বন্ধ খিৰিকীৰ গান –জয়ন্ত আকাশ বৰ্মন
বন্ধ খিৰিকীৰ গানঃ
__________________
অৱশেষত সি সত্যটো স্বীকাৰ কৰিবলৈ দেউতাকৰ কাষলৈ আহিল।
-“দেউতা, ওপৰৰ ৰূমলৈ ব’লা। তাতেই থাকিবা।”
“নালাগে, ইয়াতেই ভাল। ইয়াৰ পৰা নিজৰাটোৰ কুলু-কুলু ধ্বনি শুনি মনত শান্তি লাগে।”
“নিজৰা?”-সি অন্ধ দেউতাকৰ কোঠাটোৰ খিৰিকীখন খুলি চালে, পৌৰ নিগমৰ ভগ্ন ড্ৰেইনটো বৈ আছে।
তেনেহ’লে খিৰিকীখন নোখোলাই ভাল।-সি কোঠাৰ খিৰিকীখন স্থায়ীভাৱে খিলি লগাই থ’লে।
_________________________________
ঋতুমতী ঈশ্বৰঃ
______________
পাহাৰীয়া মন্দিৰটোৰ কাষৰ নৈৰ পানীখিনি ৰঙচুৱা হৈ উঠিল। দেৱী ৰজস্বলা হ’ল, ভক্তসৱ অধীৰ উত্ৰাৱল হৈ উঠিল, নৈৰ ৰক্তাভ পানী পৰম ভক্তিৰে শিৰত তুলি ল’লে। দুন্দুভি বাজি উঠিল।
“ভৰিত কিহে খুন্দিয়াইছে?”-নৈৰ সোঁতত ৰৈ ভক্ত এজনে ভাবিলে। হাত কটা মৃতদেহ এটা ওপঙি উঠিল।
সেইটো ঘাটত তেনে ঈশ্বৰ আৰু আল্লাৰ ধৰ্মযুদ্ধখন আজিও লাগিছিল।
————————————–
জয়ন্ত আকাশ বৰ্মন