বাঁ‌হী সুৰে কংসচক্ৰ নাচে — জয়ন্ত আকাশ বৰ্মন

আকাশখন যেন গিৰিসকৈ খহি পৰিব। বিজুলী-ঢেৰেকনি, হিৰ-হিৰ, গিৰ-গিৰ কলহৰ কাণে ঢলা প্ৰচণ্ড নিৰৱচ্ছিন্ন বৰষুণ। মাটিৰ মজিয়াখনৰ গাঁ‌ত এটাৰ পৰা নিগনি এটা ওলাই আহি সন্তৰ্পণে ইফাল-সিফাল কৰিছে। মেকুৰী এটা কুঁ‌চি-মুচি বহি আছে। আৰু পানীপোটাত বোৱঁতীপানীৰ কোঢ়াল।

 সন্ধিয়াৰ বাৰাণ্ডাৰ আৰামীচকীত মথুৰানাথ, জমিদাৰ মথুৰানাথ, প্ৰবল-প্ৰতাপী মথুৰানাথ। ৰাজহুৱা নামঘৰটোত বিয়লিৰ ডবা-কাঁ‌হ-শংখ বৰষুণৰ স’তে একাকাৰ হৈ বাজিছে। 

 শকত দেৱালৰ আৱেষ্টনীয়ে মেৰিয়াই ৰখা গপচ ঘৰটোৰ বাৰাণ্ডাত মথুৰানাথ বহি আছে, ৰূপৰ ধোঁ‌ৱাখোৱাত চুমুক মাৰি লৈ নাকে-মুখেৰে ধোঁ‌ৱা এৰিছে। বৰষুণৰ বা-ছিতা আৰু গুৰগুৰিৰ ধোঁ‌ৱাই ধুম্ৰায়িত কৰি তুলিছে দীঘল বাৰাণ্ডাখন। বাৰাণ্ডাৰ লগত সংলগ্ন ভঁ‌ৰাল ঘৰটোৰ বেৰত আউজি ম’হৰ গাড়ীৰ কাঠৰ চকাটো। গাড়ী টানি-টানি ম’হহাল মৰিছে। ম’হৰ গাড়ীখনো ভাঙিছে, এটা চকা পঁ‌চি সুলকি-খহি গৈছে, এটা আছে। অৱশিষ্ট চকাটো চোতালৰ মাজৰ খুটা এটাত আউজি আছে, মথুৰানাথৰ ভেটিৰ লেখ ৰাখিছে। 

মথুৰানাথে চকাটোলৈ চালে, ধোঁ‌ৱা-আৰু বৰষুণৰ চেঁ‌চা ভাপৰ মাজেৰে স্থিৰ চকাটোও যেন গতি কৰি আছে, যেন কোনো এক অদৃশ্য অক্ষদণ্ডক কেন্দ্ৰ কৰি ধীৰেৰে ঘূৰি আছে চকাটো। ঘূৰি আছে। ঘূৰি আছে। ধোঁ‌ৱা আৰু বৰষুণৰ বায়ৱীয় দ্ৰৱে ৰাতিৰ এন্ধাৰৰ স’তে মিহলি হৈ গ্ৰাস কৰি আনিছে চৌপাশ। 

ঘটংকৈ এটা শব্দ হ’ল। শব্দটোৱে মথুৰানাথৰ কৰ্ণকুহৰত আমনি কৰিলে। হাতৰ গুৰগুৰিটো উৰুৰ ওপৰত ভেঁ‌জা দি মথুৰানাথে উৎসৰ ফালে কাণ উনালে। কোনোবাই কাঠৰ গেটখনৰ লোহাৰ শলখাডাল গুচাইছে। এই কালসন্ধ্যা কোন আহিল, ধুমুহা-বৰষুণে! দিনতে এই ঘৰলৈ আহিবলৈ মানুহৰ বুকু কঁ‌পে, এই বৰষুণৰ সন্ধিয়া! মথুৰানাথে গেটখনলৈ চালে।
শলখা গুচাই এজন ল’ৰা সোমাই আহিল। এন্ধাৰত মুখ মনিব নোৱাৰি।

