বক্সিং আৰু বক্সিং জীৱন : চৰিফুল ইছলাম
বক্সিং আৰু বক্সিং জীৱন
চৰিফুল ইছলাম
(জীৱন ধাৰণৰ এক স্বাস্থ্যসন্মত মানদণ্ড (অন্য অৰ্থত জীৱন ধাৰণৰ শক্তি) বৰ্তাই ৰখাৰ ক্ষেত্রত খেল-ধেমালিৰ ভূমিকাও নুই কৰিব নোৱাৰি। সময় সুবিধা সুযোগ বুজি খেল-ধেমালিসমূহতো আমি অংশ লোৱা উচিত। এইক্ষেত্রত অন্যান্য খেলৰ দৰে বক্সিঙেও সৱল ভূমিকা ল’ব পাৰে।জীৱন ধাৰণৰ শক্তি (ইংৰাজীত কোৱা হয় vitality) মানে শৰীৰটোক নিৰোগী, শক্তিশালী আৰু কৰ্মঠ কৰি ৰখা। পৃথিবীত প্রচলিত অধিকাংশ খেলেই এনে এক অৱস্থাক বৰ্তাই ৰখাত যেনে ভূমিকা পালন কৰিছে তাৰ ভিতৰত বক্সিং অতি প্রাচীনতম ক্রীড়া সমূহৰ অন্যতম মুখ্য ক্রীড়া।কোৱা বাহুল্য যে পৃথিবীৰ জনপ্রিয় খেল সমুহৰ ভিতৰত অন্যতম অগ্রণী খেল হ’ল বক্সিং। সকলো প্রজন্মৰ মাজত বক্সিং খেলৰ প্রসাৰ, প্রচাৰ তথা ইয়াৰ প্রয়োজনীয়তাক সবল কৰাৰ স্বাৰ্থত আমি এই লেখাটি পঢ়ুৱৈলৈ আগবঢ়ালোঁ৷)
বক্সিং খেলৰ ইতিহাস
বক্সিঙৰ ইতিহাস অতি আমোদজনক।ইয়াৰ স’তে মানৱ জাতিৰ যোগদান অতি প্রাচীন কালৰে পৰা দিনক দিনে বৃদ্ধিপাই আহিছে। খৃষ্টপূৰ্ব ৪০০০ বৰ্ষত প্রাচীন গ্রীক সভ্যতাত (পাছলৈ ৰোমান) বক্সিঙৰ দৰে এবিধ খেলৰ বিস্তৰ প্রচলন আছিল, যাক কোৱা হৈছিল পিউগিলিজ্ম (pugilism)।সাধাৰণতে এইবিধ খেল তেতিয়া অতি নৃশংস ধৰণে খেলিছিল। খেলুৱৈসকলে মুক্ত হাতত চামৰাৰ বন্ধনীৰে এনে এক মাৰণাস্ত্র লুকুৱাই লৈ খেলিছিল যে প্রতিপক্ষ গুৰুতৰভাৱে ঘাইল হৈছিল অথবা মৃত্যুবৰণ কৰিছিল। সেইসময়ত পিউগিলিজ্ম সন্মানৰ যুঁজ হিচাপে গণ্য হোৱাও দেখা গৈছিল।
প্রাচীন ৰোমত বক্সিং খেলা লোকসকল আছিল সমাজৰ অবাধ্য হোৱা বা সমাজবিৰোধী কাৰ্য কৰা তথা গোলামী কৰা লোকসকল। তেওঁলোকে মুক্তিৰ বাবে এনে যুঁজত প্রায়ে অৱতীৰ্ণ হৈছিল, যাক অন্যসকলে উপভোগ্য খেল হিচাপে উপভোগ কৰিছিল। পাছলৈ সম্রাট অগষ্টাছে এই খেল বন্ধ কৰিলেও থিঅ’ডৰিকে সমাজ জীৱনৰ পৰা জনসাধাৰণৰ মনযোগ হ্রাস হোৱা তথা অহেতুক জনপ্রিয়তা অৰ্জন কৰাৰ বাবে ইয়াক প্রতিৰোধত দৃষ্টান্তমূলক পদক্ষেপ লৈছিল। ফলস্বৰূপে সমাজ জীৱনৰ পৰা এই খেল অলপ হ’লেও হ্রাস পাইছিল।
১৬৮১ চনত ব্রিটেইনত আলবেমাৰলেৰ ডিউকে (Duke of Albemarle) তেওঁৰ মাংস কটা কচাই (butcher) আৰু মদ বিলোৱা চাকৰ (butler)জনৰ মাজত বক্সিং প্রতিযোগিতা অনুষ্ঠিত কৰে। সম্ভৱতঃ ইয়েই আছিল প্রথম জ্ঞাত বক্সিং খেলৰ সূচনা। ১৭৪৩ চনত এখন ভয়লগা নৃশংস খেলত এগৰাকী প্রতিপক্ষ নিহত হোৱাত জেক ব’ঘটনিছে (Jack Boughtonis) বক্সিং খেলৰ এখন নিয়মাৱলী তৈয়াৰ কৰাৰ কথা গুৰুত্বসহকাৰে বিবেচনা কৰে। তেওঁৰ অহোপুৰুষাৰ্থ আৰু দিক নিৰ্দেশনাতে ১৮৬৬ চনত প্রথম বক্সিঙৰ অধিনিয়ম প্রকাশ পায়। সেয়েহে জেক ব’ঘটনিছক “বক্সিঙৰ পিতৃপুৰুষ” আখ্যা দিয়া হয়।
আধুনিক বক্সিং
বক্সিঙৰ নিয়ম-কানুন বলৱৎ হোৱাৰ পিছৰে পৰা ইয়াৰ আধুনিক যুগ আৰম্ভ হয়। লাহে লাহে এইবিধ খেলৰ উন্নতি সাধন হ’বলৈ ধৰে। ১৮৬৬ চনত কুইন্সবেৰীৰ মাৰকুৱেছে বক্সিঙৰ এখন নতুন নিয়মাৱলী প্রণয়ন কৰে, যিখনে মুখ্যতঃ আজিৰ বক্সিং-নিয়মকো প্রতিনিধিত্ব কৰিছে। নতুন অধিনিয়মখন তেওঁৰ উপাধিৰে জনাজাত হয়।নতুন অধিনিয়মত ৩ মিনিটৰ সীমিত ৰাউণ্ডতে খেল সামৰিব লগাৰ কথা উল্লেখ আছে। মাৰকুৱেছক বক্সিং খেলৰ ‘গুৰু পৃষ্ঠপোষক’ (Patron saint) হিচাপে অভিহিত কৰা হয়।অৱশ্যে কিছুমান উল্লেখনীয় পৰিবৰ্তনৰ দ্বাৰা ৩ মিনিটৰ মাৰকুৱেছ ৰাউণ্ডক পাছলৈ বক্সিং বিশ্বই আৰু অধিক সৰলীকৰণ কৰি লয়। অৱশেষত ১৯০৪ চনত বক্সিঙক ছেন্ট লুইছ গেমছত মান্যতা প্রদান কৰা হয় আৰু ঠিক এনেদৰেই সন্মানসহকাৰে বক্সিঙে পোনে পোনে একবিংশ শতিকাত খোজ পেলায়। এতিয়াৰ বক্সিং খেলবোৰত উপযুক্ত ‘ৰক্ষা বন্ধনী’ (safe gured) ব্যৱহাৰ হোৱাৰ বাবে অতি বেছি নিৰাপদ আৰু আকৰ্ষণীয় হৈ পৰিছে।ইয়াৰ ফলত আগতকৈ বেছি খেলুৱৈ বক্সিঙৰ সৈতে জড়িত হৈছে আৰু অভিভাৱকসকলেও ল’ৰা-ছোৱালীক এই খেলত অংশগ্রহণৰ সন্মতি দিয়াত দ্বিধাবোধ কৰা নাই।
বক্সিং বিশ্ব
বক্সিং খেলৰ ইতিহাসত ১৯২৭ চনত প্রথম অনুমোদিত ক্রীড়া হিচাপে জাতীয় বক্সিং সংস্থা চমুকৈ NBA (National Boxing Association) গঠন হয়। NBAৰ মুখ্য উদ্দেশ্য আছিল শ্রেষ্ঠ বিবেচিত খেলুৱৈৰ মাজত চেম্পিয়নশ্বিপৰ আয়োজন কৰা আৰু বক্সিং খেলৰ ভাল-বেয়া তথা ইয়াৰ জনপ্রিয়তা চোৱা-চিতা কৰা। বৰ্তমান বিশ্বত তিনিটা বৃহৎ বক্সিং সংগঠন আছে – World Boxing Club চমুকৈ WBC, International Boxing Federation চমুকৈ IBF আৰু World Boxing Association চমুকৈ WBA।