বগা ৰং ভালপোৱা মানুহজন -(অচ্যুত কৃষ্ণ হাজৰিকা)

বগা ৰং ভালপোৱা মানুহজন
—————————————-
অচ্যুত কৃষ্ণ হাজৰিকা৷

ৰাতিপুৱাৰ সময়৷ মানুহজন বাৰাণ্ডাতে বহি আছে৷ শেৱালি ফুলবোৰে পদূলিটো বগা দলিচাযেন কৰি পেলাইছে৷ সোণালী ৰঙৰ চশমাৰ ফাঁকেৰে মানুহজনে চাই ৰয় পদূলিটো৷ একেই… একেই বগা ৰং৷ তেওঁৰ দাঢ়ি-চুলিবোৰো একেই বগা৷ অৱশ্যে শেৱালিৰ ৰং বগা যদিও সেয়া যৌৱনৰ ৰং৷ শেৱালি সদায় গাভৰু৷ শৰৎ সদায় উদ্দাম প্ৰেমিক শেৱালিৰ৷ নিয়ৰে চুই স্নিগ্ধ কৰি তোলে শেৱালিক৷ মানুহজনেও পুৱা খোজকাঢ়ে নিয়ৰসৰা ঘাঁহনিত৷ পিছে বেছি সময় নিয়ৰবোৰ গচকিলে তেওঁৰ পানীলগা হয় বুলি ভয় কৰে৷ কোনেও কোৱা নাই৷ মনৰ ভয়৷
: “ককা! অ’ ককা! ক’ত আছানো৷ ” – নাতিয়েকে মাতিছে ককাকক৷ মানুহজনৰ চকুহাল হঠাৎ শেৱালি ফুলৰ আগটোত ওলমি থকা নিয়ৰৰ টোপালটোৰ দৰে জিলিকি উঠিল৷
: “উফ্ ককা! ইমান মাতি আছো তুমি ইয়াত বহি আছা৷ ”
: “হেঃ হেঃ৷ কিয়নো বিছাৰি আছ মোক৷ মই পুৱা ইয়াতে বহি ভাল পাওঁ অলপ সময়৷ সেয়ে বহিছো৷”
: “কিনো চাই আছা বহি বহি৷”
: “নাই এনেই অ’ জুৰি৷ চাচোন পদূলিটো কি ধুনীয়া লাগিছে৷ একেবাৰে বগা৷ পৱিত্ৰ৷ স্নিগ্ধ৷”
: “অ তোমাৰ চুলিখিনিৰ নিচিনা৷ হিঃ হিঃ৷”
: “ধেই! ধেমালি কৰিছ? হেৰ’ এয়া বয়সৰ চাপ৷ জীৱনৰ অভিজ্ঞতাৰ হিচাপ৷ পোৱা-নোপোৱা, সুখ-দুখৰ এডাল এডাল সাক্ষী৷”
: “ককা তুমি পকা চুলিবোৰ ইমান ভাল পোৱা? শৰ্মা বৰ্তাক দেখিছা৷ তোমাতকৈ ইমান কম পকা চুলি৷ তথাপি ৰং কৰি কৰি ক’লা কৰি ৰাখে৷ তুমি আকৌ বগা কৰিহে ৰাখা৷ বগা ইমান ভাল পোৱা নে?”
মানুহজন হঠাৎ জিকাৰ খাই উঠিল৷ বগা ৰং! এৰা… তেওঁ বগা ৰং ভাল পায় নেকি? তেওঁ শেৱালিৰে ভৰা বগা পদূলিটো চাই ভাল পায়৷ বগা চুলিখিনিৰ কথা কৈ ভাল পায়৷ কিন্তু বগা ৰঙে তেওঁৰ কলিজাত দিয়া ঘাঁ টুকুৰা? সেয়া কেনেকৈ পাহৰিব পাৰে তেওঁ?
মানুহজনে উচুপি উঠিল৷ বুকুখনেৰে ঘৰ্-ঘৰ্ শব্দ এটা ওলাই আহিল৷ বিষাই উঠিল বুকুখন৷ তেওঁ অনুভৱ কৰিলে নাতিয়েকে তেওঁৰ বুকুত হাত দিছে৷
: “ককা! ককা! কি হৈছে! ককা!”
উচুপি উচুপি তেওঁ নাতিয়েকৰ হাতখন খামুচি ধৰিলে৷
: “মই বগা ৰং ভাল নাপাওঁ জুৰি! তই ভুল নুবুজিবি৷ মই বগা ৰং ভাল নাপাওঁ! মই… মই বেয়া পাওঁ বগা ৰং! মই ভয় কৰো বগা ৰং মাজনী…”
: “ককা! ককা! উফ্ চাওঁ৷ উঠকচোন৷”
মানুহজন হঠাৎ হচকিত হৈ উঠিল৷ অহ্ এয়াচোন নীতুমণিহে৷ বৃদ্ধাশ্ৰমটোৰ কৰ্মী৷
: “ককা৷ কি সপোন দেখিছিল আপুনি? ইমান ভয় খাইছিল যে? আৰু কি বগা ৰং ভাল নাপাওঁ বুলি কৈ আছিল… ৰ’ব মই পানী এগিলাছ আনি দিওঁ আপোনাক৷ ”
মানুহজনে ঘন ঘনকৈ উশাহ ল’লে৷ ঘামি গৈছে তেওঁ৷ বিছনাৰ গাতে লাগি থকা খিৰিকিখনৰ পৰ্দাখন টানি দিলে তেওঁ৷ বাহিৰখন শেৱালি ফুলবোৰে বগা কৰি ৰাখিছে৷ থিক যেন বগা দলিচা৷ নহয় নহয়! দলিচা নহয়৷ মৰা মানুহৰ গাত দিয়া বগা কাপোৰখন… হয় বগা মৰচেঁওৰাখন৷ সৌৱা বগা কাপোৰখনেৰে ঢকা তেওঁৰ পৰিয়ালটো৷ জুৰি, জুৰিৰ মাক, জুৰিৰ দেউতাক – তেওঁৰ একমাত্ৰ ল’ৰা শান্তনু৷ হয়! গাড়ীখনো বগা ৰঙৰে আছিল৷
মানুহজনে চকুহাল মুদি পুনৰ বাগৰি পৰিল বগা বিছনাচাদৰ পাৰি থোৱা বিছনাখনত৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Copying is Prohibited!