“নমস্কাৰ, বৰদেউতা। মই বনমালী।” -কাষ চাপি আহি ল’ৰাজনে নমস্কাৰ জনালে।

“অ’ ক’ৰ পৰা অহা বুলি ক’লি? কাৰ ঘৰৰ তই? “-মথুৰানাথে সুধিলে। -”এই বৰষুণত কিয়ইবা আহিলি?”
মথুৰানাথে ল’ৰাজনলৈ চালে। সুন্দৰ মুখাৱয়ৱ।
”বৰ দেউতা, মই গৰখীয়া চুবুৰীৰ পৰা আহিছোঁ‌।”

আকৌ গেট খোলাৰ শব্দ। মথুৰানাথে গেটৰ ফালে চালে। বৰষুণ অলপ শাম কাটিছে। মানকচুৰ পাতেৰে মূৰ ঢাকি মানুহ এজন সোমাই আহিল।

“ককাই, দায়-দোষ নধৰিব। সোমাই আহিলোঁ‌ এনেকৈ। দিনৰ দিনটো ই ঘৰত নাই।” -বনমালীৰ ফালে আঙুলিয়াই মানুহজনে ক’লে, -”বিচাৰি-বিচাৰি আহিলোঁ‌। নামঘৰত কোনোবাই ক’লে-সি হেনো ইয়ালৈ আহিছে।” – কচুপাতটো জোকাৰি পানীবোৰ আঁ‌তৰাই মানুহজনে বাৰাণ্ডাৰ খুটাটোত আউজাই থ’লে।

মথুৰানাথে তালৈ মূৰ তুলি চালে। প্ৰশ্নবোধক চিন এডাল কপালত উপজিল।

”ককাই, মই গৰখীয়া চুবুৰীৰ। গৰখীয়া চুবুৰীৰ আনন্দ। এই বনমালীক বিচাৰি-বিচাৰি এইখিনি পালোঁ‌হি।”

”ই তোৰ ল’ৰা নেকি?”
”মোৰেই ল’ৰা বুলি ধৰক ককাই। ময়েই তাক তুলি লৈছোঁ‌। তাৰ দেউতাক বাসৱ, সেই যে বকুলবন গাঁ‌ৱৰ। ইয়াৰ জন্মৰ পাচতেই তাৰ মাক-দেউতাক দুয়ো জেললৈ গ’ল। যাওঁ‌তে ইয়াক মোক গতাই গ’ল। আৰু ময়ো তাৰ মোহত পৰি ৰ’লোঁ‌।”
”জেললৈ গ’ল?”
”অ’ ককাই। বাসৱৰ এডুখৰিয়েই মাটি আছিল। কোনোবা জমিদাৰ এজনে চৰকাৰী হাকিমৰ লগত লগ লাগি মাটিডুখৰি লৈ লৈছিল। তাৰ মৰসাহটো চাওক! খঙতে সি জমিদাৰজনকে ৰাইজৰ মাজতেই চৰ এটা মাৰি দিলে। আৰু, তেতিয়াৰ পৰাই সি এটাৰ পাচত এটা মোকৰ্দমাত ফঁ‌চি জেলতেই আছে। ঘৈণীয়েকজনীয়ো একেখন জেলতেই।
ই কিন্তু গুণৰ মাণিক। আমাৰ বুঢ়া-বুঢ়ীৰ বুকুৰ আমঠু।” -আনন্দ বুঢ়াই বনমালীক বুকুলৈ চপাই আনিলে। বুঢ়াৰ চকুত প্ৰশান্তিৰ পানী।

মথুৰানাথে কিবা ভাৱিলে। মথুৰানাথে মনেৰে কিবা দেখিলে। মথুৰানাথৰ বুকুত আন্ধাৰে নৃত্য কৰি উঠিল।

“ৰ’হ পিতাই। বৰদেউতাৰ লগত কথাখিনি পাতি লওঁ‌।” -বনমালীয়ে আৰম্ভ কৰিলে, –
”বৰদেউতা, আমাৰ খেলৰ নামঘৰত বাৰ বছৰৰ মূৰত এইবাৰ আকৌ ভাওনা পাতিব। এই অমাৱস্যাৰ ৰাতি।”

”মই বৰঙনি দিব নোৱাৰিম, মোৰ সেইবোৰত কোনো মনো নাই।” -মথুৰানাথে বনমালীৰ কথাৰ মাজতে কৈ উঠিল। মিহিকৈ কথা কোৱাৰ অভ্যাস মথুৰানাথৰ নাই। কান্দিলেও গোজৰণি হৈহে ওলায়। চকুপানীৰ ঠাইত জুই নিগৰে।

“নাই নাই বৰদেউতা, বৰঙনি বিচাৰি অহা নাই। সেইখিনিৰ ব্যৱস্থা হৈ গ’ল। ভাওনাৰ পাৰ্ট এটা ল’বৰ বাবেহে আমি আপোনাক অনুৰোধ কৰিবলৈ আহিলোঁ‌। ভাগৱত আচাৰ্য শাস্ত্ৰজ্ঞ পণ্ডিত জগতমোহন দেৱগোস্বামীদেৱে এইবাৰ আমাৰ ভাওনাভাগৰ পৰিচালনাৰ দায়িত্ব লৈছে।” -বনমালীয়ে মথুৰানাথৰ সংশয় আঁ‌তৰালে।

মথুৰানাথে ল’ৰাজনৰ মুখলৈ চালে। প্ৰদীপ্ত নয়নৰ এজন কিশোৰ। চুলিবোৰ বৰষুণত তিতি আছে। টোপ-টোপকৈ চুলিৰ পৰা পানী সৰিছে। সৰি চকুত পৰিছে। তাৰ মূৰৰ পিচফালে ম’হৰ গাড়ীৰ চকাটো। যেন মূৰৰ চৌপাশে চক্ৰাকাৰ উজ্জ্বল প্ৰভামণ্ডল।

”অভিনয়? মই?” -মথুৰানাথ বহাৰ পৰা জাঁ‌প মাৰি উঠিল।

”হয় বৰদেউতা। নামঘৰত আজি আমাৰ মিটিং হৈছিল। তাতেই ভাওবোৰ বিতৰণ কৰা হৈছিল। সেই মিটিঙতেই আপোনাৰ নাম উঠিছিল। সকলোৱে একেমুখে কৈছিল, সেই চৰিত্ৰটোৰ বাবে আপোনাতকৈ বেছি খাপ খোৱা আন কোনো ব্যক্তিয়েই আমাৰ অঞ্চলত নাই।” -বনমালীয়ে ক’লে, আৰু সন্মতিৰ বাবে মথুৰানাথৰ মুখলৈ চাই থাকিল।
”কি চৰিত্ৰ? কাৰ চৰিত্ৰ?” -গহীন ভাৱেৰে সুধিলে, মথুৰানাথে।
”কংস। কংসৰ চৰিত্ৰ।”
গুজৰি উঠিল মথুৰানাথ। ঢেৰেকনিৰ শব্দক তল পেলাই সেই আটাহে সমগ্ৰ ঘৰখনৰ চৌকাঠ কঁ‌পাই তুলিলে।
***
বৰষুণ শাম কাটিছে। মাথোঁ‌, গছৰ পাতৰ পৰা এটোপ-দুটোপ পানী সৰিছে। গোটেই ঘৰখন নিমাও-মাও।
হাতত টিপচাকিটো লৈ মথুৰানাথ বাৰীৰ জুপুৰীটোৰ ফালে আগবাঢ়িল। দুৱাৰত টোকৰ দিলে।
”কোন? বোলো কোন এয়া? এই পুঁ‌ৱতি ৰাতি?” -ভিতৰৰ পৰা বৃদ্ধ কণ্ঠই মাত লগালে।
”পিতা, মই। দুৱাৰখন খোলাচোন।”
কেৰেককৈ শব্দ হ’ল। বৃদ্ধ অগৰুই দুৱাৰ খুলিলে। মুখমণ্ডল শুকুলা দাড়িৰে আৱৰা।