অৱশ্যে আন্তৰ্জাতিক স্তৰত প্রথম এমেছাৰ বক্সিং সংস্থা International Amateur Boxing Association চমুকৈ IABA গঠন হয় ১৯৪৬ চনত। বিশ্বৰ তিনিগৰাকী বক্সিং কিংবদন্তী হ’ল মাইক টাইছন,মহম্মদ আলি আৰু লেৰী হোমছ।
ভাৰতত বক্সিং
ভাৰতত বক্সিং অতিকৈ উপভোগ্য খেল যদিও উপযুক্ত প্রচাৰৰ অভাৱত ইয়াৰ দৰ্শকৰ সংখ্যা বহুদিনলৈ সৰহ নাছিল। যদিও স্বাধীনতাৰ আগৰে পৰা ভাৰতত বক্সিং আৰু ইয়াৰ আনুষঙ্গিক কাৰ্যকৰ্মৰ চৰ্চা হৈ আহিছিল ( উল্লেখ্য যে ১৯২৫ চনত বম্বে প্রেচিডেন্সী এমেচাৰ বক্সিং ফেডাৰেচন গঠন হৈছিল ) ১৯৪৯ চনতহে ভাৰতীয় এমেচাৰ বক্সিং ফেডাৰেচন চমুকৈ IABF গঠন হয় বক্সিং আৰু ইয়াৰ প্রয়োজনীয়তাক জনসাধাৰণৰ মাজত প্রসাৰ তথা প্রচাৰৰ স্বাৰ্থত। ফেডাৰেচনৰ তৎপৰতাতে ভাৰতত বক্সিঙে লাহে লাহে নতুন মাত্রা পাবলৈ ধৰে যদিও ই যথেষ্ট নাছিল। যিসময়ত অন্য খেলত খেলুৱৈৰ অংশগ্রহণ চকুতলগা আছিল সেইসময়ত বক্সিং ক্ষেত্রখনত নামমাত্র বক্সাৰে কছৰৎ কৰিছিল। এনে অৱস্থাত ভাৰতত বক্সিঙৰ ভৱিষ্যতক লৈ সকলো সন্দিহান হৈ পৰিছিল।অৱশ্যে জোনাকী পৰুৱাৰ জিলমিলনিৰ দৰে সেইসময়তো কেইগৰাকীমান ভাল বক্সাৰে ভূমুকি মাৰিছিল।ইয়ে ভাৰতত বক্সিঙৰ জনপ্রিয়তাক বৰ্তাই ৰখাত সহায়ক হৈছিল।
IBAFৰ আশাসুধীয়া চেষ্টা আৰু উদ্যোগৰ বাবে লাহে লাহে দেশৰ বহু ঠাইলৈ বক্সিং বিয়পি পৰিল। ইবিলাকৰ ভিতৰত পশ্চিম বঙ্গ, বম্বে, মাদ্রাজ, মধ্য প্রদেশ, হায়দৰাবাদ, ৰেলৱেজ আৰু এয়াৰৱেজ আদি।এতিয়া এই ফেডাৰেচনৰ অধীনত ৰাষ্ট্রীয় পৰ্যায়ত চিনিয়ৰ, জুনিয়ৰ, ছাৱ-জুনিয়ৰৰ লৰা,ছোৱালী,পুৰুষ,মহিলাৰ বক্সিং চেম্পিয়নশ্বিপ নিয়মিয়াকৈ হৈ আহিছে। কেইগৰাকীমান আন্তৰ্জাতিকভাৱে খ্যাতি লভা তাহানিৰ বিখ্যাত বক্সাৰ হ’ল হাৱা সিং,ডিংকো সিং, মহঃ আলি ওমৰ আদি। উল্লেখ্য যে হাৱা সিঙে ১৯৬১ চনৰ পৰা ১৯৭২ চনলৈকে মুঠ এঘাৰবাৰ ভাৰতৰ ৰাষ্ট্রীয় চেম্পিয়ন হৈছিল। ১৯৮৯ চনত ১১ বছৰ বয়সত ছাৱ-জুনিয়ৰ খেলি ৰাষ্ট্রীয় চেম্পিয়ন হোৱা ডিংকৃ সিঙে ১৯৯৮ চনৰ বেঙ্কক এচিয়ান গেমছত সোণৰ পদক লাভ কৰি ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনে। আনহাতে কলকাতাৰ মহঃ আলি ওমৰে মানচেষ্টাৰ কমনৱেল্থ গেমছত প্রথম সোণৰ পদক অৰ্জন কৰে। প্রণিধানযোগ্য যে ভাৰতৰ এই তিনিগৰাকী কিংবদন্তী বক্সাৰে পাছৰ কালত ভাৰতৰ উদীয়মান বক্সাৰসকলক বাৰুকৈয়ে প্রভাবান্বিত কৰে।
