বঞ্চনাৰ ইতিহাস (ধীৰাজ জে লহকৰ)
বঞ্চনাৰ ইতিহাস
সংগ্ৰামৰ সৈতে অসমীয়া জাতিৰ সম্পৰ্ক অতি পুৰণি। গোমধৰ কোৱঁৰ আৰু পিয়লি বৰফুকনে আৰম্ভ কৰা বিদ্ৰোহৰ ধাৰণাটোক মণিৰাম দেৱানে মূৰ্ত ৰূপ দিব বিচাৰিছিল জাতীয় পুঁজি গঠনৰ প্ৰচেষ্টাৰে। পথৰুঘাট, ফুলগুৰি, ৰঙিয়া আৰু বিভিন্ন অঞ্চলৰ কৃষক ৰাইজে নিজাববীয়াকৈ বিদ্ৰোহ কৰিছিল বিদেশী শাসনৰ বিৰুদ্ধে। বিংশ শতিকাত সেই পৃথক অসমীয়া স্বতন্ত্ৰ সত্ত্বাক জীপাল কৰি ৰখাৰ চেষ্টা চলাইছিল অম্বিকাগিৰী ৰায়চৌধুৰী, জ্ঞাননাথ বৰা, মহেন্দ্ৰনাথ ডেকা ফুকনৰ দৰে নিৰ্ভীক জাতিয়তাবাদী সকলে। জ্ঞাননাথ বৰাই আজিৰ পৰা প্ৰায় ৯০ বছৰ পুৰ্বেই যুক্তিসহকাৰে মুকলি মন্তব্য আগবঢ়াইছিল, অসমে কিয় ভাৰতবৰ্ষৰ পৰা ওলাই আহি স্বাধীন ৰাষ্ট্ৰ হিচাপে নিজৰ অৱস্থিতি ঘোষনা কৰিব লাগে। এইখন অসমৰ অস্তিত্ব নিঃশেষ কৰি পাকিস্তানৰ অন্তৰ্ভুক্তিৰ প্ৰস্তাৱো খাৰিজ কৰিবলৈ আমাৰ এচাম নেতাই অশেষ কষ্ট কৰিব লগা হৈছিল। ব্ৰিটিছৰ গ্ৰুপিং আচনিয়ে বংগ আৰু অসমক একেটা গ্ৰুপত সামৰাৰ ফলত অসমৰ অস্তিত্ব লোপ পাব পাৰে বুলি অসম কংগ্ৰছৰ নেতৃত্বই ঘোৰ প্ৰতিবাদ জনোৱা সত্বেও ক্ষমতাৰ বাবে উদগ্ৰিৱ হৈ পৰা সৰ্বভাৰতীয় নেতৃত্বই কাণসাৰেই নকৰাত গোপীনাথ বৰদলৈয়েও “তেনেহলে অসম স্বাধীন হ’ব” বুলি গুজৰি উঠিছিল। আজাদ হিন্দ ফৌজৰ দিল্লী চলো অভিযান আৰম্ভ হোৱাৰ সময়ত গোপীনাথ বৰদলৈয়ে যোৰহাট কাৰাগাৰত স্বাধীন অসম ৰাষ্ট্ৰ গঠনৰ আঁচনি হাতত লৈছিল। এই বিক্ষোভৰ বাবেই ঘাইকৈ কংগ্ৰেছৰ সৰ্বভাৰতীয় নেতৃত্বই অৱশেষত গ্ৰুপিং আঁচনি অনিচ্ছাসত্বেও বৰ্জন কৰিবলগীয়া হৈছিল। বৰদলৈদেৱে তাৰ পাছত স্বাধীন অসমৰ আহ্বান দিয়া নাছিল। ১৯৪৬ চনৰ ষোল্ল জুলাই তাৰিখে অসম বিধানসভাই এই বুলি প্ৰস্তাৱ আগবঢ়াইছিল যে, অসমৰ বাবে সুকীয়া সংবিধান অসমবাসী ৰাইজৰ প্ৰতিনিধি সকলেহে প্ৰণয়ন কৰিব, বাহিৰৰ পৰা জাপি দিয়া সংবিধান অসমে গ্ৰহণ নকৰে। ষাঠিৰ দশকত সেই বিদ্ৰোহী চেতনাকে আনুস্থানিক ৰূপত উলিয়াই অনাৰ প্ৰচেষ্টা চলাইছিল অসমৰ যুৱছাত্ৰ সমাজে। জন্ম হৈছিল লাচিত সেনাৰ। ১৯৬৮ চনৰ ২৬ জানুৱাৰী তাৰিখে গুৱাহাটীত গণৰাজ্য দিৱস বৰ্জন কৰা প্ৰতিবাদী ৰাইজৰ সন্মুখত মহেন্দ্ৰনাথ ডেকা ফুকনে ঘোষনা কৰিছিল, অসম স্বাধীন নহ’লে ৰক্ষা নাই। মুঠৰ ওপৰত স্বাধীন অসমৰ প্ৰসংগটো অসমীয়াই অতীজৰে পৰাই বিভিন্ন সময়ত উত্থাপন কৰি আহিছে। ইয়াৰ গ্ৰহনযোগ্য কাৰণো নথকা নহয়।
অসমীয়াই আজিলৈকে একোৱেই সংগ্ৰাম অবিহনে লাভ কৰা নাই। আনকি নিজৰ প্ৰাপ্যখিনিৰ বাবেও অসমীয়াই কঠোৰ সংগ্ৰাম কৰিব লগা হৈছে। ব্ৰহ্মপুত্ৰৰ দলঙৰ পৰা তেল শোধানাগাৰলৈকে সকলো অসমীয়াৰ প্ৰৱল সংগ্ৰাম আৰু চৰম ত্যাগৰ প্ৰতীক। দিল্লীৰ চৰকাৰখনেও তাহানিৰে পৰাই সদায় অসমক মাহী আইৰ চকুৰে চাই আহিছে বুলি বিভিন্ন সময়ত বিভিন্ন মহলত এই সম্বন্ধে অনেক সমালোচনা প্ৰত্যালোচনা হৈ আহিছে। ইংৰাজৰ সময়ত ৩৬ বছৰে (১৮৩৬-১৮৭৩) অসমীয়া ভাষাক অসমৰ স্কুল-আদলতৰ পৰা আঁতৰাই ৰখাৰ সেই ষড়যন্ত্ৰৰ বিৰুদ্ধে কোনো ভাৰতীয় স্বাধীনতা সংগ্ৰামীয়েই মাত মতা নাছিল। কিয় অসমৰ সৈতে অতীজৰে পৰা এনে বৈষম্যমূলক স্থিতি লোৱা হৈছিল তাৰ কাৰণ লাগিলে যিয়েই নহওঁক, কিন্তু এই অৱহেলা আৰু অনগ্ৰসৰতাৰ বোজা অসমে আজিলৈকে কঢ়িয়াব লগা হৈছে। কেন্দ্ৰস্থিত চৰকাৰখনৰ এই অৱহেলা ভাৱৰ প্ৰবল প্ৰতিবাদো অসমীয়াই সময়ে সময়ে কৰি আহিছে। ষাঠিৰ দশকত অসমীয়া ভাষাক লৈ হোৱা ভাষা আন্দোলনে এসময়ত অতি ভয়ানক ৰূপ লোৱা দেখা গৈছিল। শ-শ ছাত্ৰ-ছাত্ৰী এই আন্দোলনত স্ব-ইচ্ছাৰেই জপিয়াই পৰিছিল৷ এই আন্দোলনতে ১৯৬০ চনৰ ৪ জুলাইৰ দিনা ৰঞ্জিত বৰপূজাৰী কটন কলেজৰ নিজ হোষ্টেলৰ ১১৩ নম্বৰ কোঠাৰ সন্মুখতে পুলিচৰ নিৰ্বিচাৰ গুলিত ঢলি পৰিছিল৷ ৰঞ্জিত বৰপূজাৰীয়েই আছিল অসম ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ৷ ইয়াৰ পিছতো অনেক যুৱকে অসমীয়া ভাষাৰ বাবে নিজৰ প্ৰাণ আহুতি দিলে৷ এই আন্দোলনৰ সমান্তৰালভাৱে বৰাক উপত্যকাৰ শিলচৰটো বাংলা ভাষা ৰক্ষাৰ বাবে আন্দোলনৰ সৃষ্টি হয়৷ এই আন্দোলনতো অনেক বাংলা নৰ-নাৰীয়ে নিজৰ ভাষাৰ বাবে প্ৰাণ আহুতি দিলে৷ ফলত এদিন সংগ্ৰামৰ অন্ত পেলাই একেখন ৰাজ্যৰে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যাকাত অসমীয়া আৰু বাংলা ভাষাই চৰকাৰী ভাষাৰ মর্যাদা পালে।
