বসুন্ধৰা কমিউনিকেশ্বন (আশ্বিক জামান)
পি.ছি.ও যুগৰ কাহানি৷ পি.ছি.ও তেতিয়া প্ৰায় ’অসমীয়া বিজনেছ মডেল’ লৈ ৰূপান্তৰিত হোৱাৰ পথত৷ আমাৰ গাওঁৰে ৰক্তিম দায়ে মছলা পেকেজিঙৰ উদ্যোগ স্থাপনৰ নামত প্ৰধানমন্ত্ৰী ৰোজগাৰ যোজনাৰ আধাৰত ঋণৰ টকা পালে, ৩০% চাৱচিডিও পাৱ৷ প্ৰথম কিস্তিৰ টকা পায়ে প্ৰথমে দুচকীয়া বাহন কিনিলে, আপেলৰ বৰণ৷ বাকী টকা বন্ধু-বান্ধৱৰ লগত মদ-পানী খাই উৰোৱা বিধৰ ল’ৰা ৰক্তিম দা নহয়৷ তেওঁ ’বিজনিচ’ কৰিব৷ কোৱা মতে কাম৷ কমেও ১০*১০ ফুটৰ কোঠালিত ইয়া ডাঙৰ এক্সিকিউটিভ টেবুল, ৰিক’ইলিং চকি, ৰূমৰ এটা চুকত আক’ শব্দৰোধী কেবিন যাতে কোনেও নুশুনাকৈ মনৰ কথা পাতিব পাৰে গ্ৰাহকে- আৰম্ভ হ’ল ৰক্তিম দাৰ প.ছি.ও৷ নাম দিলে ’বসুন্ধৰা কমিউনিকেশ্বন’৷ নামটো আচলতে ৰক্তিম দাৰ পিতৃ তথা আমাৰ অসমীয়া সাহিত্যৰ শিক্ষক ৰমেন তালুকদাৰ মহাশয়ে দিছে বুলি সকলোয়ে লাহে লাহে গ’ম পালে, কাৰণ ’বসুন্ধৰা’ মানে যে পৃথিৱী আৰু ফোনৰ যোগেৰে আমি কেনেকৈ পৃথিৱীৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ যোগাযোগ কৰিব পাৰি এই কথা ছাৰে আমাৰ ক্লাছতে কমেও একৈছ বাৰ কৈছে৷
যিকি নহওক, ৰক্তিম দাৰ পিছিও পুৱা ৬টা বজাতে আৰম্ভ হয়৷ পুৱাৰ ভাগত পিছে তালুকদাৰ ছা্ৰে বহে, কেতিয়াবা অৱশ্যে বাইদেউকো বহা দেখিছো৷ ৰক্তিম দা পিছিওত আহে ঠিক ১০টা বজাত৷ গা-পা ধুই, ইস্ত্ৰী কৰা পেণ্ট-চাৰ্ট পিন্ধি, অতি গম্ভীৰ ভাৱ মুখত৷ আহিয়ে ৰক্তিম দাই অনুৰাধা পাডোৱালৰ ভক্তিমূলক গীত এটা ছাউণ্ড বক্সত বজাই দিয়ে, তাৰ পিছত আৰম্ভ হয় কুমাৰ ছানুৰ জনপ্ৰিয় গীত সমূহ৷ কম ভলিউম৷ বেছি ভলিউম দিলে গ্ৰাহকৰ অসুবিধা হ’ৱ৷ মুঠতে, ৰক্তিম দ নিজৰ পিছিও আৰু তাৰ গ্ৰাহকক লৈ খুব চিৰিয়াছ৷ কিন্তু এই চিৰিয়াচনেছেই কাল হ’ল- ফোন কৰি উঠি টকা দি লৰালৰি কৈ ওলাই যাব গ্ৰাহক- সাধ্য নাই৷ গ্ৰাহকে প্ৰথমে আহি ফোন নম্বৰ এটা সৰু কাগজত লিখি দিব লাগিব, ৰক্তিমদাই নিজে ডায়েল কৰি নম্বৰ লগাই দিব- সেইফালৰ পৰা হেল্ল’ বুলি কোৱাৰ পিছত ’কথা পাতক’ বুলি গ্ৰাহকক ফোন আগুৱাই দিয়ে৷ শব্দৰোধী কেৱিনত সোমালে ইচাৰা দি আনটো হেণ্ডছেট উঠাব কয়৷ ’বিজনিচ’ত কোনো আপোন-পৰ নাই, আমাৰ বেলিকাও ফোন আগুৱাই দি গম্ভীৰভাৱে ৰক্তিমদাই কোৱা শুনিছো -কথা পাতক৷ গ্ৰাহকে কথা পাতি থকাৰ সময়ত, মুখত এক আচৰিত সন্তুষ্টিৰ হাঁহিলৈ ৰক্তিমদাই উলিয়াই লয় তেওঁৰ চাৰে-তিনিহাত দীঘল বহী যেন চিত্ৰগুপ্তৰ বহী৷ ফোন শেষ হোৱাৰ লগালগ গ্ৰাহকৰ নাম, ফোন নম্বৰ, যাক ফোন কৰিছিল তেওঁৰ নাম, উভয়ৰ সম্পৰ্ক, পৰিচয় পত্ৰ, জন্মতিথি, স্থায়ী ঠিকনা, মেট্ৰিকৰ ৰোল নম্বৰ, স্থানীয় অভিভাৱকৰ নাম এনেকুৱা প্ৰায় ৪৯টা বিষয়ে বিস্তাৰিত তথ্য সংগ্ৰহ কৰিহে ৰক্তিমদাই বিলৰ টকা গ্ৰহণ কৰে৷ বিজনিচ হয় ভাই ধেমালী নেকি? গ্ৰাহকেও ত্ৰাহি মধুসূদন বুলি কিবাকৈ তেওঁৰ পিছিওৰ পৰা মুক্তি পালে প্ৰায় বিষয় নাগপাশৰ পৰা মুক্তি পোৱা যেন বিমল আনন্দ লাভ কৰিব আৰম্ভ কৰিলে৷