বৰফৰ দৰে শীতল এযুৰি ক্লান্ত চকু। দুয়োৰে। বৃদ্ধ আৰু মথুৰানাথৰ।

”কিয় আহিলি মথুৰা? আজি বাৰ বছৰৰ মূৰত।” -বৃদ্ধই সুধিলে।
”পিতা, লগ পাবলৈ মন গ’ল তোমাক। আইক এবাৰ চুই চাবলৈ মন গ’ল।”
”তয়েইতো আমাক ইয়াত সুমুৱাই থ’লি। সূৰ্যৰ পোহৰ নোপোৱাকৈ।”
”পিতা।” -মথুৰানাথৰ মাতটো যেন গভীৰ পাটনাদ এটাৰ অভ্যন্তৰৰ পৰাহে নিৰ্গত হৈছে।
”ক, মথুৰা।” -বৃদ্ধই চকু ঘূৰাইছে। টিপচাকিৰ ম্লান পোহৰতো কেনেবাকৈ যদি ধৰাত পৰি যায়!

”পিতা, নামঘৰত ভাওনা হ’ব, এই অমাৱস্যাৰ নিশা। তাত মোক কংসৰ ভাও দিয়া হৈছে।” -মথুৰানাথৰ কণ্ঠত পুহমাহৰ শীতলতা।
অগৰু বুঢ়াই পুতেকৰ চকুলৈ চালে। নিমাত।
”মই অভিনয় কৰিব নোৱাৰোঁ‌, কৈছিলোঁ। পৰিচালক জগতমোহন দেৱগোস্বামীয়ে ক’লে, মই হেনো অভিনয় কৰিব নালাগে। মঞ্চত উঠি তৰ্জন-গৰ্জন কৰিব লাগে, কৃষ্ণৰ ভুকু বুকু পাতি ল’ব লাগে, আৰু দৰ্শকৰ স্বস্তিৰ বাবে মৃত্যুক সাৱটি ল’ব লাগে। মই হেনো আজীৱন তাৰেই আখৰা কৰি আহিছোঁ‌, অহৰহ।
মই হ’ব বুলি কথা দিলোঁ‌।”

”আৰু মোক কংসৰ পিতৃ উগ্ৰসেনৰ ভাও দিছে, তোৰ মাতৃ পদুমীক কংস মাতৃ পদ্মাৱতীৰ চৰিত্ৰৰ ভাও দিছে।” – অগৰু বুঢ়াই পুতেকৰ ওচৰত স্বীকাৰ কৰিলে।

”পিতা, মোৰ জন্মৰ বাবে মই দায়ীনে? মোৰ পৰা আৰু নুলুকুৱাবা পিতা, জগত মোহন দেৱগোস্বামীদেৱে মোক সকলো বৃত্তান্ত জনাইছে।

”পিতা, মই মাতৃদেৱীৰ অবৈধ সন্তান?
পিতা, তুমি মোৰ পিতা নহয়?
কোৱা পিতা। সত্য কোৱা।
মই পৰপুৰুষৰ দ্বাৰা ধৰ্ষিতা মাতৃৰ অনাহুত সন্তান? “-ফেকুঁ‌ৰি উঠিল মথুৰানাথ।

বৃদ্ধই মুখ লুকুৱালে। কুটীৰৰ দুৱাৰ বন্ধ কৰি দিলে।
”তই যি শুনিছ, সেয়া সত্য মথুৰা, সেয়া সূৰ্যৰ দৰেই সত্য।” –
বৃদ্ধ অগৰু যেন গাঁ‌তত সোমাই পৰিল।

