বহুদিন হ’ল তোমাৰ স’তে একাত্ম নোহোৱা: অৰুণিমা শৰ্মা
এদিন দুদিন বহুদিন হ’ল তোমাৰ স’তে একাত্ম নোহোৱা
তুমি কেনে আছা
নে হৈ পৰিছা মগ্ন জোনাকীৰ স’তে ।
মোৰ দৰিদ্ৰ শৰীৰ এতিয়া গ্ৰীষ্মতো কঁপি উঠে ।
মোৰ নিঃসংগ আত্মাই এতিয়া আৰু
বিলাপ নকৰে জোনাকৰ সতে মিতিৰালি পতাৰ ।
বহুদিন হ’ল ফাগুনত পলাশৰ ৰূপত আপোন পাহৰা
হোৱা নাই তোমাৰ স’তে।
তগৰ নাহৰহঁত কেনে আছে,
কেনে আছে তোমাৰ জোনাকী ?
অনাহাৰ আৰু অসুস্থতাই মোৰ দেহ গ্ৰাস কৰিব নোৱাৰে ।
এতিয়াও মই কবিতা লিখোঁ ফৰিংফুটা জোনাকৰ ৷
তুমিতো জানা, সকলোৱে জানে
সময় গতিশীল…
এইবাৰ সোণাৰু আৰু কৃষ্ণচূড়াৰ স’তে মোৰ
সাক্ষাৎ ঘটিছিল এক বিশেষ মুহূৰ্তত।
য’ত জোনাকে প্ৰতিনিধিত্ব কৰিছিল
এটা অমাৱস্যাত ৷
এইবাৰ ব’হাগত আহিবা
তোমাৰ স’তে একাত্ম হ’ম আগৰ দৰে,
এদিন দুদিন বহুদিন হ’ল তোমাৰ স’তে একাত্ম নোহোৱা ৷