ যেন তাৰ দুচকুত ডিচেম্বৰ মাহৰ দিল্লীৰ ডাঠ কুঁৱলিৰ ছানি পৰি গ’ল । কুঁৱলিৰ ফাঁকে ফাঁকে সি দেখিলে তাইৰ মুহূর্তে মুহূর্তে বৰণ সলাই থকা সেই কাঞ্চনবৰণীয়া মুখত দুচকুৰ বিস্ফোৰণৰ জ্বালামুখী । আদ্–বাটতে যে কাঞ্চনহঁত যোৱা বাচখন নচলাহৈ থাকিল ।