বন্ধুত্বৰ ওপৰত এখন আনকাট ৰচনাঃ হৰ এক ফ্রেন্দ জৰুৰী হোতা হে (- বিকাশ দাস)

স্কুলীয়া জীৱন
এই শব্দটোৰ এক বিশেষ অৱদান আছে আমাৰ প্রত্যেকৰে জীৱনত। বন্ধুত্বৰ চিনাকি হৈছিল স্কুলৰ মজিয়াত, সেই মজিয়াখনত বন্ধুত্বৰ এনাজৰীডাল খুব সুন্দৰভাৱে গঢ় লৈ উঠিছিল। বুজি উঠিছিলোঁ এজনে আনজনক । লাহে লাহে আমি ডাঙৰ হ’লো । এটি এটি নতুন সাফল্য লাভ কৰি আমি কেইজনমান বন্ধু আমাৰ অঞ্চলতোৰ মাজতে এতিয়া অদৃশ্য হৈ পৰিলোঁ। স্কুলৰ হাঁহি-ধেমালি কৰা, একেলগে টিফিন খোৱা, ছাৰৰ গালি খোৱা, এজনৰ দুখত আন এজনে সমভাগী হোৱা এইসকলোবোৰ ঠিকেই চলিছিল। কিন্তু আচৰিতভাৱে মেট্রিক পৰীক্ষা দিয়াৰ পিছত কোন ক’লৈ গ’ল একো পাত্তায়ে নাপালোঁ। এজন দুজন আজিকালি ফেচবুকত দেখা যায়। কিন্তু সিমান এটা সক্রিয়ভাৱে নাহে ফেচবুকত। ৪৩ জন ছাত্র-ছাত্রীৰ মাজত এতিয়া মাত্র ৩ জনী ছোৱালী ক্রমে— প্ৰীতি, ভাস্বতি, অৰুনিমা আৰু ২ জন লৰা বন্ধু ক্রমে অনুপম, ভবেশৰ লগত হে সম্পর্ক আছে মোৰ। বাকী ৩৮ জন ছাত্র-ছাত্রী ক’লৈ গ’ল বা ক’ত আছে মই অজ্ঞাত ।

কলেজীয়া দিন
স্কুলখন এৰি কলেজত ভৰি দিলো । ইয়াতো লগ পালোঁ বিভিন্ন ঠাইৰ বিভিন্ন বন্ধু ।সম্পূর্ণ ২টা বছৰ আন্তৰিকতা বাঢ়ি আহিল । ইয়াতেই বিছাৰি পালো মোৰ ভাল বন্ধু মুকুট ।তাৰ ঘৰ আনন্দবজাৰত আছিল। হোষ্টেলত খুব জমিচিল আমাৰ বন্ধুত্ব। লগতে জিন্তু শর্মা, ধ্রুব, মানস, অৰূপ, অৰূপ (বকাসুৰ), জ্যোতিময়, সঞ্জীব, ভিলেন পাঠক, মৃণাল দাস আদি বহুত ভাল বন্ধু আছিল। ছোৱালী বন্ধু খুব কমেই আছিল কলেজত ।শুনিলে হয়তো হাঁহিব আপোনালোকে। তথাপিও নন্দিতা, নিবেদিতা, বর্ণালী ,স্বপ্না এইকেইজন মোৰ বন্ধুৰ তালিকাত আছিল। খুব জমনি আছিল গোটেই ক্লাচটোৱে৷
ফেচবুকীয়া জীৱন
এই জীৱনতো হ’ল অন্য এটা দিশ। বন্ধু তাকো গোটেই অসমৰ, ভাৰতৰ লগতে ফৰেইনাৰ কেইজনো আছে বন্ধুৰ তালিকাত । আজিৰ দিনতোলৈ ৫৯৫ জন বন্ধু আছে। ২০০৯ ত ফেচবুকলৈ আহিছিলোঁ। তাৰ পিছত যাত্রা আৰম্ভ হৈছিল বন্ধুত্বৰ সন্ধান। এই যাত্রাত সহযোগ কৰিছে কেইবাজনো বন্ধুৱে। কেইবাজনো দাদা, বাইদেউ, ভাইটি- ভনটি, স্কুলীয়া, কলেজীয়া বন্ধু-বান্ধৱ বিছাৰি পালোঁ। বাংগালোৰত ফেচবুকৰ জৰিয়তে লগ পালো এজন দাদা, নাম বিদ্যুৎ। তেওঁ মোৰ ভাল বন্ধু হৈ পৰিছে। লগে লগে অসম চচায়তিৰ সদস্য হলো ফেচবুকৰ জড়িয়তে। আৰু দুজনমান বন্ধু পালোঁ, অলকেশ দা, পুলকেশ শর্মা, কল্লোল দা (দোস্তি), উৎপল দাইত্যাদি। নিজৰ পঢ়ি থকা কলেজখনত বিছাৰি পালো মালায়ালম, কানাড়া, নেপালী, ইৰাকী, মণীপুৰী আদি বন্ধু। এওঁলোক মোৰ ফেচবুকৰ তালিকাত বিৰাজমান এতিয়া ।
নিজৰ অনুভুতি
বন্ধুত্ব কৰিলোঁ বহুতৰ সৈতে; কিন্তু সেই বন্ধুৰ মাজত অপকাৰ কৰা বন্ধুও বিছাৰি পালোঁ।কিছুমান বন্ধু দেখিলো আনৰ ভাল দেখিব নোৱাৰে, আনৰ সুখত বাধা দিয়ে, ঘৰিয়ালৰ চকুপানী টুক । সেই ফেক মাইন্দ থকা বন্ধুৰ নামত কলংক কেইজনমান বন্ধুক মই জীৱনৰ পৰা Ctrl + all + dlt কৰি দিছোঁ। শেষত সকলো বন্ধুৰে মংগল কামনা কৰি মই মোৰ ভাষণৰ সামৰণি মাৰিলোঁ ধন্যবাদ …

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!