বাঁক বিমান শইকীয়া

কণদেউৰ খালত কাণি-মুনি গধূলিলৈকে

বৰশী টোপাই নাথাকিবি
দ’লনি দৰাত শুনিছনে ঢলপুৱাতে
জপং জংপকৈ পানী ফালি যোৱা…
ৰাতি পুৱাতে চেঁপা চাবলৈ নাযাবি
মাছ খাবলৈ বাঁক বহি থাকে

বাঁকবোৰ কেঁচা মাছৰ পহৰাদাৰী
নপতা ফুকনৰ দৰে আপোনা আপুনি হয়
মাছ ৰখি ৰখি সিহঁতি চাই থাকে
মানুহবোৰে পাহৰি ভুল কৰে
কণদেউ খালৰ বাঁকটো নাথাকিলেও
দলনিডৰাৰ জপং জপং শব্দবোৰ নাথাকিলেও
কেঁচা মাছৰ তেজ খাবলৈ বাঁকবোৰ আছে

বৰ-বৰ বাঁক সৰু-সৰু বাঁক
কেঁচা মাছৰ তেজ পালে খাবই
বিলখনত মাছবোৰ সাৰি থাকে
মানুহবোৰ চাই ৰং মনে টোপনি যায়
চোপ লৈ চাই থকা বাঁকে সময়লৈ ৰৈ থাকে
মানুহবোৰ নিঃপালি দিওতেই
বাঁকে দহি নিয়ে সাৰে থকা মাছবোৰ
খলখলাই থকা বিলখনত এদিন মাছবোৰ নোহোৱা হয়

খেনোৱে কয় বিলখনত কালিকা আছে
কোনোৱে কয় জল দেৱতাৰ শাও পাত থাকে
মাছ খাই নোদোকা হোৱা বাঁকে কথাবোৰ শুনি
বিলৰ পাৰত দাঁত নিকটাই বহি থাকে
মানুহবোৰে পাহৰি যায় বাকবোৰ যে এতিয়াও আছে৷ ৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!