বগৰীৰ গুৰিৰে সৰু মাছৰ চৰ্চৰি (মনীষা বড়া হালৈ)

 

বগৰীৰ গুৰিৰে সৰু মাছৰ চৰ্চৰি

উপকৰণঃ

১) ভাঙোন বা বৰিয়লা মাছ ৬জনী

২) বগৰীৰ গুৰি ৬চামুচ

৩) মিঠাতেল ৩চামুচ

৪) সৰিয়হ ১চামুচ

৫) কেঁচা জলকীয়া ৩টা

৬) জিৰা গুৰি আধা চামুচ

৭) হালধি আধা চামুচ

৮) নিমখ সোৱাদ অনুযায়ী
প্ৰণালীঃ

প্ৰথমতে মাছত নিমখ-হালধি সানি ল’ব। কেৰাহীত তেল গৰম কৰি মাছকেইজনী আধা ভজা কৰি ল’ব। সেই তেলতে সৰিয়হ ফুটাই বগৰীৰ গুৰিখিনি পানীত মিলাই দিব। তাতে নিমখ, হালধি, জিৰাগুৰি আৰু জলকীয়া দিব। উতল আহিলে মাছকেইজনী দিব।

৫মিনিটৰ পাছত নমাই পৰিৱে‍শন কৰিব।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!