”কোৱা পিতা, মোৰ এই আনাহুত, অনাকাংক্ষিত জন্মৰ বাবে মই কেনেকৈ দায়ী পিতা?
কিয় পিতা মাতৃয়ে মোক আশৈশৱ ঘৃণা কৰি আহিল? তোমাৰ ঔৰসত নহ’লেওতো মই মাতৃৰ গৰ্ভতেই জন্ম লভিলোঁ‌। কিয় পিতা মাতৃয়ে মোক কেতিয়াও স্বীকাৰ কৰি নল’লে। আৰু, স্বীকাৰ যদি নকৰিলেই, কিয় গৰ্ভতেই মোক হত্যা কৰি নেপেলালে পিতা? কিয় মোক এই অভিশপ্ত জীৱন দিলে?

-আৰু, সমাজৰ ভয়ত, এজন জমিদাৰৰ পদমৰ্যাদা অৱনমিত হোৱাৰ ভয়ত তুমি কপট মহানতা দেখুৱালা। মোক পুত্ৰৰূপে স্বীকাৰ কৰি ল’লা। কিন্তু, দহবছৰ বয়সলৈ তুমি মোক সমাজৰ পৰা আঁ‌তৰাই ৰাখিলা। মোক গৃহবন্দী কৰি ৰাখিলা। কিয় পিতা? কিয়?

মই কিয় অসামাজিক নহ’ম?
কিয় মই মৰম কৰিম আনক, যি মৰম মই কেতিয়াও নাপালোঁ‌।
নিজ মাতৃয়েই মোৰ মৃত্যু কামনা কৰি থাকিল, আজন্ম।
কোৱা পিতা, কিয় মায়ে মোক এদিনো মাতৃদুগ্ধ পান নকৰালে? কিয় মায়ে মোক এদিনৰ বাবেও কোলাত তুলি নল’লে? কিয় পিতা, কিয়?
বঞ্চিত উপেক্ষিত অনাকাংক্ষিত হৈ মই যৌৱনত ভৰি দিলোঁ‌। তুমি তোমাৰ জমিদাৰিত্বৰ পৰা মোক নিলগাই ৰাখিলা। মোক অন্ধকাৰত ৰাখি থ’লা।
মই আশংকাত ভুগিলোঁ‌। মই পৰিচয় সংকটৰ যাতনাত জ্বলি-পুৰি মৰিলোঁ‌।
মোক উগ্ৰ, প্ৰতিশোধ পৰায়ণ তুমিয়েই কৰি তুলিলা পিতা। পৰিচয় সংকটৰ যাতনাত, স্বীকৃতিহীনতাৰ বেদনাত মই ভয়ানক হৈ উঠিলোঁ‌।
মই তোমাৰ পৰা জমিদাৰী স্বত্ব কাঢ়ি ল’লোঁ‌ পিতা, কাৰণ তুমি মোৰ এই যাতনাক গুৰুত্ব নিদিলা। খং, ক্ষোভৰ জ্বালাত তোমাক মই জমিদাৰী আসনৰ পৰা আঁ‌তৰাই এই এন্ধাৰ জুপুৰীলৈ স্থানচ্যুত কৰিলোঁ‌। তোমাৰেই নহয়, সকলোৰে মাটি-জমি মই কাঢ়ি ল’লোঁ‌। দীঘল মোঁ‌চ ৰাখিলোঁ‌, বুকুত শিল গজালোঁ‌, মানুহৰ বুকুত সন্ত্ৰাসৰ সৃষ্টি কৰিলোঁ‌। মই নিজকে মাৰি আনিলোঁ, পিতা।” -মথুৰানাথৰ বুকুৰ উত্তপ্ত গলিত লাভা নিৰ্গত হৈ থাকিল। প্ৰশ্নবোৰ শাণিত অস্ত্ৰ হৈ নভোমণ্ডল পৰিভ্ৰমণ কৰি থাকিল।

