কবিতা বতাহ (উৎপল হাজৰিকা) August 14, 2013 0 Comments বতাহ ১) তেওঁৰ আঁচলত জোন এটা দুহাতত সপোন ২) মেঘালী চুলিৰ ফুটুকীয়া ছোৱালীজনী সপোনৰ ৰাণী ৩) লাহি আঙুলিবোৰে বতাহ ফালে বুকুত জোৱাৰ ভাটা ৪) তাই আহে সুবাস ভাঁহে কঁপে সেউজীয়া ৫) নূপুৰ পিন্ধা ভৰিদুখন বোকাত থলেও লহপহকৈ বাঢ়ে জীৱন