ফে’চবুক আখ্যান (জয় চক্ৰৱৰ্তী)
– জয় চক্ৰৱৰ্তী
দত্ত দাদা, ফে’চবুকত মানুহ বেছ ‘এগেইনষ্ট ক’ৰাপ্সন’ ,
অ’ফিচ্ ফাইল লৰচৰ কৰাত দাদা পিছে বৰ ‘স্লো ম’চন’ ।
জীৱন খুৰাৰ অ’ফিচ্ টাইমত ঘণ্টাই প্রতি আপলোড্,
ছুটী হোৱাৰ পিছত বা মানুহ জন যায় ক’ত ?
পুতেকে দম দি ল’লে ‘বাজাজ্ পালসাৰ্ বাইক’,
ফে’চবুকত আপলোড্ কৰি পালে তিনিশ তিনি লাইক্ ।
আজিকালি যিহে দেখোঁ ‘ফে’ক একাউণ্ট’ ৰ দন্দ,
ফে’চবুকেও কৰিব পাৰে আমাৰ অসম বন্ধ ।
ছাত্র সকলে মোবাইল ফোনত কিবা নেট্-পেক সোমায়,
পঢ়াৰ নামত ৰাতি ৰাতি ফে’চবুকহে চায় ।
হাজাৰ ‘ফ্ৰেইণ্ড এড্’ কৰোঁতাৰ কিনো চাবা দম,
নিজকে যহাবলৈ ফে’চবুক সৰ্বোত্তম ।