বহু বছৰ ধৰি (- বিতোপন দাস)
বহু বছৰ ধৰি
(জৰ্জ চেফেৰিছৰ কবিতাৰ আধাৰত)
বিতোপন দাস
বহু বছৰ ধৰি অপেক্ষা কৰিছোঁ যি ৰাতিৰ
সেই ৰাতি বিছাৰিছোঁ; খোলা থাকক মোৰ খিৰিকিখন
সোমাই আহক হেৰোৱা বতাহজাক।
বহু বছৰ ধৰি প্ৰতি দিন প্ৰতি ৰাতি
মাথোঁ সেই উদ্দাম নৃত্য
উলংগ দেৱদূতহঁতৰ
ধৰি নি শূলত দিয়ে
যিসকলে গান গায়
যিসকলে ভাল পায়-
মানুহ আৰু মাটি।
বহু বছৰ ধৰি অপেক্ষা কৰিছোঁ যি ৰাতিৰ
সেই ৰাতি বাজি উঠক এটা বাঁহী
ডবাৰ কোবত ৰজনজনাওক নিজম নিশাটি
হে পাহাৰ, ওখ পাহাৰ
মই যে ক্ৰমশঃ গলি গৈছো
মৃত্যুৰ সৈতে মিলিব ধৰিছোঁ
খিৰিকিখন আজি খোলা থাকক
শেষ বাৰিষাৰ গোন্ধ বুকুত ভৰি পৰক।