ব’হাগৰ বতৰত শৰণীয়া-কছাৰীসকলৰ “বাঁহ গোঁসাই” উৎসৱ – বৰ্ণালী শৰণীয়া
(শৰণীয়া-কছাৰী জনগোষ্ঠীয়ে পালন কৰা বিহু অন্যসকলতকৈ ভিন্ন নহয়৷ কিন্তু বিহুৰ সৈতে সংগতি ৰাখি তেওঁলোকে উপৰঞ্চি এটা উৎসৱ পালন কৰে৷ এই উৎসৱক “বাঁহ গোসাই উৎসৱ” বা “বাঁহ পূজা” বুলি জনা যায়৷ লেখাটোত সেই বিষয়ে কিছু আলোকপাত কৰা হৈছে৷)
অতীজৰে পৰা বাঁহজোপাই আমাৰ অসমীয়া সমাজত উল্লেখযোগ্য স্থান অধিকাৰ কৰি আহিছে৷ এজোপা বাঁহনি নহ’লে যেন ঘৰৰ ভৰা বাৰীখন কিবা উকা উকা লাগে৷ গাঁৱৰ ঘৰ এখনত দৈনন্দিন প্ৰয়োজন হোৱা বাঁহৰ খৰাহিটোৰ পৰা আৰম্ভ কৰি পৰম্পৰাগত অসমীয়া খাদ্যৰ অন্যতম বাঁহগাজৰ সুস্বাদু ব্যঞ্জনখনলৈ বাঁহৰ প্ৰয়োজন৷ অসমীয়া ফকৰা-যোজনাতে আছে- “যাৰ নাই বাঁহ তাৰ নাই সাহ!”
আনহাতে আমাৰ আদৰৰ বাঁহজোপাক অসমৰ বহুতো জনগোষ্ঠীয়ে পবিত্ৰ জ্ঞান কৰি পূজা-অৰ্চনা কৰা দেখা যায়৷ সেই জনগোষ্ঠীসকলৰ ভিতৰত শৰণীয়া-কছাৰীসকলো এটি উল্লেখযোগ্য জনগোষ্ঠী৷ “বাঁহ গোঁসাই” উৎসৱ শৰণীয়া-কছাৰীসকলৰ এটি অন্যতম লোকউৎসৱ! এই উৎসৱ তেওঁলোকে ব’হাগ মাহত পালন কৰে৷ গৰু বিহুৰ দিনা এই উৎসৱ আৰম্ভ কৰি ছয় ব’হাগলৈ পালন কৰা দেখা যায়৷
গৰু বিহুৰ দিনা গৰুক গা ধুৱাই নিজেও শুচি হৈ গাঁৱৰ পুৰুষসকল ৰাজহুৱা গোঁসাইঘৰত মিলিত হয়৷ প্ৰথমে গোঁসাইঘৰত মাহ-প্ৰসাদৰ শৰাই আগবঢ়াই গাঁৱৰে কোনোৱা এঘৰত গৈ “বাঁহ গোঁসাইৰ” বাবে সুস্থ সবল, নিখুঁত বাঁহ এডাল নিৰ্বাচন কৰি, সকলোৱে মিলি ঢোল, তাল, বৰকাঁহ আদি বজাই পূজা-অৰ্চনা কৰি নিৰ্দিষ্ট বাঁহডাল কাটি আনেগৈ৷ সাধাৰণতে জাতি বাঁহ বা মকাল বাঁহৰ বাহিৰে অন্য বাঁহ পূজাৰ বাবে নিৰ্বাচন কৰা দেখা নাযায়৷ বাঁহডাল গোঁসাই ঘৰলৈ আনি ৯ হাত ৯ আঙুল দীঘল জোখত কাটি ভালদৰে ধুই পৰিষ্কাৰ কৰি লৈ মূৰৰ অংশত বগা ৰঙৰ জামা আৰু এটি পিতলৰ টুপী পিন্ধাই বাকী অংশত গামোচা, ৰুমাল, চোঁৱৰ, ফুলৰ মালা আদি পিন্ধাই দি গোঁসাই সজাই তোলে৷ তাৰ পিছত গোঁসাইৰ বাবে নিৰ্দিষ্ট কৰি থোৱা শৰাই এখনত গোঁসাই থিয় কৰাই ৰাখে৷ ইয়াৰ পিছত গোঁসাই বাহিৰলৈ উলিয়াই আনি ঢোল, তাল, বৰকাঁহ, শংখ আদি বজাই সকলোৱে মিলি বাঁহ গোঁসাই, গোঁসাইঘৰৰ চাৰিফালে সাতপাক ঘূৰাই আকৌ গোঁসাইঘৰৰ ভিতৰত সুমুৱাই থৈ সকলোৱে নৈৱেদ্য ভাঙে৷ এই আটাইখিনি কাৰ্যকে “বাঁহ বন্ধা” বুলি কোৱা হয়৷
