বলিদান -(নীলিম কুমাৰ)

nilim kumarএদিন একান্ত মনে
বিলত চৰি আছিল
দুটি হাঁহ
ঈশ্বৰে আহি দেখিলে
ইটোৱে জী আছে
সিটোৰ তেজেৰে
ইটোৱে সিটোৱে উমলি আছে
হৃদয় সলনিৰে
ঈশ্বৰৰো সহ্য নহ’ল
ইমান প্ৰেম
ঈশ্বৰে শাও দিলে সিহঁতক
মানুহৰ মনত যেতিয়াই উপজিব লোভ
তেতিয়াই তহঁতে তেজ দিব লাগিব মোক’
( সাহিত্য.অৰ্গৰ বিষয়লৈ লক্ষ্য ৰাখি কবিতাটো “ৰেখাৰে কথাৰে” নামৰ কাৰ্টুন আৰু কবিতাৰ স্ংকলনখনৰ পৰা কবিৰ অনুমতি সাপেক্ষে প্ৰকাশ কৰা হ’ল। )

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!