”মথুৰা, অমাৱস্যাৰ দিনা নামঘৰৰ মঞ্চত যি ভাওনা মঞ্চস্থ হ’ব, তাত মই কংসৰ পিতৃ উগ্ৰসেনৰ ভাও ল’ম। আৰু তোৰ মাতৃ পদুমীয়ে কংসৰ মাতৃ পদ্মাৱতীৰ ভাও। যা, মঞ্চত কথা হ’ম।” -সংকুচিত অগৰু বুঢ়াই কুটীৰৰ অভ্যন্তৰৰ পৰাই দুৱাৰৰ ফাঁ‌কেৰে বিৰবিৰালে।

”পিতা, জগতমোহন দেৱগোস্বামীয়ে সকলো জানে। তেখেত এই অঞ্চলৰ বয়স্কতম ব্যক্তি। তেখেত মহাকাল। সেয়ে আমাক অভিনয়ৰ বাবে ভাওনালৈ আমন্ত্ৰণ জনালে।
পিতা, মঞ্চত আমি অভিনয় নকৰিলেও হ’ব। চিৰজীৱন আমি তাকেই কৰি আহিছোঁ‌, নহয়নে পিতা? মই নিজৰ বিপক্ষে যুঁজিছোঁ‌, নিজকে ভয়ংকৰ কৰি তুলিছোঁ‌, জঘন্যতম মৃত্যুৰ বাবে নিজকে প্ৰস্তুত কৰি তুলিছোঁ‌। আৰু তোমালোকে নিজক লুকুওৱাৰ আখৰা, নিজৰ কলুষ কালিমা মোৰ ওপৰত জাপি নিজকে নিষ্কলংক সজোৱাৰ অহোৰাত্ৰ অভিনয়।

মঞ্চত লগ পাম দেউতা। মাকো ক’বা। অহা অমাৱস্যাৰ নিশা।” -গজ-গজাই গুচি গ’ল মথুৰানাথ। ভঁ‌ৰালঘৰৰ বেৰত ম’হৰ গাড়ীৰ চকাটো কঁ‌পি উঠিল।
***

গ্ৰীণৰূমৰ পৰা ভোৰতাল আৰু ডবাৰ উৎকট কোলাহল ভাঁহি আহিল। হাতী এটাৰ মৰণ কাতৰ চিৎকাৰ। (মথুৰানগৰীৰ সিংহদ্বাৰৰ কুবলয়পীড় হাতীটোৰ নিধন হ’ল। কৃষ্ণ-বলোৰামৰ খোজৰ শব্দ। )

মঞ্চত উপৱিষ্ট মথুৰাৰাজ কংস। তিনিখন কাৰাগাৰ। সোঁ‌ফালৰ কাৰাগাৰত সেয়া অধোবদনে দৌৱকী-বসুদেৱ। বাওঁ‌ফালে কংস পিতৃ উগ্ৰসেন। লগত মাতৃ পদ্মাৱতী। তৃতীয়খন কাৰাগাৰ অদৃশ্য। তাত আৱদ্ধ ভোজৰাজ কংস। পৰিচালক জগতমোহন দেৱগোস্বামীৰ নিৰ্দেশত সজোৱা তিনিওখন কাৰাগাৰ ছাঁ‌-পোহৰৰ সমলয়।
কংস উঠি গ’ল প্ৰথম কাৰাগাৰলৈ। দৈৱকী-বসুদেৱে মূৰ তুলি চালে।
: বান্ধৱ বসুদেৱ।
: কোৱা কংস। বধ কৰিবলৈ আমাৰ আৰু সন্তান নাই।
: বাসুদেৱ, তোমাৰ সন্তানকেইটাক তুমিয়েই বধ কৰিছা।
: কি কথা কৈছা কংস! তুমি কাৰাগাৰৰ দেৱালত চৰম নিৰ্দয়তাৰে আচাৰি মাৰিছা।
: না না বান্ধৱ। মই মোৰ ভগ্নীকহে মাৰিব খুজিছিলোঁ‌। তোমাৰ পত্নীক বচাবলৈ কাপুৰুষৰ দৰে তুমিয়েই তোমাৰ অজন্মা শিশুকেইটাক বলিৰ বাবে আগবঢ়াই দিছা।
: সেয়া তুমি বাধ্য কৰাইছিলা। মোৰ হাতত আৰু অন্যপথ নাছিল।
: তোমাৰ পত্নীক বচাবলৈ তুমি মোৰ লগত যুদ্ধ কৰিব পাৰিলাহেতেঁ‌ন। অথবা, তুমি নিজৰ জীৱন বিসৰ্জন দিব পাৰিলাহেতেঁ‌ন। নিজক বচাবলৈ, অথবা দৈৱকীক বচাবলৈ তুমি তোমাৰ সন্তানকেইটাক পৰম নিৰ্দয়তাৰে বলিৰ বাবে আগবঢ়াই দিছিলা। হত্যাকাৰী তুমি। মই মাথোঁ‌ মাধ্যম। মই ক্ৰীড়নক।
ম্লান হাঁ‌হি মাৰিলে কংসই।
ক্ষণিক মৌন হ’ল বাসুদেৱ। দৈৱকীয়ে অবুজ ভাৱে বসুদেৱলৈ চালে।

