বন্ধ পানীৰ মাছ (নয়নমণি হালৈ)

লজ্জা অথবা ভদ্ৰতাৰ মুখা এখনেৰে নিজক নাঢাকি মই কওঁ, ৰত্নাবৌক মোৰ ভাল লাগে। ৰত্নাবৌ মোৰ নিজৰ কোনো সম্পৰ্কীয় নবৌ নহয়; মামাহঁতৰ ঘৰত বহু বছৰ ধৰি ভাড়াতীয়া হিচাপে থাকি শেষত পৰিয়ালৰ এজনৰ দৰে হৈ পৰা নবৌহে। ৰত্নাবৌৰ বয়স কিমান হ’ব সেই কথা মোৰ অনুমানৰ বাহিৰত। পঢ়াত কেঁচা আছিল বাবে ক’লেজৰ দেওনা পাৰ হোৱালৈ ঘৰে বাট নাচালে; বিয়া দি দিলে। সেই হিচাপে বয়স যে তেনেই কম তাক অনুমান কৰিব পাৰি। গিৰিয়েক মানে অজিতদাৰ দোকান এখন আছে; বেলতলা চাৰিআলিত। দোকান আৰু ঘৰৰ ৰাস্তাটোৰ বাহিৰে অজিতদাই আন ৰাস্তা চিনি নাপায়। ঘৈণীয়েকৰ বুকুৰ মাজলৈ যোৱা ৰাস্তাটোত কিজানি ভৰি দিয়েই পোৱা নাই। ৰত্নাবৌৰ একমাত্ৰ সন্তানটিৰ বয়স চাৰিবছৰমান হৈছে। কিন্তু ৰত্নাবৌৰ সৌন্দৰ্যত বয়সে সামান্য আঁচ এডাল পেলাবলৈও সাহস কৰিব পৰা নাই। ক’বলৈ গ’লে যৌবনৰ ভৰপূৰ বসন্তই যেন এতিয়াহে ৰত্নাবৌক চুই চাইছে। ৰত্নাবৌৰ হাঁহিটোৰ চাৰিওফালে যেন মৰিবলৈ এজাক চগা সাজু হৈয়ে থাকে, মোৰ এনে লাগে। মই নতুনকৈ ক’লেজ পাইছোঁ। দুই-এটা কুসংগই লম্ভিছে, লগতে ঠিকচে চিনেমা চোৱাৰ অভ্যাস এটাও গঢ় লৈ উঠিছে। চিনেমাৰ নায়িকাই গাত নতুন সুৰসুৰণি তোলে, বুজা-নুবুজা অনুভূতি কিছুমানে অহৰহ খেদি ফুৰে। গতিকে ৰত্নাবৌৰ হাঁহি, টোল পৰা গাল, সুদৌল বুকু —একোৱে মোৰ চকুৰ পৰা সাৰি নাযায়। অদ্ভূত সুৰসুৰণি এটাই বাৰে বাৰে মোক আক্ৰমণ কৰিবলৈ খেদি আহে। মইহে খুব কষ্ট কৰি তাক বুজাই-বঢ়াই ওভোটাই পঠিয়াওঁ।