গৰুবিহুৰ পিছদিনা অৰ্থাৎ মানুহ বিহুৰ দিনা ৰাতিপুৱা “বাঁহ গোঁসাই” গোঁসাইঘৰৰ পৰা উলিয়াই আনি গাঁৱৰ ঘৰে ঘৰে ফুৰাবলৈ নিয়া হয়৷ গোঁসাই ফুৰাবলৈ নিয়া প্ৰতিঘৰ মানুহে সেইদিনা উপবাসে থাকি চোতাল চাফ-চিকুণ কৰি গোবৰ পানীৰে মচি নৈব্যদ্য পাতে৷ নিৰ্দিষ্ট সময়ত গোঁসাই আহিলে গৃহস্থই পদূলিমুখত গোঁসাই লোৱা ভকত দুজনক ভৰি ধুৱাই চাকি, ধূপ-ধূনাৰে চোতাললৈ আদৰি আনে৷ চোতালত গোঁসাই থবলৈ দুখন পীৰা পাৰি নতুন গামোচা বা বিহুৱান পাৰি ৰাখে৷ গোঁসাই আহি চোতালত থোৱাৰ পিছত গৃহস্থই শৰাই বা কাঁহী এখনত এগছি চাকি জ্বলাই তামোল-পাণ, টকা-পইচা, ৰুমাল, গামোচা আৰু নৈৱেদ্য আগবঢ়াই চাউল ছটিয়াই সেৱা লয়৷ গোঁসাইৰ লগত অহা ৰাইজে গৃহস্থক আশীৰ্বাদ দিয়ে৷ গোঁসাই নিয়াৰ পিছত গোঁসাই থোৱা গামোচাখন গৃহস্থই পবিত্ৰ জ্ঞান কৰি ভৱিষ্যতলৈ সযতনেৰে সাঁচি থৈ দিয়ে৷ এনেকৈ দিনটো গাঁওখনৰ প্ৰতিঘৰতে “বাঁহ গোঁসাই” ফুৰোৱা হয়৷ অৱশ্যে কোনো মৃত কৰ্ম নোযোৱা ঘৰ নাইবা আত্মীয়-স্বজন ঢুকোৱা ঘৰ আৰু এমহীয়া সকাম নোযোৱা কেঁচুৱা থকা লোকসকলৰ ঘৰলৈ গোঁসাই ফুৰাবলৈ নিয়া নহয়৷ প্ৰতিদিনে আবেলিলৈ গোঁসাই ফুৰাই গধূলিৰ আগে আগে গোঁসাই আনি গোঁসাইঘৰত সাত পাক ঘূৰোৱাই ভিতৰত সুমুৱাই থোৱা হয়৷ এই কাৰ্য্য পাঁচ ব’হাগলৈ চলে৷
ছয় ব’হাগৰ দিনা অসমৰ বিভিন্ন ঠাইৰ শৰণীয়া-কছাৰী গাঁওবোৰৰ “বাঁহ গোঁসাই”সমূহ পূৰ্বেনিৰ্ধাৰিত এঠাইত মিলিত হয়। অস্থায়ীভাবে স্থাপন কৰা সমূহীয়া গোঁসাইঘৰত পূজা কৰি এই উৎসৱৰ সামৰণি পেলাই, গধূলি সকলোৱে নিজৰ নিজৰ গোঁসাই লৈ নিজ গাঁৱলৈ উভতি যায়৷ শৰণীয়া-কছাৰীসকলে নিজৰ পৰম্পৰাগত সাজ-পাৰ পৰিধান কৰি ঢোল, তাল, শংখ, বৰকাঁহ-ঘণ্টা বজাই ইমানবোৰ গাঁৱৰ মানুহ একেলগ হৈ গোঁসাই ফুৰোৱা দৃশ্য সঁচাকৈয়ে মনোৰোম৷
তাৰ পিছত ব’হাগৰ পূৰ্ণিমাৰ দিনা নিজৰ নিজৰ গাঁৱৰ গোঁসাইঘৰত ৰাইজে মিলি হোম-যজ্ঞ পাতি “বাঁহ গোঁসাই”ৰ পূজা অৰ্চনা কৰে৷ সিদিনা গাঁৱৰ প্ৰতিঘৰ মানুহে গোঁসাইঘৰত নৈৱেদ্য আগবঢ়াই সেৱা লয়৷ হোম-যজ্ঞ শেষ হোৱাৰ পিছত গোঁসাইৰ গাৰ গামোচা, ৰুমাল, চোঁৱৰ আদি খুলি থৈ “বাঁহ গোঁসাই” উৎসৱৰ সামৰণি মাৰে৷ উল্লেখযোগ্য যে মূলতঃ শৰণীয়া-কছাৰী লোকসকলে অনুষ্ঠিত কৰিলেও, এই উৎসৱত অকল শৰণীয়া-কছাৰীসকলেহে অংশগ্ৰহণ কৰে তেনে নহয় জাতি, বৰ্ণ নিৰ্বিশেষে গাঁওখনৰ প্ৰতিঘৰ মানুহেই অংশগ্ৰহণ কৰে৷ বাঁহক পবিত্ৰ জ্ঞান কৰি অনুষ্ঠিত কৰা এই উৎসৱে অসমীয়া জাতিৰ লোকউৎসৱৰ ভঁৰাল চহকী কৰাৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত একতাৰ বান্ধোন সুদৃঢ় কৰাত নিঃসন্দেহে এক উল্লেখযোগ্য বৰঙণি আগবঢ়াই আহিছে৷