কিছুদিন পিছত দেখিলো এটা সৰু টিভিও সংযোযিত হ’ল৷ দিনটো চিনেমা চলি থাকে৷ দৰ্শক মূলত ওচৰৰ মেকানিকৰ দোকানত অহা ড্ৰাইভাৰ, হেন্দিমেন আদি৷ ৰক্তিমদাই এদিন জনালে যে এয়া তেওঁৰ ’বিজনিচ’ৰ এক মাষ্টাৰ ষ্ট্ৰ’ক৷ টিভিত চিনেমা চাৱলৈ ওচৰৰ মেকানিক, ড্ৰাইভাৰ, হেন্দিমেন আহিব, হিন্দি ফিল্মৰ প্ৰেম-প্ৰীতি, কন্দা-কান্দি আদি মেল’ড্ৰামা দেখি ঘৰৰ কথা, প্ৰেয়সী-পত্নীৰ অথবা মাতৃৰ কথা মনত পৰিব আৰু তেওঁলোকে ফোন কৰিবলৈ বাধ্য হ’ৱ৷ ৰক্তিম দাৰ ব্যৱসায় বুদ্ধি দেখি সাহস পালো মনত, কোনে কয় মাৰোৱাৰী-গুজৰাতি-পাৰ্চিয়ে কেৱল ব্যৱসায় কৰিব জানে, আমি অসমীয়া নহওঁ দুখীয়া৷
কিন্তু ভৱা কথা নহয় সিদ্ধি৷ এদিন দেখিলো ৰক্তিমদাই ওচৰৰ মেকানিক সুবল আৰু আব্দুল ড্ৰাইভাৰক বহু তৰ্জন-গৰ্জন কৰি প্ৰায় ডিঙিত ধৰি উলিয়াই দিলে৷ ফ্ৰিতে অলপ কাজিয়া চোৱাৰ হেপাহত গোটখোৱা আমালৈ উদ্দেশ্য কৰি ৰক্তিমদাই ক’লে – “চাল্লা, গোটেই দিনটো বহি বহি চিনেমা চাৱ, কাম ধান্দা নাই, চিনেমা হ’ল পাইছ’ নেকি? পিচিও হয় পিচিও৷ “ সুবলো এৰি দিয়া ভকত নহয়, যাওঁতে যাওঁতে সকলোয়ে শুনাকে কলে-“ থ, থ তোৰ পিচিও, দিনটোৰ আধাৰো বেছি ফোন মালিকে নিজেই কৰে সেইটো আক’ পিচিও! ক’ত কৰো ইমান ফোন সেইটোও জানো দে ৰক্তিম, সুবল মেকানিকৰ জাছুচ চাৰো ওৰ হ্যা৷ “
এই ঘটনাৰ কিছুদিন পিছতে ’বসুন্ধৰা’ বন্ধ হ’ল৷ তিনি চাৰিদিন আড্ডা মাৰিব গৈ বন্ধ পোৱাৰ পিছত এদিন প্ৰায় মাজৰাতি ৰক্তিমদাহঁতৰ ঘৰত খুব হূলস্থূল শুনিলো৷ সকলোৰে টোপনী ভঙ্গ হ’ল- কি হৈছে কি হৈছে বুলি উঠি যোৱাৰ আগতে ৰক্তিমদাৰ খুড়াক আহিল আব্বাক মাতিবলৈ, দাদা অক’মান আহক, ই ৰক্তিম বদমাচটোয়ে নগেন মাষ্টৰৰ সৰু জীয়েকজনীক পলুৱাই আনিছে, মন্দিৰত বিয়াও পাতিছে৷ খুড়াৰ লগত আব্বা হন্তদত হৈ ওলাই গ’ল৷ ’বসুন্ধৰা’ চিৰদিনৰ কাৰণে বন্ধ হ’ল৷ ’বসুন্ধৰা’ ৰ ঠাইত ৰাম অৱতাৰৰ ’ওমজি ট্ৰেডাৰচ’ আৰম্ভ হ’ল- স্পেয়াৰ পাৰ্টচৰ দোকান৷ এতিয়াও চলি আছে৷
দুমাহ মান পিচত মহাৱীৰ আগৰৱালৰ গেলামালৰ দোকানত গৈ চাওঁ, দোকানৰ এটা চুকত চাউলৰ বস্তাৰ কাষত এটা ষ্টুলৰ উপৰত ফোন আৰু বিলিং মেছিন৷ তাতে কোনোমতে থিয় হৈ মানুহে ফোনত কথা পাতি আছে, গ্ৰাহকৰ ভিড়ো ভাল৷ বিলিং মেছিনৰ ওপৰত চকু ফুৰাওতে দেখিলো নীলা ৰঙেৰে খুৱ ধুনীয়া আখৰেৰে লিখা – ’বসুন্ধৰা কমিউনিকেশ্বন’৷
বিদ্ৰ: ৰক্তিম দাই লোৱা বেংকৰ ঋণ তালুকদাৰ ছাৰৰ অৱসৰৰ সময়ত পোৱা টকাৰে পৰিশোধ কৰিছে বুলি ছাৰে এদিন মোৰ আগত আক্ষেপ কৰিছিল৷