বড়ো গাঁৱত এটা ভাল লগা দিন -( বিতোপন গগৈ)
বিহু-বিহুগীত-বিহুমঞ্চ-হিন্দীগান-জুবিন-পাপন বিতৰ্কৰ পৰা আঁতৰিএখন বড়ো গাঁৱত এটা ভাল লগা দিন
-বিতোপন গগৈ
~~~~~~~~~~~~~~~~~~~~~~
বিহু বুলি পৰহি দাদা এজনৰ ঘৰত ফুৰিবলৈ ওলালো। এই দাদাজন মানে আমাৰ গিৰিন্দ্ৰদাৰ লগত দাদাতকৈও বন্ধুত্বৰ সম্পৰ্কহে বেছি! বয়সত অলপ ডাঙৰ বাবেহে দাদা বুলি কওঁ। এই গিৰিন্দ্ৰদাৰে অসম-নাগালেণ্ড সীমান্তৰ চিচুপানীৰ ঘৰলৈ ওলালো বিহু খাম বুলি। চিচুপানী, মানে এইচিচুপানীৰে জয়পুখুৰীৰ পাৰত যোৱা ২২ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈছিল বড়ো সাহিত্য সভাৰ অধিবেশন। গতিকে অনুমান কৰিব পাৰিছেই চাগে যে এইটো এটা বড়ো অধ্যুষিত অঞ্চল। তাৰ মাজতেই আছে দাদাহঁতৰ দৰে কেইঘৰমান অবড়োলোক। আমি শুনি থকাৰ দৰে ইয়াৰ বড়ো-অবড়োৰ মাজত নাই হেনো কোনো অশান্তি। পকা ৰাস্তা হৈছে যদিও একেবাৰে নিভাঁজ গাঁও, এটা ভাল লগা পৰিবেশ। এফালে নগা পাহাৰ, এফালে দৈয়াং নদী। এইকেইদিন টিভি, ফেচবুক আনকি প্ৰায় সকলো মানুহৰ মুখতে মাত্ৰ বিহু মঞ্চত হিন্দী গান, জুবিন-পাপন বিতৰ্কই চকু-কাণ ঘোলা কৰাৰ সময়তে এইবিলাকৰ পৰা আঁতৰি মোবাইল নেটৱৰ্ক ভালদৰে নোপোৱা এনে সুন্দৰ ঠাইখনলৈ গৈ যিকণ সময় কটাই আহিলো তাতকৈ কিন্তু লগত লৈ আহিলো বহুত ভাল লগা অভিজ্ঞতা। দাদাহঁতৰ ঘৰত বিহুৰ জলপানখাই চোতালতে আড্ডা দি থাকোতে আহিল সৰু সৰু ছোৱালীৰ জাক এটা। বিহু মাৰিবলৈ আহিছে বুলি ভাবিছিলো যদিও সিহঁতে নাচিলে বাগড়োম্বা। বৰসুন্দৰ কৈ পৰিবেশন কৰিলে। মই কেমেৰাটো উলিয়াই ফটো কেইখনমান তুলিলো। নাচৰ শেষত দাদাহঁতৰ মায়ে শৰাই দিওঁতে “তুমি চিত্ত” গাই বৰ সুন্দৰকৈ আৰ্শীবাদ দিলে। তাৰ পাচত মায়ে সিহঁতক পিঠা খাবলৈ দিলে আৰু এই চেগতে সিহঁতৰ লগত কথা পাতি জানিব পাৰিলো যে দলটোত অকল বড়ো ছোৱালীয়েই নহয়, লগতে চুতীয়া-বিহাৰী-নেপালী ছোৱালীও আছে। সকলোৱে একেলগে মিলি ঘৰে ঘৰে বাগড়োম্বা নাচি ফুৰিছে। আকৌ সিহঁতৰ গ্ৰুপ ফটো ল’লো, খুব ফুৰ্তি পালে। কেইজনীমানে লাজ কৰিলে; ফটো নুঠিলে। ভিতৰুৱা গাঁওখনৰ বিভিন্ন জাতি-উপজাতিৰ এইকণ-কণ ছোৱালীকেইজনীৰ মিলাপ্ৰীতি দেখি ভাল লাগিল। সন্ধিয়া গিৰিন্দ্ৰদাৰ ভনীয়েক ৰুমীয়ে পেহীয়েকৰ ঘৰত ফুৰাবলৈ লৈ গ’ল। জয়পুখুৰীৰ পাৰে পাৰে বড়ো সাহিত্য সভা অনুষ্ঠিত হোৱা পথাৰখনৰমাজেৰে। পেহীৰ ঘৰত গৈহে জানিব পাৰিলো তেওঁ এগৰাকী বড়ো মহিলা। তেওঁৰ ভাই-ভনী নথকাৰ বাবে সৰুতে গিৰিন্দ্ৰদাৰ দেউতাককে ককায়েক হিচাপে মানিছিল আৰু আজি সেই সম্পৰ্কই দাদাহঁতৰ পেহা-পেহী পৰ্যায় পাইছেগৈ। দুগৰাকী বড়ো আৰু অবড়োৰ মাজৰ এইসম্পৰ্কৰ কথা জানি বহুত ভাল লাগিল। সকলোৰে যদি এনে সম্পৰ্ক থাকিলহেঁতেন! গিৰিন্দ্ৰদাহঁতৰ এইসম্পৰ্ক পুৰুষে পুৰুষে বৰ্তি থকাৰ কামনা কৰিলো। পেহীৰ ঘৰত আমাক তিলপিঠা, নাৰিকলৰ লাড়ু আৰু বৰা চাউলৰ সান্দহ জলপানেৰে আপ্যায়ন কৰিলে। পেটভৰি আছিল যদিও তেওঁলোকৰ এনে আপ্যায়নৰ বাবে উৎসাহতে তেওঁলোকে বেয়া পাব বুলি আমি জলপানখালো। তাতে বহি থাকোতেই পদুলিৰে খিলখিলাই সোমাই আহিল এজাক বড়ো গাভৰু। ভাবিলো, বাগড়োম্বা নাচিব। কিন্তু মেখেলা-চাদৰ পিন্ধা গাভৰুজাকে আৰম্ভ কৰিলে “দেউতাৰ পদুলিত গোন্ধাইছে মাধুৰী”। তাৰপাচত গায় গ’ল এটা এটাকৈ কেইবাটাও ন-পুৰণিবিহুগীত। বড়ো গাভৰুৰ এই বিহু উপভোগ কৰি বুকুখন একেবাৰে কেনেবা কেনেবা লাগি গৈছিল। এহাতে গৰ্বত বুকুফুলি গৈছিল, আনহাতে ধিক্কাৰো জন্মিছিল। এইবাৰৰ বিহুৰ এইবিশেষ দিনটো মোৰ বাবে চিৰস্মৰণীয় হৈ ৰ’ব। অবড়ো-বড়োৰমাজৰ এই ককাই-ভনীৰ সম্বন্ধ, বড়োৰ বিহু নাচ আৰু অবড়োৰ বাগড়োম্বা বিয়পি পৰক সমগ্ৰ অসম জুৰি…..।