“ফেচ্-লিম্” (প্ৰণৱ নাথ)

ফেচ্-লিম্ঃ এক

অসম দেশ বিষম ঠাই
জাতীয় সংগঠনেৰে আছে ঠাঁহ খাই।
অসমীয়া লিপিক বিজতৰীয়া কৰিলে
ইউনিকডেও ঘূৰি নাচালে
তথাপি কাৰো মাত নাই।।

ফেচ্-লিম্ঃ দুই

অসম দেশ বিষম ঠাই
আমাৰো যে শকতি নাই ।
অন্যভাষীয়ে ৱিকিপিডিয়াত লিখিলে
নানা সমলেৰে চহকী কৰিলে
মাথোঁ আমিবোৰেহে আছোঁ চাই।।

ফেচ্-লিম্ঃ তিনি

অসম দেশ বিষম ঠাই
বিদেশীয়ে নবচালে আমিবোৰ নাই।
খ্ৰীষ্টান পাদ্ৰীয়ে আমাক উদ্ধাৰিলে
“অৰুণোদই”-ৰে পুনৰ জিলিকালে
সেয়ে, ব্ৰনচন-ব্ৰাউন-কট্টৰৰ মুখলৈ আছো চাই।।

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!