বগীপেহীৰ চাদৰ ফাটিল (পৰাগ পিংকু)

আগকথাঃ
মামণি জীয়েক মাজনীৰ বিয়া
(
খেৰৰ জুমুঠি দুটাত ভৰি থৈ
দুৱাৰৰ সিপাৰে বহি থকা মাজনীক
পাণেৰে দৈয়ণ দিয়াই লৰ দিলে বগীপেহী
বাহিৰ ফুৰিবৰ …)

তামোল এটা কুন্দালি বহি আছে বগীপেহী
আগফালৰ দাংডালত ওলমি আছে
মামণি বাৰীৰ জেওৰাত লাগি
চেৰেককৈ দুহাত ফটা 
নীলা আঁচু দিয়া 
একমাত্ৰ পোচাকী চাদৰখন
কি পিন্ধি যায়
কি পিন্ধি যায় এতিয়া
বিয়াত চাগেহুৱাদুৱা
বগীপেহী নাই
বগীপেহী নাই

মাখনীক তাঁতবাতি কৰি দি
চাদৰ পালে দুখন
এখন পুৰণী হৈ তিয়ণী
পোচাকী বুলি এখনেই

আখৈ ফুটোৱা
মুড়ি ভজা
পকামিঠৈ বন্ধা 
সকলোতে বগীপেহী কাজি
চাদৰ ফাটিল বিয়ালৈ কেনেকৈ যায় আজি 
খাৰ দি ধুই মাৰ দি খমখমীয়াকৈ
গাৰুৰ তলত জাপি থোৱা চাদৰখন ফাটিল?

জল ভৰি যশোদা জলত গংগাই নাচিছে
তাৰমানে পানী তুলিলেই
বগীপেহী নোযোৱাকৈয়ে?
“…
মঙ্গল চাই টেকেলী থোৱাহে…”
বগীপেহীয়ে ঢৰফৰায়
এতিয়া চাদৰ এখন পায় 
তপায়

মাজনী গাভৰু হোৱাৰে পৰা
বগীপেহীৰ একেটা কথা
তোৰ বিয়াত মই কুলাবুঢ়ী নাচিম
দহোটা টেকেলী একেলগে ভাঙিম
আৰু এতিয়া সেইজনী মাজনীৰ বিয়া
যাবলৈ বগীপেহীৰ চাদৰ নাইকিয়া 
কিহেৰে শাঁত পেলাই 
কিহেৰে শাঁত পেলাই হিয়া

জনক ৰজাৰ ঘৰে আজি কৰে কন্যাদান …”
কোনেও আহি খবৰ এটা লোৱা নাই
বিয়ানাম পেহীয়ে অকলে অকলে আওঁৰা

ভ্ৰম নে দিঠক
ভ্ৰম নে দিঠক
কলৰ তলত সৌৱা লাগিছে উথপথপ
দৰা আহিল দৰা আহিল
কলীয়া তুলসীজুপি চকলীয়া পাত
যজ্ঞত বহি ৰামচন্দ্ৰই জলত দিছে হাত…” 
দুধাৰে বৈছে চকুৰ পানী
ৰভাৰ তলত মাজনী
ঘৰৰ বাঁহৰ চাঙত বগীপেহী

ফটাচাদৰখন ওলমি থাকিল 
বগীপেহী কপাল চপৰিয়াই বহিল
ইমান নিলগী
ইমান এলাগী হয়নে কোনোবা
হামৰাও কাঢ়ি যাৰ বাবে দিন পাৰ কৰে
সি যে গন্তিতে নধৰে 
আচলতে নিলগী মানুহৰ 
কোনো দিনে লগেই নাথাকে 
কাৰ দোষ 
মাটিৰ?
নে পানীৰ?
চাদৰ ফলা জেওৰাৰ দেওনাখন?
বৰপোনাৰ বাপেক?
অকালতে নিলগী কৰি যোৱা 
আচলতে ঈশ্বৰ
নিলগী কৰা ঈশ্বৰ
এলাগী কৰা ঈশ্বৰ
নিঃস্ব কৰা ঈশ্বৰ

দুৱাৰদলিত বহি বহি চকুলো বোৱাই
বগী

Leave a Reply

Your email address will not be published. Required fields are marked *

Copying is Prohibited!