ফেচবুকিয়া ভেম- বিক্ৰমজিত কাকতি

 ১) মনেশ্বৰ দাইটিক তেওঁৰ আগগুৰি নোহোৱা লেকচাৰৰ বাবে গাঁৱত আগতে ৰাইজে দেখিলেই দূৰতে পলাইছিল৷ এতিয়া ফেচবুক লাইভ অহাৰ পৰা তেওঁ দিনত বহুবাৰ লাইভ হৈ থাকে৷ চোৱাই চায় কিন্তু তেওঁ আজিকালি গাঁৱৰ মানুহক নমতা হ’ল, কিবা এটা বুদ্ধিজীৱী টাইপ চাল এটা দি থাকে (যদিও তেওঁ LP স্কুলৰ জপনা পাৰ হব নোৱাৰিলে)৷

২) মামণি বাইদেউৰ কথা বেলেগ৷ ফেচবুক profile ত 1700 মান Friend হৈছেগৈ৷ সেয়েহে মাজে মাজে হুমকি দি থাকে আজি বহুতকে unfriend কৰিম বুলি৷ তেওঁক খুচিবলৈ দুটামান অঘাইটঙে কয়, “বাইদেউ unfriend কৰাৰ পাছত নাম কটা যোৱা সকলৰ তালিকাখন আপোনাৰ ফেচবুক ৱালত hang কৰি দিব৷“

৩) ডাক্তৰ খুৰাই তেওঁৰ status update বোৰ সমাজৰ বাবে তামাম উপকাৰী বুলি ভাবে৷ তেওঁৰ ৰাতিপুৱাৰ update এ যদি সন্ধিয়া ১০০ ৰ ওপৰত লাইক পায় তেনেহলে হ’লেই আৰু, বসন্তহঁত গৈ তেওঁৰ ঘৰ পায়গৈ, মানে সেইদিনা দুটামান পেগ ফ্ৰীতে পাব৷

৪) ৰঞ্জনাই ফেচবুকৰ মজিয়াত লগ পোৱা বৰ্তমানৰ স্বামীক, গৃহযুদ্ধৰ সময়ত প্ৰায়েই কয়, “মইতো তোমাক Friend request পঠিওৱা নাছিলো তুমিহে মোলৈ পঠাইছিলা৷“

৫) মইনামেলতো গান গাবলৈ সুবিধা নোপোৱা জীৱনে ফেচবুকত আজিকালি গান আপলোড কৰে৷ ধৰণীহঁতৰ দৰে উচতাই জোল খোৱা সকলে কেইটামান নাৰীৰ ফেক একাউণ্টৰ পৰা তামাম জেক দি থাকে সেয়ে জীৱনে আজিকালি অনবৰতে গলত মাফলাৰ মাৰি থাকে লাগিলে আহাৰ মাহেই হওক বা পুহ মাহেই হওক৷

( চৰিত্ৰ সমূহ কাল্পনিক )

☆★☆

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!