ব’হাগ তেতিয়া আহে -ড০ স্মৃতিমালা শৰ্মা
ব’হাগ তেতিয়া আহে
যেতিয়া উৰে প্ৰকৃতিৰ সেউজীয়া আঁচল
অচিনাকি ফুলৰ সুগন্ধিয়ে
চুমি যায় অন্তৰ আত্মা
ব’হাগ তেতিয়া আহে
যেতিয়া সাৰ পাই উঠে হেঁপাহ
আৰু প্ৰেমৰ মদিৰাত
নিচামগ্ন হয় পৃথিৱী
ব’হাগ তেতিয়া আহে
যেতিয়া আকাশে বতাহে ঢোলৰ চেও
ঢেঁকীৰ শব্দত প্ৰতিফলিত হয়
উৎসৱৰ মাদকতা
ব’হাগ তেতিয়া আহে
যেতিয়া জীৱন নদীত বৈ যায় ফল্গুধাৰা
মাহ-হালধিৰ স্পৰ্শত
উদ্ভাসিত হয় পৱিত্ৰতা
ব’হাগ তেতিয়া আহে
যেতিয়া জাকি মাৰি উৰে শান্তিৰ কপৌ
প্ৰকৃতিৰ বন্দনাত হাৰ মানে
কৃত্ৰিম সভ্যতাৰ যান্ত্ৰিকতাই
ধূলিয়ৰি শীতৰ ওৰণি গুচাই
সংগোপনে ব’হাগ আহে,
আৰু হৃদয়ে হৃদয়ে আঁকি যায়
বৰহমথুৰি সপোন৷