বহি আছে একেটা ভাঁজতে তাহানিৰ জোনটো- অনিতা গগৈ
সৰুতে আইতাই কৈছিল-
আইচু মোৰ শিলত নবহিবি, শিল হ’বি
দুখোজ পিছুৱাই
বহিছিলো আইতাৰ সাধুকথাৰ দলিচাত৷
দোপ্ দি দুপৰৰ ৰ’দৰ ৰেঙনি
ঢপলিয়াই ফুৰিছিলোঁ
এখন এৰাবাৰীত
য’ত আইতাৰ পিকসনা
তপৰ তপৰ চুমাবোৰৰ দৰেই
জিলিকি আছিল বেলিটো,
আৰু বেলিটোৱে
পোহৰৰ আঙুলিৰে লিৰিকি আছিল গৰুখিচ্বোৰ৷
‘পিন্ধিবানেকি এডালি লাটুমনিৰ মালা?’
ফুটুকানিৰ তলৰপৰা,
কেটুৰকলা দাঁত নিকটাই সুধিছিল
দীঘল দঁতুৱা দ’ত এটাই
ফৰিংচিটিকা দি তাৰ পৰা জঁপিয়াই আহোতে,
টুপুককৈ বেলিটো হেৰাইছিল
আৰু শিতানত বহি আছিল পূৰ্ণিমাৰ জোনটো৷
জোনৰ বুকুত মুখ গুজি সুধিছিলোঁ-
বিয়া মানে কি?
জোনটোৱে আইতাৰ দৰেই মৰমেৰে হাঁহি কৈছিল—
‘আইচু, বিয়া মানে দুখন অন্তৰৰ মিলন, য’ত সাক্ষী থাকে সমাজখন’
’তেনেহ’লে জেউতিৰ কেঁৰুযোৰ কিয় কুঁৱাত পৰিল?’
আইতাৰ দৰেই মনে মনে ৰ’ল জোনাকখিনিও
এৰাবাৰীৰ কুঁৱাটো পুতি পেলোৱা হ’ল
কেঁৰুযোৰো৷
এজাৰজোপাৰ ফেৰেঙনিত বহি আছে
একেটা ভাঁজতে শিল-জোনটো৷