: হেতেঁ‌নবোৰৰ কোনো অৰ্থ নাই কংস বান্ধৱ। আমি অভিনয় কৰিবলৈ মঞ্চত উঠিছোঁ‌। তোমাৰ সময় সমাগত। আকাশবাণী আজি সঁ‌চা হব। মোৰ কৃষ্ণ-বলোৰাম তোমাৰ দুৱাৰডলিত। মৃত্যুৰ বাবে সাজু হোৱা কংস।

: হা হা হা। মৃতদেহক আৰু কোনে মাৰিব পাৰে! মই এটা মৃতদেহ। সিদিনা সেয়া আকাশবাণী নাছিল। সেয়া মোৰ জন্মদাত্ৰী মাতৃৰ অভিশাপ আছিল। মাতৃৰ অভিশাপ নোহোৱাহেতেঁ‌ন এই কংসই আকাশবাণীও ওলোটাই দিলেহেতেন। মোৰ জন্মৰ আগতেই মই মৰিছিলোঁ‌। মোক বধ কৰা হৈছিল। সেয়া মোৰ হত্যাকাৰী, সেয়া কাৰাগাৰত মাতৃ পদ্মাৱতী আৰু পিতৃ উগ্ৰসেন। আৰু মই জাৰজ সন্তান। চোৱা, তেওঁলোকে মুখ লুকুৱাইছে।

: বৎস কংস, তই তই নহয়। মোৰ গৰ্ভত থিতাপি লৈছিল অসুৰ কালনেমী, তোৰ ৰূপত। মই নাজানিছিলোঁ‌, সেয়া তোৰ দেউতা নাছিল বুলি, মই মায়াৰ স্বীকাৰ হৈছিলোঁ‌। বিবেক-দংশনৰ তাড়নাত মই সেই ভ্ৰূণক অভিশাপ দিছিলোঁ‌। -কাৰাগাৰৰ ভিতৰৰ পৰাই মাতৃ পদ্মাৱতীয়ে চিঞৰি উঠিল।
: জন্মৰ আগতেই মৃত্যুৰ অভিশাপ লৈ মই তোমাৰ গৰ্ভত বাঢ়িছিলোঁ‌। আৰু, আধা অসুৰ আধা মানৱৰ ৰূপত মোক জন্ম দিছিলা! মা, আজি মোৰ মৃত্যু হ’ব, উদযাপন কৰা মা। উদযাপন কৰা। মই কিন্তু মা শেষ মুহূৰ্তলৈ যুদ্ধ কৰি যাম, যদিও জানো, এয়া এক প্ৰহসনহে হব। -কংসই উত্তৰ দিলে।