ইয়াৰ পাছতে আহিল অসম আন্দোলন। আশীৰ দশকত হোৱা এই আন্দোলনৰ যোগেদি অসমীয়াই কেন্দ্ৰস্থিত চৰকাৰখনক তীব্ৰ চাপ প্ৰয়োগ কৰাত সফল হৈছিল। বিদেশী বিতাৰণৰ লগতে তেল, চাহপাত আৰু অন্যান্য সম্পদৰ ওপৰত চলা অবাধ লুন্ঠন প্ৰতিৰোধ কৰাৰ তথা মাটিৰ ওপৰত জনগণৰ অধিকাৰ সাব্যস্তকৰণ ইত্যাদি দাবীসমুহৰ ওপৰত আলোচনাৰ মজিয়াত আহিবলৈ কেন্দ্ৰীয় চৰকাৰক বাধ্য কৰা হৈছিল। যদিও স্বাধীনতাৰ আগৰে পৰা অবৈধ বিদেশী প্রব্রজনৰ প্রশ্নটো উঠি আহিছিল তথাপি অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ আন্দোলন ৰূপে পৰিচিত এই বিদেশী বিতাৰণ আন্দোলনেহে সেই সময়ত সমগ্ৰ বিশ্বৰ দৃষ্টি অসমৰ ফালে ঢাল খুৱাইছিল। অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনৰূপে জনাজাত এই আন্দোলনৰ প্ৰতি সৰহভাগ অসমীয়াৰেই সমৰ্থন আছিল তথাপি ৮৫৫ জন শ্বহীদৰ তেজেৰে ৰাঙলী এই আন্দোলনে অসমীয়া সমাজখনক একগোট কৰাৰ সলনি কালক্ৰমত ছিন্ন ভিন্নহে কৰা দেখা গ’ল। সেই আন্দোলনকাৰী অসমবাসীৰ সাহস, সততা, দেশপ্ৰেমক ব্যৱহাৰ কৰি এচামে ক্ষমতাৰ জখলা বগালে। জন্ম হ’ল অসম গণ পৰিষদ নামৰ আঞ্চলিক শক্তিৰ। অসম চুক্তিৰ দৰে এখন ত্ৰুটিপূৰ্ণ চুক্তি স্বাক্ষৰ কৰি সমুহ অসমবাসী ৰাইজলৈ দুৰ্ভাগ্য কঢ়িয়াই অনা হল। IIT, AGBBP, Bridge, কলাক্ষেত্ৰ স্থাপন ইত্যাদিক অসম চুক্তিৰ কৃতকাৰ্যতা হিচাপে বহুতে ক’ব বিচাৰে যদিও সুক্ষ্মভাৱে বিশ্লেষণ কৰিলে গম পোৱা যায় যে এই চুক্তি স্বাক্ষৰৰ দ্বাৰা অসম আন্দোলনৰ প্ৰকৃত লক্ষ্য আৰু উদ্দেশ্য ফুটুকাৰ ফেনত পৰিণত হ’ল, কাৰণ আন্দোলনৰ মূল উদ্দেশ্য আছিল বিদেশী সমস্যাৰ সমাধান কৰাটোহে যিটোৰ আজিও সমাধান নহ’ল। ভাৰত−বাংলাদেশৰ মাজত কোনো ধৰণৰ দ্বিপাক্ষিক বৈঠক অথবা চুক্তি নোহোৱাকৈ অসমৰ বাংলাদেশী অনুপ্ৰৱেশকাৰী সকলক ক’লৈ পঠিয়াব বুলি প্ৰশ্ন নকৰি আন্দোলনৰ নেতৃত্বই অসম চুক্তিত কিয় স্বাক্ষৰ কৰিলে তাৰ উত্তৰ আজিও পোৱা নগ’ল। অসম চুক্তিৰ অসাৰতা বুজি পাই চুক্তি স্বাক্ষৰিত হোৱাৰ পিচদিনাই নিবাৰণ বৰাই প্ৰতিবাদ কৰিছিল, পিছে ক্ষমতাৰ লালসাত পৰি নিবাৰণ বৰাৰ দৰে ব্যক্তিকো এচামে একাষৰীয়া কৰিলে। অসম আন্দোলন যদি ব্যৰ্থ হ’ল সেয়া এচাম ক্ষমতালোভী, অদূৰদৰ্শী লোকৰ বাবে হ’ল। কৰিমগঞ্জ, ধুবুৰীৰ আন্ত:ৰাষ্ট্ৰীয় সীমাৰ সিপাৰে বাংলাদেশীক থৈ আহিয়েই যদি অসমৰ অবৈধ বিদেশী নাগিৰকৰ সমস্যা সমাধান কৰিব খোজা হৈছিল, সেয়া অদূৰদৰ্শিতাৰ বাহিৰে আন একো নহয়।
আন্দোলনৰ সময়চোৱাতেই অসমত বন্ধ সংস্কৃতিয়ে মূৰ দাঙি উঠিলে যাৰ কৱলৰ পৰা আজিও আমাৰ সমাজ মুক্ত হ’ব পৰা নাই। এসময়ৰ গনতান্ত্ৰিকভাৱে কৰা প্ৰতিবাদৰ মাধ্যম আজি অসমত এক অপসংস্কৃতিত পৰিণত হৈছে। যি আৱেগেৰে অসম আন্দোলনত আন্দোলনকাৰী নেতৃত্বই লাখে লাখে লোক সমবেত কৰাইছিল, হয়তো সেই আৱেগ আজিও আছে কিন্তু সকলোৰে পৰাই বিশ্বাসঘাটকতাহে লাভ কৰা অসমীয়া ৰাইজৰ আজি হয়তো সকলো দল সংগঠনৰ প্ৰতিয়ে বিতৃষ্ণা জন্মিছে ৷ আছুৰ দৰে জাতীয় সংগঠনৰ প্রতিও সাধাৰণ মানুহৰ আস্থা কমি আহিছে৷ কিহৰ কাৰণে হৈছে সেই বিষয়ে সম্ভৱ আছুৰ শীৰ্ষ নেত্ৰবৃন্দই মোতকৈ ভালকৈয়ে অৱগত, গতিকে মই সেই বিতৰ্কলৈ যাব খোজা নাই কিন্তু এইটো ঠিক যে আজিকালি অসমৰ ৰাইজৰ, বিশেষকৈ আজিৰ প্ৰজন্মৰ চকুত আছুৰ দৰে এটা জাতীয় সংগঠনৰ প্ৰতিচ্ছবি বিহু পতাৰ তাগিদাত চান্দা দাবী কৰি ফুৰা কেইজনমান যুৱকৰ সংগঠন ৰূপেহে প্ৰকাশ পাইছে যিটো আমাৰ মুঠেই কাম্য নহয়। আমি জানো যে আছুৰ মহত্ব আমাৰ সমাজত কি, সেয়ে সদৌ অসম ছাত্ৰ সন্থাই মোৰ সমালোচনাক ধনাত্মক দৃষ্টিৰে লৈ যাতে জাতীয় সংগঠনটোৰ আৰু অসমৰ ৰাইজৰ মাজত চিঙি যাব খোজা যোগসূত্ৰডাল ৰক্ষা কৰাৰ তৎকালে ব্যৱস্থা লয় তাৰে কামনাৰে। ৹৹৹৹জয় আই অসম৹৹৹৹
(টোকা: লেখাটো ড৹ হীৰেণ গোহাঁই, কনকসেন ডেকা, পৰাগ দাস প্ৰমূক্ষে কেইবাজনো লেখকৰ কিতাপৰ পৰা পোৱা তথ্যৰ সংমিশ্ৰণ।)