বাংগালুৰুত বিহু (বিকাশ দাস)

বিকাশ দাস
(প্ৰায় ৫,০০০-৬,০০০ লোক সমবেত হৈছিল সন্ধিয়াটো উপভোগ কৰিবলৈ । জুবীনদা উঠিল । মানুহৰ হৈ-হাল্লা বাঢ়ি আহিল । চাৰিওফালৰপৰা জুবীনদা, জুবীন দা চিঞৰ । জুবীন-জুবিলীৰ গীত আৰম্ভ হ’ল “জ্বলি উঠা জুই হৈ ” শীৰ্ষক গীতেৰে । মন-প্ৰাণ চুই যোৱা আধুনিক অসমীয়া, বাঙালী গীত, হিন্দী গীতৰে দুয়ো শিল্পীয়ে সন্ধিয়াটো উজলাই তুলিলে ।)

বাংগালুৰুত বিহু

মাঘ বিহুৰ উদ্‌যাপনৰ নামত আমি বাংগালুৰুত থকা অসমীয়া মানুহখিনিয়ে ইজনে-সিজনৰ লগ লাগিবলৈ এটা সুন্দৰ সুযোগ পাওঁ । ASSAM SOCIETY OF BANGALORE ৰ উদ্যোগত বাংগালুৰুত প্ৰতিবছৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে ভোগালী বিহু অনুষ্ঠিত হৈ আহিছে । ২০১২ চনত মই এই ছ’চাইটিত যোগদান কৰিছিলোঁ । স্বজাতি, ওপজা মাটিৰ টান থকা বাবে আমি বাংগালুৰুবাসীয়ে বিগত বৰ্ষতো একলগ হৈ উছৱটো অনুষ্ঠিত কৰিছিলোঁ । সেয়া মোৰ কাৰণে এক বিৰল অভিজ্ঞতা । বিহুত আমি একলগ হৈ উলহ-মালহেৰে উৰুকাৰ ৰাতি এসাঁজ হাঁহ মাহেৰে খাইছিলোঁ । নৱবৰ্ষতো একেই সময়তে আকৌ এটা উৰুকাৰ ৰাতি কটাবলৈ মই সাজু হৈছো । আগতকৈ অধিক আগ্ৰহেৰে মাঘ বিহু অনুষ্ঠিত কৰিবলৈ আমি সকলোৱে সাজু হৈ উঠিছো ।

বিগত বৰ্ষৰ ১৯ ফেব্ৰুৱাৰীত মাঘবিহুৰ মহাআয়োজনৰ সময়ছোৱাত মই নতুন সদস্য হিচাপে খুব মৰম আৰু সহায় পাইছিলো বাকী সদস্যৰ পৰা । প্ৰায় তিনি মাহৰ প্ৰস্তুতিৰ অন্তত সেই দিনটো আহিছিল । অসম চৰকাৰৰ পৰা মন্ত্ৰী শ্ৰী যুত প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰীৰ সন্তান গৌৰৱ গগৈয়ে অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰিছিল। সুৰৰ জগতত দপ্‌দপাই থকা জুবিন গাৰ্গো ইদিনা আমাৰ মাজত আছিল । সকলোৱে মনে-প্ৰাণে সাজু হৈ উঠিছিল এটি সুন্দৰ সন্ধিয়া আমাৰ লগত কটাবলৈ। প্ৰীয়ংকা ভড়ালীৰ কেইটিমান গীতৰ কলিৰে সৈতে আৰম্ভ হ’ল অনুষ্ঠান ।

RAMAYAH COLLEGEকে ধৰি কেইবাখন কলেজৰ বিহু দলে অংশগ্ৰহণ কৰি বাংগালুৰুৰ মাটিত অসমীয়া সংস্কৃতিৰ জয়ধ্বজা আকাশলৈ তুলিছিল। দলকেইটাৰ দক্ষতাও আছিল লক্ষণীয়। অসমৰ বাহিৰত থাকিও বিহু মৰাৰ উদ্যোগ দেখি আপ্লুত হৈ পৰিছিলো । আমাৰ বিহু দলটোৰ নাম আছিল ৰংমন বিহুৱা দল । লাহে লাহে সন্ধিয়া নামি আহিল । মানুহৰ সমাগম বাঢ়ি আহিল । প্ৰায় ৫,০০০-৬,০০০ লোক সমবেত হৈছিল সন্ধিয়াটো উপভোগ কৰিবলৈ । জুবীনদা উঠিল । মানুহৰ হৈ-হাল্লা বাঢ়ি আহিল । চাৰিওফালৰপৰা জুবীনদা, জুবীন দা চিঞৰ । জুবীন-জুবিলীৰ গীত আৰম্ভ হ’ল “জ্বলি উঠা জুই হৈ ” শীৰ্ষক গীতেৰে । মন-প্ৰাণ চুই যোৱা আধুনিক অসমীয়া, বাঙালী গীত, হিন্দী গীতৰে দুয়ো শিল্পীয়ে সন্ধিয়াটো উজলাই তুলিলে ।

‘য়া আলী’ গানটো যেতিয়া আৰম্ভ হ’ল, দৰ্শকে once more once more চিঞৰিলে। জুবীনদাক কাষৰ পৰা লগ পোৱা এয়া মোৰ প্ৰথম সুযোগ আছিল ।বাংগালুৰুৰ পৰা প্ৰকাশ পোৱা ‘জেউতি’ নামৰ আলোচনীখন উন্মোচন কৰিলে গৌৰৱ গগৈ দেৱে । মন্ত্ৰী প্ৰদুৎ বৰদলৈয়ে আমাৰ প্ৰচেষ্টাৰ শলাগ লৈ আমাক আগুৱাই যাবলৈ সু-পৰামৰ্শ দিলে । সুন্দৰ পৰিকল্পনাৰে গোটেই অনুষ্ঠানটো আমি চলাই লৈ গ’লোঁ । সঁচাকৈ ই এক মনত ৰাখিব লগা অভিজ্ঞতা । এইবাৰো ঠিক একেই সময়তে বিহু পতাৰ যো-জা চলি আছে । আকৌ এক নতুন অভিজ্ঞতা লাভৰ আশাত এতিয়াৰ পৰাই অনুভূত হৈছে শিহৰণ, ৰোমাঞ্চ।
Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!