ফেচবুক, ইন্টাৰনেট আৰু মই (ডা: ভূপেন্দ্ৰ শইকীয়া)
চাৰি ডিচেম্বৰ ২০০৯ তাৰিখে মই ফেচবুকত যোগদান কৰিলোঁ ৷ কেনেকৈ আহিলোঁ সমূলি মনত নপৰে ৷ কিন্তু ইয়াৰ উপযোগিতা মই এতিয়া কাটাৰত আহিহে ভালদৰে উপলব্ধি কৰিছোঁ৷ কাটাৰত আহিবৰ মোৰ বৰ্তমান ১৩ মাহ হ’ল৷ ইয়ালৈ অহাৰ আগতে নিজৰ লিখা-মেলাবোৰ ৰফ কপি কৰি ডিটিপি কৰা দোকানলৈ লৈ যাওঁ আৰু কম্পিউটাৰ চলোৱাজনৰ ওচৰত বহি শ্ৰুতলিপি দি বানানৰ ওপৰত চকু ফুৰাই যাওঁ৷ কেতিয়াবা সময় হলে শ্ৰীমতীয়ে ভাল আখৰেৰে লিখি দিলে মই ডি টি পি কৰাজনৰ ওচৰত নবহিলেও চলিছিল৷ তাত সকলোবোৰ টাইপৰ কাম ৰামধেনু লিপিৰে হয়৷ তেতিয়া ইউনিক’ডৰ বিষয়ে মই সমূলি অৱগত নাছিলোঁ৷ যোৱা বছৰৰ আগষ্টত ড’হাত ভৰি দিয়েই অফিচৰ কম্পিউটাৰত আৰু নিজৰ লেপটপত প্ৰথম এইকেইটা ব্যৱস্থা কৰিলোঁ – প্ৰথমতে অসমৰ বাতৰি কাকত কেইখন সদায় পুৱাই নিয়মীয়াকৈ পঢ়াৰ সুবিধাৰ বাবে ড০বুলজিৎ বুঢ়াগোঁহাইয়ে যুগুতাই দিয়া ৱেবপেজটো চেভ কৰি ললোঁ৷ দ্বিতীয়তে অসমীয়া ফেচবুক আৰু অসমীয়া কথা বতৰা গোটত যোগদান কৰিলোঁ৷ বেচি দিনৰ কথা নহলেও মই আজি সঠিককৈ নিজে ক’ব নোৱাৰিম কোনে মোক ইয়াৰ দিহা দিলে৷ কিন্তু অসমীয়া কথা বতৰা গোটত যোগদান কৰাৰ এমাহ নে দেৰ মাহ নৌ হওতেই মই ইউনিক’ডত আত্মবিশ্বাসেৰে অসমীয়া লিখিব পৰা হলোঁ আৰু আনকি নিজৰ বন্ধু-বান্ধৱকো লিখিবলৈ শিকাবলৈ সমৰ্থ হলোঁ৷ ইয়াৰ বাবে মোক উদগণি জগোৱা ভাতৃসম বন্ধুসকলৰ ওচৰত মই পৰম কৃতজ্ঞ ৷
দিনটোত মই দুটা শ্বিফ্টত চাৰে আঠ ঘন্টা কাম কৰিব লাগে৷ ডিউটিত থকা সময়ত মোৰ টেবুলৰ কম্পিউটাৰত সকলো সময়তে নেট চলি থাকে৷ বিভিন্ন সময়ত ৰোগীৰ,বিভিন্ন কৰ্মচাৰীৰ কোম্পানীৰ ডাক্তৰৰ, ইঞ্চিওৰেঞ্চ কোম্পানীৰ ই-মেইল আহি থাকে৷ কেতিয়াবা ৰোগৰ বা দৰবৰ বিষয়ে অধিক জানিবলৈ ইন্টাৰনেটৰ গগুল আদিৰ সহায় লবলগীয়া হয়৷ কোৱাৰ্টাৰত মই সাৰে থাকিলে ইন্টাৰনেট চলি থাকে৷ সময় বুজি অসমীয়া বাতৰিৰ ওপৰিও কেইখনমান হিন্দী টিভিৰ চিৰিয়েল চাওঁ৷ ইয়াৰ মাজতেই ফাঁকে ফাঁকে অসমীয়াত লিখা-মেলা আৰু ফেচবুকৰ চৰ্চা৷ দিনটোত এবাৰ ঘৰৰ, লগতে পৰিচিত ডাক্তৰ বা ৰোগীৰ লগত স্কাইপৰ যোগেদি বাৰ্তালাপ কৰোঁ৷ ফেচবুকৰ মাধ্যমেৰে দুটামান গোটত মোৰ ডাক্তৰী জ্ঞানৰ আৰু অভিজ্ঞতাৰ সদোপয়োগ কৰিবলৈ কিছু হলেও সমৰ্থ হৈছোঁ বুলি অনুভৱ কৰিছোঁ৷ নেট বন্ধুসকলৰ লগত চমু বাৰ্তালাপ কৰি, কেতিয়াবা ডাক্তৰী দিহা দি মই এতিয়ালৈকে কোনো আমনি পোৱা নাই৷ কিন্তু মোক হকে-বিহকে দিনে অন্তত: দুজনে টেগ কৰিলে মোৰ কি প্ৰক্টিকেল অসুবিধা হব পাৰে সেইয়া সহজে অনুমেয়৷ মই অসমীয়া কথা বতৰা গোটত এটা প’ষ্টত কথাটো ব্যক্ত কৰাত মোৰ ৱালত টেগ হোৱাতো ভালেখিনি কমি গ’ল৷ দুই এজন বন্ধুৱে ইয়াৰ বাবে মোক ভীষণ বেয়াও পালে৷ মই লক্ষ্য কৰিছোঁ অসমীয়া কথা বতৰা গোটত বিভিন্ন বিষয়ৰ জ্ঞান থকা লোকৰ অভাৱ নাই৷ ধৰ্ম,বিজ্ঞান,দৰ্শন,সাহিত্য,সংগীত,কলা,চিত্ৰশিল্পী, ফটোগ্ৰাফীৰ বিশেষজ্ঞ, সংবাদসেৱী আদি সমাজৰ প্ৰতিটো দিশৰে সম্যক জ্ঞান থকা লোক বিশ্বৰ নানা ঠাইত সিঁচৰিতহৈ আছে৷
ফেচবুকৰ অনেক ভাল উপলব্ধিৰ মাজত কিছুমান কথাই মনত বেজাৰ নিদিয়াও নহয় ৷ কেতিয়াবা বিতৰ্ক অমাৰ্জিত হৈ বেচি ব্যক্তিগত আক্ৰমণৰ পৰ্য্যায়লৈ যেতিয়া যায় – তেতিয়া শিক্ষিতলোকৰ কাজিয়া দেখি মৰ্মাহত হওঁ৷ আকৌ কিছুমান লিখনিত ধেমালিতে হলেও অশুৱনি শব্দ বা অমাৰ্জিত কথা লিপিবদ্ধ হলে দেখি বেয়া লাগে৷ ভালেমান দিন ‘ফেচবুক এৰিম’ বুলি কৈ দুই এজনে ফেচবুক ত্যাগ কৰাও চকুত পৰিছে৷ ফেচবুক ত্যাগ কৰাৰ লগে লগে সেই ব্যক্তিজনৰ ভাল-বেয়া সমগ্ৰ ৰচনাৱলী আৰু কমেন্ট ফেচবুকৰ পৃষ্ঠাৰ পৰা নোহোৱাহৈ যায়৷ এজন ব্যক্তিয়ে ফেচবুক কিয় সদায়ৰ কাৰণে ত্যাগ কৰিবলৈ বাধ্য হয় সি মোৰ কাৰণে এক চিন্তনীয় বিষয়৷ ফেচবুক বহুতৰ বাবে হয়তো মনোঞ্জনৰ আহিলা বা টাইম-পাচ মাত্ৰ ৷ কিন্তু মোৰ বাবে ই এটি অতি প্ৰয়োজনীয় আহিলা জ্ঞানবৰ্দ্ধন ওপৰিও মনোৰঞ্জনৰ লগতে বিভিন্ন জনৰ সৈতে যোগাযোগৰ৷ মই এইটোও লক্ষ্য কৰিছোঁ যে ফেচবুকৰ বিভিন্ন গোটত কিছু সংখ্যক লোক অতি সংবেদনশীল-সেয়ে কোনো ভাৱ বা মতামত ব্যক্ত কৰোতে যথেষ্ট সতৰ্কতা অৱলম্বন কৰিবলগীয়া হয়৷
মই কেতিয়াও এইটো বাঞ্চা নকৰিম যে ফেচবুকত মোৰ আচৰনে বা অভিব্যক্তিয়ে কাৰোবাৰ মনত তিলমান হলেও আঘাত দিয়ক৷ শেষত মই অতি বিনম্ৰভাবে জনাব খোজোঁ যে মোৰ ফেচবুকৰ বন্ধুসকল আৰু মোৰ লিখনিক আগ্ৰহেৰে পঢ়ি মোৰ সৈতে এক যোগসূত্ৰ অনুভৱ কৰাসকলৰ ওচৰত মই চিৰকৃতজ্ঞ৷
কেইটিমান মোৰ কবিতাৰ পংক্তিৰে এই লিখনি সামৰিব খুজিছোঁ :
নেদেখা সোণালী সূতাৰে বন্ধা মোৰ সত্তা !
মকৰাৰ সূতাৰে বন্ধা
এই ধৰাৰ ভিন্ন জনৰ আলফুল হাতৰ ৷
নেদেখা, আজিলৈ এদিনো লগ নোপোৱা
বহুবোৰ অচিনাকী মুখ হ’ল
মোৰ অতিকৈ আপোন বহু ওচৰৰ৷
হয়তোবা কোনোবাই কৰিছে অভিমান
কোনোবাই ভাবিছে অভিনেতাহে মই৷
তথাপিও অচিনা জীৱন পথত
এনেকৈয়ো পাইছোঁ সহযাত্ৰী অনেক৷
কবি মই নাছিলোঁ কাহানিও
অভিজ্ঞতাই, বিচ্ছিন্নতাই মোক শিকালে কি ব’ৰ্ডত আঙুলি বুলাবলৈ৷
মোৰ ভাল লগা আজি এখন সমাজ
ময়ে ৰচা, নেদেখা সোণালী সূতাৰে বন্ধা,
সোণালী সূতাৰে বন্ধা এখনি সমাজ !
সোণালী সূতাৰে বন্ধা এখনি সমাজ !