মামাৰ ছোৱালীজনী, মানে মাধুৰিমা বাইদেউৰ বিয়াৰ আগদিনাৰ কথা। উদুলি-মুদুলি পৰিৱেশ। বিয়াঘৰত এনেই মনবোৰ অলপ উতনুৱা হৈ থাকে। সুযোগ পালেই ৰত্নাবৌয়ে আহি জোকাই থৈ যায়। দিনটো ইটো-সিটো, অ’লৈ যোৱা, ত’লৈ যোৱা কৰি থাকোঁতে ৰাতি বাৰটা বাজিবৰ হ’ল। অনুভৱ কৰিলোঁ চকুলৈ টোপনি টোপনি ভাব এটা আহিছে। এই কথা কাৰো নজৰত নপৰিল, পৰিল কেৱল ৰত্নাবৌৰ। বিছনা চাবলৈ গৈ দেখোঁ, বিছনা দূৰৰ কথা বিয়াঘৰত চকী এখনো খালী নাই। আলহী, ইষ্ট-কুটুম্বেৰে সকলোৰে ভৰ্তি হৈ আছে। ৰত্নাবৌয়ে ক’লে ‘মোৰ লগত মানে মোৰ ঘৰত শুবা?’ মই ৰত্নাবৌলৈ চালোঁ। নাই, কোনো ভাবান্তৰ নাই। ৰত্নাবৌৱে কথাবোৰ এনেকৈয়ে কয়। পাক লগাকৈ। আৰু ওঁঠত হাঁহি এটা অনবৰতে ওলোমাই ৰাখে। কথা অথবা সেই হাঁহিৰ অৰ্থ মাজে মাজে মোৰ বাবে দুৰূহ হৈ পৰে। এইবাৰো তেনে লাগিল।

মামাহঁতৰ প্ৰকাণ্ড ঘৰটোৰ দেৱালৰ কাষে কাষে গৈ পিছফালৰ অসম আৰ্হিৰ ঘৰটোৰ বাৰাণ্ডাত থিয় হ’লোঁ। দিনটোৰ কোলাহলৰ পিছত ইয়াত আহি মই অলপ শান্তি অনুভৱ কৰিলোঁ। বাহিৰৰ উজ্জল পোহৰ আৰু কোলাহল এইখিনিলৈ আহিব পৰা নাই। ৰত্নাবৌয়ে দুৱাৰ খুলি দিলে। এটা সৰু কোঠালি। দুখন বিছনাৰ মাজেৰে এজন মানুহ সুৰকিব পৰা সৰু এটা বাট। সেইফালে পাগঘৰ আৰু আন আন আঁচবাব। মোৰ কাৰণে সৰু বিছনাখন ঠিক হ’ল। ৰত্নাবৌয়ে কিবা-কিবি কয় আৰু হাঁহে। ময়ো হাঁহোঁ। ভিতৰি জ্বৰ ঘমাদি ঘামোঁ। ৰত্নাবৌৰ কথা আৰু হাঁহিবোৰে যেন আজি মোৰ কাৰণে বেলেগ অৰ্থ প্ৰকাশ কৰিছে। মই সুধিলোঁ ‘তুমি নুশুৱা’! ৰত্নাবৌৱে ক’লে, ‘অলপ ৰ’বা তেন্তে, ময়ো আহি আছোঁ।’

মোৰ ভিতৰত সুৰসুৰণিৰ এটা জুৰিয়ে ইতিমধ্যে সাগৰৰ ৰূপ ধাৰণ কৰিছে। সঁচাকৈয়ে কেইমিনিটমান পিছত বৌ আহিল। দুৱাৰখনত খিলিটো লগাই বৌ আহি মোৰ কাষৰ ডাঙৰ বিছনাখনত শুই পৰিল। কিন্তু চকুত যেন টোপনি নাই। মাজে মাজে নীৰৱ আৰু মাজে মাজে কথা। কথানো কি.. মাধুৰিমাবাৰ হ’বলগীয়া দৰাজন কেনে, তাৰ গাত বল-জোৰ আছেনে নাই, মোৰ কোনোবা পছন্দৰ ছোৱালী আছেনে নাই… এইবোৰেই আৰু। কথাৰ লগতে হাঁহি। অজিতদাই হেনো গোটেই ৰাতি পাগঘৰটো ৰখিব লাগিব। মাছবোৰ ভজাৰ দায়িত্বও অজিতদাৰ ওপৰতে আছে। ‘তাৰমানে অজিতদাৰ আজি শুৱা নহয়!’, মই সুধিলোঁ। একো নকৈ বৌয়ে হাঁহিলে কেৱল। আঃ বৌৰ হাঁহিটো বৰ সাংঘাটিক। কলিজাৰে যেন শেল এপাত হৈ ইফাল সিফাল ওলাই যাব খোজে। এপাকত মই সুধিলোঁ, ‘কেইটা বাজিল ?’ বৌয়ে ক’লে ‘এটা’। ‘লাইটটো নুমুৱাওঁনে’, বৌয়ে সুধিলে। মই ক’লোঁ, ‘পোহৰত মোৰ টোপনি নাহে’। মুহূৰ্ততে এন্ধাৰে কোঠাটো গিলি পেলালে যদিও ক’ৰ পৰা জানো ক্ষীণ পোহৰৰ ৰশ্মি এটাই কোঠাটোত যে আমি দুজন মানুহ আছোঁ তাকে প্ৰতীয়মান কৰি থাকিল। আধা এন্ধাৰ আধা পোহৰত মোৰ ভিতৰত যেন দৈত্যকায় মাছ এটাই ঢৌ তুলিবলৈ লাগি গ’ল। কিন্তু ৰত্নাবৌক তাৰ সামান্যতম উমানো পাব দিয়া নাই।

