ফে’চবুক থকা চোৰ (জয়দীপ চক্ৰৱৰ্তী)

গুহেটী এৰি নলবাৰীত কইলতাই সকাম খাবা গেলাক,

লগত নিজৰ তিৰী আৰু ছলি মাখানোনিলাক।

তিনিদিনৰ কাৰণে কইলতাৰ ঘৰ হৈ ৰলাক খালি,

কথাটো কেম্বাকে গ’ম পাই গেলাকদাড়িয়া চোৰ আলী।

আলী চোৰে এচিছটেন্টলৈ কৰাবা আহিল থ্ৰীল,

আধা-ৰাতি কইলতাৰ ঘৰৰ ভাঙি পেল্লাকগ্ৰীল।

চাৰিটা ৰুমৰ ঘৰখেনতকইলতাৰ নিবাৰ এককেই নাই,

দাড়িয়াচোৰেও বিড়ি হুঁপি ভাৱে ই কেনে মানুহ এ ভাই।

‘পাইথাগোৰাচৰ’ সূত্ৰ মতেও কিবা এটা উত্তৰ থাকে…

চুৰ কৰবানৰলিওআলীয়ে, এচিছটেন্টক হাজিৰাটো দিবা লাগে।

ইমেন ৰাতি নিঃশব্দে গ্ৰীলভাঙাৰ কষ্ট,

এনেই যোৱা হেন পাই দাড়িয়াৰ মাথা হৈ গেলাক নষ্ট।

টেবুলৰ কোণাতকইলতাৰ তিৰীৰ লিপষ্টিকটো আছিল পৰি,

আলী চোৰেও তাকেই পকেটত নিলাক যতন কৰি।

লিপষ্টিকেৰে কইলতাৰWall ত গৰুচোৰ লিখি পেল্লাক…

কইলতাই আহি ভাবি নাপায় তাত Like বোৰ কুনিদিলাক…???

 

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Kaushik
8 years ago

val lagil

Copying is Prohibited!