এনেতে ডবা-শংখ বাজি উঠিল। কথোপকথন শুনা নগ’ল। মঞ্চত প্ৰৱেশ ঘটিল বংশী-ময়ূৰপংখীধাৰী দৈৱকীনন্দনৰ। হলধৰ ৰোহিনীতনয়ৰ। চিক-মিক পোহৰ, উজ্জ্বল-ভাস্বত।

বাহ! মৃত্যুও ইমান সুন্দৰ! তোমাৰ বাবেই মই অপেক্ষা কৰি আছিলোঁ‌ কৃষ্ণ। তোমাক লগ পাবলৈয়েই মই অতনা পাপ কৰিছোঁ‌। চক্ৰবাৎ পঠিয়াইছোঁ‌, পুতনাক লগাইছোঁ‌, বকাসুৰ, অঘাসুৰক পঠিয়াইছোঁ‌। আহা, মোৰ কায়িক সত্তাক নিধন কৰা। আত্মাতো মোৰ কাহানিবাই হেৰাই গৈছে। -কংসই স্বগতোক্তি কৰিলে।

পীতাম্বৰ-নীলাম্বৰ যুটী মঞ্চলৈ উঠি আহিছে। মথুৰাৰ সৰ্বোচ্চ শক্তিমন্ত পালোৱান চনুৰ আৰু মুষ্টিকে আগচি ধৰিছে কৃষ্ণ-ৰামক।
বিশালাকায় চনুৰ-মুষ্টিকে প্ৰাণবায়ু এৰিছে, সিপুৰীলৈ গমন কৰিছে। কৃষ্ণৰ কোমল মুখত ঘাম বিৰিঙিছে। বলোৰামৰ মুখ ৰক্তাভ হৈ পৰিছে।

ডবা বাজিছে, শংখ বাজিছে, বৰ-কাঁহ বাজিছে।

উৰা মাৰি কৃষ্ণ কানায়ে কংসৰ চুলিত ধৰিছে… সিংহাসনৰ পৰা কংস উফৰি পৰিছে। স্বৰ্ণখচিত ৰাজমুকুট খহি পৰিছে। বাগৰি-বাগৰি ঘূৰি ফুৰিছে। কংসৰ বুকুত বহি লৈছে কৃষ্ণ পীতাম্বৰ।

কংসই শ্ৰীকৃষ্ণৰ কপালত চুমা খাইছে, আহ! মৃত্যুতো ইমান স্বৰ্গীয় সুখ! কি প্ৰশান্তি!

বিজুলী এছাটি মাৰিলে।
”বৰদেউতা।”
বনমালীৰ মাত আৰু বিজুলীৰ পোহৰত মথুৰানাথৰ সন্বিৎ ফিৰি আহিল। সন্ধিয়াটো ৰাতিৰ বুকুত জাহ গৈছে।

বনমালীৰ গালত হাত বুলাই মৰমেৰে মথুৰানাথে ক’লে, -”তোক মই কানাই বুলি মাতিম বনমালী।”

”হব বৰদেউতা। এতিয়া মই যাওঁ‌হে। ভাওনাৰ বাবে মুখা সাঁ‌জিব আছে। জগতমোহন দেৱগোস্বামীয়ে কৈছে, মুখাৰ প্ৰয়োজন নাই। তথাপি বৰদেউতা, আমি সাজু হৈ থকা ভাল।
মনত ৰাখিব, অহা অমাৱস্যাৰ নিশা কংস বধ ভাওনা।” -বনমালী উঠিল। আৰু, আনন্দৰ হাতত ধৰি চোতালৰ অকলশৰীয়া খুটাটোত আউজাই থোৱা ম’হৰ গাড়ীৰ চকাটোৰ পিছ ফালেৰে ওলাই বৰষুণত হেৰাই গ’ল। অদৃশ্য অক্ষদণ্ড এডালক কেন্দ্ৰ কৰি চকাটো ঘূৰি থাকিল, মহাশূন্যতে।
***

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments