বগা সাজৰ জোন (কংকণ কলিতা)

বগা সাজৰ জোন

কংকণ কলিতা



অর্ধ নিশা জোনৰ
বুকুত হেনো বাজে
নৈ পৰীয়া চিফুঙৰ
বহু মধু সুৰ,
মলয়াই হেচুকি
বাউলী কৰে
আধা খোলা চুলি,
তথাপি নপৰে শাঁত
ঘাঁ লগা উদং বুকু…
নিশাৰ পখীৰ কুৰুলিত
মাতাল হয় জোনাক,
বুকোচাত টোপাল টোপাল
নিয়ৰ সাবতিও
চেঁচা নপৰে ধৰণী…
আকৌ মাক হোৱাৰ সপোণে
আকুহি বিদির্ণ কৰে হাতিপটী…
সপোনে সপোনে পুৱতি
হেৰায় যায়
নৈ পৰীয়া জোনাক,
গোপণে সৰি পৰে
চোতালৰ শেৱালী,
লুকাই পৰে সকলো
দেহৰ আপদিয়া
বগা সাজ যোৰত…

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!