কোৱা বাহুল্য যে ভাৰত বক্সিঙৰ জগতত এতিয়াও সম্পুৰ্ণকৈ জিলিকি উঠা নাই।এতিয়ালৈ কোনো এটা ওজন বৰ্গতে ভাৰতে এজনো বিশ্ব চেম্পিয়ন পাবলৈ সক্ষম হোৱা নাই যদিও এছিয়ান গেম্ছ আৰু কমনৱেল্থ গেম্ছত নিয়মিয়াকৈ মেডেল অৰ্জন কৰি আহিছে। ২০০৬ চনৰ কলম্বো ছেফ গেমছত ভাৰতীয় বক্সাৰে চাৰিটা সোণৰ মেডেল পায়। আনহাতে ২০০৬ চনৰ ডোহা এচিয়ান গেমছত ভিজেন্দাৰ সিঙে ব্রঞ্জ মেডেল লাভ কৰে। ২০০৭ চনৰ নভেম্বৰত ভাৰতৰ এম চি মেৰী কমে এছিয়ান গেম্ছত শ্রেষ্ঠ বক্সাৰ সন্মান লাভ কৰাৰ লগতে একেৰাহে তিনিবাৰ জিকি হেটট্রিকো অৰ্জন কৰে। ২০০৮ চনৰ বেইজিং অলিম্পিকত ভাৰতৰ বিজেন্দাৰ সিঙে ৭৫ কেজি (Middleweight) শাখাত ব্রঞ্জ মেডেল পাই ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনে। এই অলিম্পিকতে অখিল কুমাৰ আৰু জীতেন্দ্র কুমাৰে কোৱাৰ্টাৰ ফাইনেল পৰ্যন্ত পাইছিল। ২০০৮ চনৰ বক্সিঙৰ বিশ্ব চেম্পিয়নশ্বিপত অখিল কুমাৰ, জীতেন্দ্র কুমাৰ, এ.এল লাক্ৰা আৰু দীনেশ কুমাৰ প্রত্যেকেই একোটিকৈ ব্রঞ্জ মেডেল পায়। মধ্যমবৰ্গ শ্রেণীত(৭৫ কেজি) বৰ্তমান বিজেন্দাৰ কুমাৰ এক উন্নত স্থানত আছে৷
চলিত বৰ্ষৰ লণ্ডন অলিম্পিকত (২০১২) ভাৰতৰ পৰা কেইবাগৰাকীও বক্সাৰে প্ৰতিনিধিত্ব বিজেন্দাৰ সিং (৭৫ কেজি), শিব থাপা (৫৬ কেজি), মহিলা বক্সিঙৰ পাঁচবাৰৰ বিশ্ব চেম্পিয়ন এম চি মেৰী কম, বিকাশ কিশান (৬৯ কেজি), সুমিত ছাংৱান (৮১ কেজি),মনোজ কুমাৰ (৬৪ কেজি), জয় ভগৱান (৬০ কেজি) আৰু এল দেৱেন্দ্র সিং (৪৯ কেজি)। ইয়াৰে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম গৰাকী বক্সাৰ হিচাপে ব্ৰঞ্জৰ পদকেৰে মেৰী কমে এই অঞ্চলৰ লগতে দেশলৈ সুনাম কঢ়িয়াই আনিছে৷
অসমত বক্সিং
