বন্ধাকবি-বিলাহীৰে বৰাহৰ মঙহ (উচ্চজিৎ কলিতা)

 

 

 

 

 

 

 

 

 

(সতৰ্কবাণী: সদায় লাইসেন্স থকা দোকানৰ পৰা আৰু শীতলীকৰণ যন্ত্ৰত ৰখা গাহৰি মাংসহে কিনিব। আমি বহুতেই ভবাৰ দৰে গাহৰিত থকা ফিটাপেলু উতলালে নমৰে, মৰে “ডীপ ফ্ৰীজত” ৰাখিলে)

 

উপকৰণ:

১) ১ কিলোগ্ৰাম গাহৰিৰ মাংস (মজলীয়া টুকুৰা, ২০% মান চৰ্বী থকা)

২) মজলীয়া আকৃতিৰ বন্ধাকবি আধাফাল (সৰু আকৃতিৰ হ’লে এটা – ২৫০ গ্ৰাম মান)

৩) বিলাহী ২-৩ টা

৪) আদা ১.৫ ইন্সি

৫) নহৰু ১৫-২০ ফোটা

৬) পনৰু ২-৩ টা

৬) খৰিছা ২৫ গ্ৰাম

৭) কেঁচা জলকীয়া ৪-৫ টা (জ্বলা বেছি খাই ভাল পালে ১টা ভোট জলকীয়া)

৮) ৩ চাহ-চামুচ ৰিফাইন তেল

৯) ধনিয়া পাত ১০০ গ্ৰাম

১০) নিমখ সোৱাদ অনুযায়ী

১১) পানী ২৫০ মি:লি:

 

মাংস খিনি ধুই পানী সম্পূৰ্ণকৈ নিজৰিবলৈ দিয়ক। প্ৰেছাৰ কুকাৰটো জুইত বহুৱাই দি পানী শুকালে দুটুকুৰা গাহৰিৰ চৰ্বী উতলিবলৈ দিয়ক। ভাল চৰ্বী হ’লে ৩ মিনিটমানত গলি প্ৰায়খিনিয়ে জুলীয়া তেল হ’ব। এতিয়া গোটেইখিনি গাহৰিৰ মাংস আৰু মিহিকৈ কুটা/খুন্দা খৰিছাখিনি কুকাৰটোত বহাই ঢাকনি মাৰি ৩ টা সুহুৰি যাব দিয়ক। পানী নিদিব কুকাৰত।

 

মাংসখিনি সিজি সুহুৰি যোৱালৈ ৰৈ থকা সময়খিনিত আদা-নহৰু বঁটি লওক। পনৰুকেইটা মিহিকৈ কাটি লওক। বন্ধাকবিফাল যিমান পাৰে মিহিকৈ কাটি লওক। বিলাহীকেইটা মিক্সি থাকিলে সম্পূৰ্ণকৈ চেপি গলাই লওক, মিক্সি নাথাকিলে সৰু সৰুকৈ কাটি লওক। (হালধি ব্যৱহাৰ নকৰিব এইটো প্ৰণালীত)

 

এতিয়া কেৰাহীত ৩ চাহ-চামুচ ৰিফাইন তেল গৰম হ’বলৈ দিয়ক। তেল গৰম হ’লে কাটি থোৱা পনৰু আৰু জলকীয়া ৰঙচুৱা হোৱাকৈ ভাজক আৰু তাৰ পিছত বন্ধাকবিখিনি বহাই দি লৰাই থাকক। অলপ ভজা গ’লে আদা-নহৰুৰ মিশ্ৰণখিনি দি অলপ লৰাই কিছুসময় কম জুইত ভাপত সিজিবলৈ দিয়ক।

 

এতিয়া মাংসখিনি কুকাৰৰ পৰা উলিয়াই ভাজি থকা বন্ধাকবিৰ লগত কেৰাহীটোত বহাই দিয়ক আৰু হেতাৰে লৰাই থাকক দুইমিনিটমান। এতিয়া মাংসখিনিত জোখমতে নিমখ দি বিলাহীৰ ৰসখিনি বাকি দিয়ক আৰু ভালকৈ হেতাৰে দুই-তিনি মিনিটমান লৰাই থাকক। এতিয়া কেৰাহীত ঢাকোন দি কম জুইত ১০ মিনিট সিজিবলৈ দিয়ক। মাজে মাজে চাই থাকিব যাতে তলীত লাগি নধৰে। ১০ মিনিট পিছত ঢাকোন খুলি আকৌ হেতাৰে ৪ মিনিটমান তল-ওপৰ কৰি লৰাই দিয়ক যাতে গোটেইখিনি ভালকৈ মিহলি হয়।

 

এতিয়া ২৫০ মি:লি: পানী বাকি দি বেছি জুইত মুকলিকৈ ১০ মিনিট উতলিবলৈ দিয়ক তাৰ পিছত ঢাকোন মাৰি দি ১৫ মিনিটমান কম জুইত ভাপত সিজিবলৈ দিয়ক। নমোৱাৰ ৫ মিনিট আগত কুটি থোৱা ধনিয়া পাতখিনি দি দিয়ক।

 

এতিয়া ঢাকনি মাৰি জুই নুমাই দিয়ক। ১৫ মিনিট পিছত পৰিৱেশন কৰক। পঞ্জাৱৰ বাচমতী অথবা অসমৰ আইজুং চাউলৰ ভাতৰ লগত খাই চাওক। আমি খাই ভাল পালোঁ।

 

————————————————————-
সাহিত্য.অৰ্গৰ “খাদ্য-বিশেষ” সংখ্যাৰ লগত সংগতি ৰাখি নিজৰ স্বাস্থ্য সুৰক্ষাৰ লগতে তথা দেশৰ আইন-কানুন ভংগ নহ’বলৈ তলৰ কথা কেইষাৰ বিধিসন্মত সতৰ্কীকৰণ হিচাপে অনুগ্ৰহ কৰি মন কৰিব।

ছাগলী কিনোঁতে খাদ্য-পৰিদৰ্শকৰ মোহৰ মৰা আছে নে চাই ল’ব। গাহৰি কিনোঁতেও একেদৰে খাদ্য-পৰিদৰ্শকৰ মোহৰ চোৱাটো আৱশ্যক। লগতে বয়সটোও। লাইচেন্স নথকা দোকানৰপৰা গৰু-গাহৰি-ছাগলী-মূৰ্গী একো নিকিনিব। সুৰা আদি পিবলৈ হ’লে সদায় “ড্ৰিংকিং লাইচেন্স” লগত ৰাখিবলৈ নাপাহৰিব। দোকানৰ পৰা ৰিচিপি ৰান্ধিবলৈ কিনা যিকোনো বস্তুৰ বাবেই কেশ্ব-মেমো বিচাৰিব। ইয়াৰ অন্যথা আপুনি কোনো ৰিচিপিৰ বাবে বস্তু যোগাৰ কৰোঁতেই  বিভিন্ন আইন ভংগ কৰা হয়, সেয়ে সম্পাদকৰ ফালৰপৰা এই বিধিসন্মত সতৰ্কীকৰণ যোগ কৰি দিয়া হ’ল। এই ৰিচিপিবোৰ চেষ্টা কৰিবলৈ গৈ কোনো ব্যক্তি আইনমতে দোষী সাব্যস্ত হ’লে তাৰ বাবে সাহিত্য.অৰ্গক দায়বদ্ধ কৰিব নোৱাৰিব।
—————————————————————

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!