বগলী আৰু শিয়াল (অনুৰাধা বৰুৱা)
বগলী আৰু শিয়ালৰ সাধুটো মনত আছে নহয় সকলোৰে? বগলীয়ে যে শিয়ালক খাবলৈ মাতি নি ঠগন দিছিলে! সেই যে এদিন শিয়ালে বগলীক খাবলৈ মাতি এখন মেলাহী থালত চুৰুহা খাবলৈ দি বগলীৰ ৰং চাইছিল৷ আকৌ বগলীয়ে যে শিয়ালক মাতি চুঙাৰ দৰে পাত্ৰত খাবলৈ দি প্ৰতিশোধ লৈছিল……মনত আছে নহয়? সেই শিয়ালটোৰে নাতি আৰু বগলীটোৰ নাতিনীৰ কাহিনী…তাহাঁত দুটাৰ মাজটো বন্ধুত্ব হ’ল৷ মাজে সময়ে তাহাঁতে ককাক আইতাকে ইটোৱে সিটোক ঠগোৱাৰ কথাও পাতে৷ সিহঁতে কেতিয়াও তেনে ধৰণৰ কাম নকৰে বুলি শপতো খায় মাজে মাজে৷ লাহে লাহে বন্ধুত্ব গভীৰ হ’ল৷ এদিন বগলীজনীয়ে শিয়ালক নিজৰ ঘৰলৈ দুপৰীয়া খাবলৈ মাতিলে৷ শিয়ালে বৰ উৎসাহেৰে যাম বুলি ক’লে৷ পেটে পেটে কিন্তু ঠগ খায় বুলি ভয়ো আছিল৷ সেয়ে সেইদিনাই সন্ধিয়া সি আন তাৰ এটা বন্ধু বান্দৰকো লগ ধৰিলে বান্ধৱীৰ ঘৰলৈ ৷ কিন্তু বান্দৰে অনিমন্ত্রিত অতিথি হৈ যাবলৈ বেয়া পালে৷ সি বন্ধুক থোৱা আৰু অনাৰ দ্বয়িত্ব ললে৷
কথামতে পিছদিনা দুপৰীয়া শিয়ালে চকুত ছানগ্লাছ মূৰত হেলমেট পিন্ধি বান্দৰৰ বাইকৰ পিছফালে বহি বগলীৰ ঘৰ পালগৈ৷ দুৱাৰমুখৰপৰাই বান্দৰে বিদায় ললে৷ খোৱাৰ সময় হোৱা বাবে বগলীয়ে শিয়ালক চিধাই খোৱা মেজলৈকে লৈ গ’ল৷ দুটি সুন্দৰ সৰু মুখৰ দীঘলীয়া পাত্রত চুৰুহা পৰিবেশন কৰা হ’ল৷ শিয়ালে কামিজৰ জেপৰপৰা এডাল ষ্ট্র উলিয়াই ধুনীয়াকৈ আটাইখিনি চুৰুহা খালে৷ খোৱা বোৱা শেষ কৰি বহুত ধৰণৰ কথাও পাতিলে৷ জিৰাই শতাই উঠি সন্ধিয়া হোৱাত শিয়ালে মবাইল ফোনেৰে বান্দৰ বন্ধুক মাতি দিলে৷ তাৰপিছত বন্ধুৰ বাইকত উঠি শিয়ালে বগলীক বাই বাই দি গুচি গ’ল৷