বহাগ বিহু আৰু শাক খোৱাৰ পৰম্পৰা (ৰুমী বৰা)

চ’তৰ শেষত বহাগ মাহ আহে। বৃহত্তৰ অসমীয়া জাতিৰ বাপতি সাহোন বহাগ বিহুটি আৰু তাৰ লগতে সংগতি ৰাখি কিছুমান ৰীতি নীতি আজিও অসমৰ গাঁৱে ভূঞে দেখা পোৱা যায়। এনে এটা পৰম্পৰা হল সাতশাকী অৰ্থাৎ সাত বিধ শাক গৰুবিহুৰ দিনা খোৱা হয়। পুৰণি কালত অৱশ্যে এশ এবিধ শাক খোৱা হৈছিল।পিছে আজিৰ যুগত এশবিধ শাক পোৱা নাযায় যদিও সাত শাকীৰ নিয়মটো অদ্যাপি প্রচলিত।

গৰুবিহুৰ দিনা অসমীয়া সমাজত প্রচলিত পৰম্পৰা অনুসৰি খোৱা এশবিধ শাক:

মাটিকাদুৰী, লাইজাবৰী, মছন্দৰী, কেহেৰাজ,পনৌনৱা, শুকলতি, ঢেকীয়ালতি, টংলতি, ভোমলতি, শিলকচু, ওলকচু, দহিকচু, তেলীকচু, পানীকচু, ল-বৰুৱা, বন জালুক, বন তিয়হ, বন খুতৰা, তিতা কেৰেলা, ভাত কেৰেলা, বৰ বেঙেনা, খৰুৱা বেঙেনা, কোটাহি বেঙেনা, মিঠামৰা, টেঙামৰা, চেংমৰা, নৰসিংহ, তিতাকচি, ভেদাইলতা, তিতাফুল, লেহেতি, মেচাকী, জিলমিল, চুটিয়া লফা, পচলা, তৰা-গজালি, দোৰোণ-বন, তিতাবাহক, মেজেঙা, নেফাফু, মেটেকা, ভেকুৰি, উৰহী, বৰ পুৰৈ,ৰঙা পুৰৈ, ঢেকীয়া, ভোটমলা, বেতগাজ, ঔ-টেঙা, নলটেঙা, ৰঙালাও, জাতিলাও, মধু সোলেং, দুপৰীয়া টেঙা, ভীমৰাজ বন, বিহলঙনি, কলমৌ, মনোৱা, হাঁচিয়তী, বনতুলসী, লাই, লফা, পালেং, বাবৰি, চুকা, তুবুকীলতা, ভেবেলীলতা, মূলা,ঢেৰুৱা, মেমেধু, মালভোগ বন, ধেপাইতিতা, বালি বাবৰি, মহানিম, বৰ বিলাহী, সৰু বিলাহী, পাতি সোন্দা, উৰিয়াম, মজ, মদাৰ, মধুৰি কোঁহ, জেতুলীপকা, কাঠ আলু, পদিনা, টিকনী বৰুৱা, কটাৰী ডবুৱা মাহ, মাঠুকুঠুকা, টাটি কেৰেলা, কেৰোলালতি, সৰু পুৰৈ, কপৌ-ঢেকীয়া, লাচকচি, বাঘ-আচোঁৰা, হাতী ভেকুৰি, সৰু টেঙেচি, বৰ টেঙেচি, সৰু মানিমুনি, বৰ মানিমুনি, গুটি আলু, বেত গাজ….ইত্যাদি ইত্যাদি।

অতীজৰে পৰা অসমৰ গাঁৱলীয়া সমাজ ব্যৱস্থাত এই বন শাকসমূহৰ গুণাগুণ মন কৰিবলগীয়া। অসমৰ হাবিয়ে বননিয়ে বহুতো এনে ধৰণৰ মূল্যবান ঔষধি গুণ সম্পন্ন শাক পাত পূৰ্বৰে পৰা পোৱা যায়। বিভিন্ন ৰোগত ইয়াৰ ব্যৱহাৰ দেখা পোৱা গৈছে। উদাহৰণস্বৰূপে পেটৰ অসুখত কিছুমান মানুহে মানিমুনি, মাটিকাদুৰিৰ যদি ব্যৱহাৰ কৰে, যিদৰে বসন্ত ৰোগৰ প্রতিষেধক ৰূপে মহানিম ব্যৱহাৰ কৰে। প্রথম বিহুৰ দিনা সেয়েহে আজিও অসমীয়া মানুহে এশ বিধ শাক বিচাৰি নাপালেও কম বেছি পৰিমানে সংগ্রহ কৰি অনা ঔষধি গুণেৰে পৰিপুষ্ট শাক পাত সমুহ খোৱাৰ নিয়ম আছে। যাৰ ফলশ্রুতিত গোটেই বছৰ জোৰা চৰ্মৰোগ, পেটৰ বিকাৰ আদি বেমাৰৰ পৰা পৰিত্রাণ পোৱা যায় বুলি আমাৰ অসমীয়া সমাজত জনশ্রুতি প্রচলিত।

[সহায় লৈ]

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!