ফুলকোঁৱৰ (অনিন্দিতা কলিতা)
আদিম হৃদয়খনেৰে
তুমি মোৰ প্ৰেমত পৰা
আৰু মই এৰুৱাই পেলাওঁ
মুগা বৰণীয়া পোছাকযোৰ
বুকুৰ বাগিচাৰ ফুল এপাহৰ স’তে
তুমি জুখি চোৱা
উঠন দেহত শুই থকা
মোৰ দুখনি পাহাৰ
আৰু
মই লুকুৱাওঁ তোমাক
পাহাৰৰ মাজৰ বাওধান পকা দ’-খিনিত
পিছলি পৰে এজাপ ৰাতিৰ চাদৰ
তোমাৰ নিৰ্যাসত
আৰু
মই অপেক্ষা কৰোঁ
বেলিৰ চোতালত ভৰি দিবলৈ
তুমি মোক ফুলিবলৈ দিয়া কোঁৱৰ
আৰু মই শেৱালি হৈ তোমাৰ পথত
চকুলো টুকোঁ
মৃত্যুৰে শুল্ক দিও প্ৰেমৰ
চিৰিলা-চিৰিলি কলিজাটি
নুৰিয়াই ৰ’দৰ তাপত
মই উভতোঁ
আৰু পুনৰ
পাঁচোটা ঋতুৰ বাবে তুমি
হৈ পৰা শিলত কটা এজন মানুহ।
***************************