অসমত বক্সিঙৰ চৰ্চা আৰু ইয়াৰ খেল আয়োজনেৰে উপভোগৰ বাট কটা হয় যোৱা শতিকাৰ আশী দশকৰ আৰম্ভণিৰেপৰাহে। পিছে তেতিয়া ই স্থানীয়ৰূপত সীমিত থকাৰ লগতে কোনোধৰণৰ সংঘবদ্ধ গোটত জড়িত নাছিল।১৯৭৯ চনত অসমত প্রথম ‘অসম এমেচাৰ বক্সিং সংস্থা’ চমুকৈ AABA গঠন হয় আৰু অ’ত ত’ত সিঁচৰতি হৈ থকা সৰু সৰু বক্সিং গোটবোৰক একত্রিত কৰে। উল্লেখ্য যে AABAৰ বাহিৰে ৰাজ্যখনৰ অন্য ক্রীড়া সংগঠনৰ দৰে আজিৰ তাৰিখলৈকে বক্সিঙৰ কিন্তু একাধিক সংগঠন নাই। সংস্থাটোৰ প্রতিষ্ঠাপক সভাপতি, সম্পাদক আছিল ক্রমে বাবুল চক্রৱ্তী আৰু চাদেক খান। AABA গঠন হোৱাৰে পৰা অসমে এক চমকপ্রদ কৃতিত্ব তথা পাৰদৰ্শিতাৰ যাত্রাৰ আৰম্ভণি কৰাতো প্রণিধানযোগ্য।
১৯৮০ চনত প্রয়াত মনি সিঙে ৰাষ্টীয় পৰ্যায়ত ব্রঞ্জ মেডেল লাভ কৰি অসম বক্সিঙৰ জয়যাত্রা মুকলি কৰে। ইয়াৰ পাছত অসমৰ বহু প্রতিভাবান বক্সাৰে আত্মপ্রকাশ কৰে, যিসকলে ৰাজ্য কিম্বা ৰাষ্ট্রীয় পৰ্যায়ত আশাপ্রদ ফল দেখুৱায়।১৯৯০ চনৰ পাছত অসম বক্সিঙে নতুন মাত্রা পায়।২০০৮ চনত প্রথমবাৰৰ বাবে অসমৰ গুৱাহাটীত বক্সিঙৰ এচিয়ান গেমছ অনুষ্ঠিত হয়। এই ক্ষেত্রত AABAৰ বৰ্তমানৰ সাধাৰণ সম্পাদক হেমন্ত কুমাৰ কলিতাই উল্লেখ কৰে “ই আছিল আমাৰ জয়যাত্রাৰ অন্যতম মাইলৰ খুটি। ১৯৪৭ চনৰ পাছত এইখনেই অসমত অনুষ্ঠিত হোৱা যিকোনো ক্রীড়াৰ প্রথম আন্তৰ্জাতিক গেমছ”।উল্লেখ্য যে শ্রী কলিতা সেইসময়তো সংস্থাৰ সাধাৰণ সম্পাদকৰ দায়িত্বত আছিল। মুঠ ১৩খন দেশে অংশগ্রহণ কৰা এই প্রতিযোগিতাত চীনা প্রথম, ভাৰত দ্বিতীয় আৰু ডি পি আৰ কোৰিয়া তৃতীয় হয়। গৌৰৱৰ কথা এয়ে যে গুৱাহাটী এচিয়ান গেমছত তিনিচুকীয়াৰ যুৱতী কল্পনা চৌধুৰীয়ে শ্রেষ্ঠ বক্সাৰৰ খিতাপ অৰ্জন কৰে। অসমৰ মহিলা বক্সিং জগতৰ অন্য কেইগৰাকীমান প্রতিভাৱান বক্সাৰ হ’ল প্রণামিকা বৰা, জাহ্নৱী গগৈ, প্রতিভা কছাৰী আদি। অসমৰ পৰা আন্তৰ্জাতিক বক্সিং খেলালৈ যোৱা প্রথম বক্সাৰগৰাকী হ’ল মৰাণৰ চাণক্য গগৈ। আনহাতে আন্তালিয়া তুৰ্কীত ২০১০ চনত অনুষ্ঠিত ‘বিশ্ব যুৱ বক্সিং চেম্পিয়নশ্বিপ’ত অসমৰ মিনু বসুমতাৰীয়ে সোণৰ আৰু ফাইলু বসুমতাৰীয়ে ব্রঞ্জৰ পদক লাভ কৰি অসমক গৌৰৱাম্বিত কৰে। অলিম্পিক খেলিবলৈ যোৱা ৫৬ কেজি শাখাৰ যুৱ বক্সাৰ ১৮ বছৰীয়া শিৱ থাপা অসমৰ প্রথমগৰাকী অলিম্পিয়ান বক্সাৰ। তেওঁ অলিম্পিকলৈ যোৱা ভাৰতৰ সৰ্বকণিষ্ঠ খেলুৱৈ৷