বাঁহগাজেৰে গাহৰি মাংস (ৰূপালী ভৰালী বৰুৱা)
উপকৰণ সমূহ ::
গাহৰি মাংস
খৰিচা
নহৰু
আদা
জলকীয়া
শুকান জলকীয়া গুৰি
জালুকৰ গুৰি
নিমখ
পানী
পদ্ধতি :: মাংস খিনি ভালকৈ ধুই লৈ নিমখ দি প্ৰথমে অলপ সময় সিজাব লাগে৷ মাংসখিনি আধা সিজা হলে খৰিচাখিনি ভালদৰে মিহলি কৰি লগতে পানী অলপ দি ভালদৰে লৰাই থাকিব লাগে যেতিয়ালৈ পানী শুকাই নাযায় । অলপ পাছত নহৰু আৰু আদাৰ পেষ্ট আৰু শুকান জলকীয়া গুৰি আৰু জালুকৰ গুৰি দি অলপ লৰাই থাকিব লাগে । শেষত অলপ পানী দি উতলাই দিলেই ধুনীয়া ৰঙ এটা ওলাব৷
পৰিবেশন কৰাৰ আগতে সামান্য কেচাঁ ধনীয়া পাত ওপৰত ছটিয়াই গৰমে গৰমে পৰিবেশন কৰিব লাগে৷
##