ভালেখিনি পৰ কথা নাই। কিন্তু আমি দুয়োয়ে গম পাইছোঁ যে আমাৰ কাৰো টোপনি অহা নাই। ‘কেইটা বাজিল’, আকৌ সুধিলোঁ মই। ‘দুটা’ -বৌয়ে ক’লে। ‘কি কৰিবা এতিয়া?’ ‘মানে?’ ‘টোপনি দেখোন নাহে!’ বৌৰ কথাৰ মই কোনো উত্তৰ নিদিলোঁ। ভিতৰত কেবল মাছটোৰ সৈতে মোৰ যুদ্ধ। সি মোৰ আবেগৰ সৈতে সখী পাতি লৈছে আৰু মোৰ বিবেকক মোক্ষম আঘাত হানি গৈছে। হাতখন মেলিলেই সেয়া ৰত্নাবৌ। নহয়, সেয়া যেন ৰত্নাবৌ নহয়, এহাত দূৰত সেয়া এগৰাকী নাৰী। আমন্ত্ৰণৰ হাঁহিৰে সেই নাৰীয়ে মোক স্বাগতম জনাইছে। আৰু মই কুচিমুচি শুই আছোঁ! কিন্তু যদি সেয়া নহয়! কথাবোৰ যদি মই ভবাৰ দৰে ৰত্নাবৌয়ে ভবা নাই!!

এনেতে টিঙত বৰষুণ পৰাৰ শব্দ হ’ল। বৌৱে বাগৰ সলাই বিছনাখনৰ একেবাৰে কাষ চাপি আহিল। ‘বৰষুণ দিলে শুই বিৰাট ভাল লাগে ন!’ বৌৰ কথাৰ মই কোনো উত্তৰ দিব নোৱাৰিলোঁ। ভিতৰত মাছটোৱে দৈত্য এটাৰ ৰূপ ধাৰণ কৰিছে। ‘কেইটা বাজিছে?’ ‘তিনিটা’। নাই কাৰো টোপনি নাই। মাজে মাজে বাগৰ সলোৱাৰ শব্দ, বাহিৰত বৰষুণ। মই মাজে মাজে কাহ এটা মাৰোঁ। বৌৱেও যেন কাহ এটাৰে তাৰ প্ৰত্যুত্তৰ দিয়ে। কিন্তু ইয়াৰ পিছত আৰু একো আগ নাবাঢ়ে। ভিতৰত মোৰ যুদ্ধ অবিৰাম। মোক ক্ষত-বিক্ষত কৰি মাছটোৱে বিদ্ৰূপৰ হাঁহি মাৰিছে। ভয়ত মই কঁপি উঠোঁ, মই যি ভাবিছোঁ বৌয়ে যদি সেয়া ভবা নাই!

চাৰিটা বাজিল। পাঁচটা বাজিল। পাঁচটাৰ লগে লগে কাহিলি কাহিলি পোহৰে কোঠালিটো পোহৰাবলৈ আৰম্ভ কৰিলে। বিছনাত মই একেথৰে শুই আছোঁ যদিও ভিতৰি যেন মই প্ৰকাণ্ড এখন যুদ্ধৰ পিছত লেবেজান হৈ পৰিছোঁ। এনেতে দুৱাৰত কোনোবাই ঢকিওৱাৰ শব্দ হ’ল। কইনাই হেনো কিবা বিছাৰি পোৱা নাই। ৰত্নাবৌয়েহে জানে ক’ত আছে! দুৱাৰ খুলি দিবলৈ ৰত্নাবৌ সাজু হ’ল।

এতিয়াও সময় আছে। ৰত্নাবৌয়ে দুৱাৰ খুলি দিবলৈ থিয় হৈছেহে। দুৱাৰ খুলি দিয়াৰ পিছত সকলো শেষ। এইটো জীৱনত এনে এখন দুৱাৰ আৰু কোনোদিনে মই নাপাম। মাছটোৱে শেষ শক্তি গোটাই লৈ আকৌ এবাৰ যুদ্ধৰ বাবে সাজু হৈছে, কিন্তু ইতিমধ্যে পলম হৈ গ’ল। ৰত্নাবৌৱে দুৱাৰ খুলি দিলে। ৰাতিপুৱাৰ তীব্ৰ পোহৰ এটাই কোঠাটোৰ অবশিষ্ট এন্ধাৰকণকো বিদায় জনালে। যুদ্ধৰো ইমানতে শেষ। মই লেবেজান হৈ পৰি থাকিলোঁ ভালেখিনি পৰ। দৈত্যকায় মাছটো এইবাৰ এটা সাধাৰণ চেং মাছলৈ ৰূপান্তৰিত হৈ পৰিল।

উপসংহাৰ : দহবছৰ পিছত কালি হঠাৎ মই ৰত্নাবৌক লগ পালোঁ। বৌৰ গাত বয়সৰ চাপ পৰিছে, দেহত চৰ্বিও হৈছে প্ৰচুৰ। হাঁহিটো পিছে একেই আছে। গনেশগুৰিত চিটিবাছলৈ ৰখি আছে বৌৱে। দেখাৰ লগে লগে মোক চিনি পালে। ইটো সিটো কুশল বাৰ্তা লোৱাৰ পিছত কি জানো মোৰ মনলৈ আহিল, মই সুধি পেলালোঁ, ‘বৌ, বিয়াঘৰৰ সেই ৰাতিটোৰ কথা তোমাৰ মনত আছেনে?’ উত্তৰত বৌৱে সেই মায়াবী হাঁহিটো বেছ কিছুপৰলৈ ওঁঠত লৈ থাকিল; তাৰপিছত ক’লে, ‘হৈছে যোৱা, তোমাৰ কাম নাই!’ মোৰ চৌপাশৰ জগতখন মুহূৰ্ততে যেন বৌৰ চিটিবাছখনৰ সৈতেই গুচি গ’ল। ভালেখিনি পৰ মই তাত থিয় হৈ থাকিলোঁ। তাৰমানে সেইদিনা মই যি ভাবিছিলোঁ, বৌৱেও সেয়াই ভাবিছিল। সেইদিনা বৌৰ বুকুতো তাৰমানে অসংখ্য সাগৰৰ ঢৌৱে উঠা-নমা কৰিছিল…। কোনোবাই যেন মোক শিলৰ মূৰ্তি এটালৈহে পৰিৱৰ্তন কৰি থৈ গ’ল। ভীৰৰ মাজতো মই থিয় হৈয়ে থাকিলোঁ।
________________________________________________________________

(সৰুতে বিদেশী গল্প এটা পঢ়িছিলোঁ। গল্পকাৰ বোধহয় মোপাচা অছিল। এই গল্পটোত সেই গল্পটোৰ সামান্য ছাঁ পৰিছে।)

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Jugal
5 years ago

হা… হা… হা… মজা…

Copying is Prohibited!