২০১৩-১৪ চনৰ বাজেট আৰু কিছু অনুভৱ (দীপাঙ্কৰ মল্ল বৰুৱা)

অসমৰ মূখ্যমন্ত্ৰীয়ে দাখিল কৰা ২০১৩ – ১৪ চনৰ বাজেটৰ ওপৰত যোৱা কালি টি ভি চেনেল বোৰত অনেক বাদ বিবাদ প্ৰত্যক্ষ কৰিলোঁ। বাৰ্ষিক বাজেটে এখন ৰাজ্য বা এখন দেশৰ ভৱিষ্যতৰ নীতি বা পদক্ষেপ নিৰ্ধাৰণ কৰে। পিচে টি ভিৰ আলোচনা বোৰ চাই এটা কথাই মনলৈ আহিল যে ৰাজনীতি কৰা মানুহে ৰাজনীতিৰ আওতাৰ বাহিৰত একো বস্তু চাব বা বুজিবলৈ চেষ্টাই নকৰে। সাধাৰণ দৰ্শক হিচাপে আমি বাজেটৰ দৰে বিষয় এটাৰ ওপৰত নিৰপেক্ষ আৰু বস্তুনিস্থ আলোচনা হোৱাটো বিচাৰোঁ। বাজেট এখন বিশ্লেষণ কৰি চাবলৈ আমাৰ দৰে বহুতৰে যথাযোগ্য অৰ্হতা নাথাকে। সেয়ে আমি বিচাৰোঁ বাজেটৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত কৰা আলোচনাত ৰাজনীতিৰ গণ্ডীৰ পৰা বাহিৰত থকা আৰু এই বিষয়ত জ্ঞান থকা বিষেশজ্ঞ লোককহে টি ভিৰ আলোচনা বোৰলৈ মাতি আনিব লাগে।

আমি বাতৰি কাকতত পঢ়িবলৈ পোৱা মতে ২০১৩ চনৰ পৰা সমগ্ৰ বিশ্বৰ অৰ্থনীতি মন্দাৱস্থাৰ পৰা কিছু পৰিমানে মুক্ত হৈ উৰ্ধমূখী হোৱাৰ আশা দেখা গৈছে। বৰ্তমান গোলকীকৰণৰ দিনত বিশ্বৰ সামূহিক অৰ্থনৈতিক অৱস্থাই প্ৰায় সকলো দেশৰে নাগৰিকক চুই যায়। ধাৰত পোত খাই থকা ইউৰোপীয় দেশ সমূহলৈ কিছু পৰিমানে স্থিৰতা ঘূৰি আহিছে। আমেৰিকা যুক্তৰাষ্ট্ৰত গৃহঋণৰ পৰিশোধৰ প্ৰক্ৰিয়া আকৌ আৰম্ভ হৈছে আৰু ইয়াৰ ফলত মাৰ্কিন অৰ্থনীতি আকৌ টনকিয়াল হোৱাৰ দিশে গতি কৰিছে। তেল আৰু গেছৰ সন্ধানত সফলতায়ো মাৰ্কিন অৰ্থনীতিৰ উন্নয়নত সহায় কৰিছে। চীন দেশে এই বছৰটোতো জনমূৰি আয়ৰ বৃদ্ধিৰ পৰিমান পূৰ্বৰ দৰেই ক্ষিপ্ৰ গতিত অক্ষুন্ন ৰাখিব বুলি আশা কৰা হৈছে। পিচে চীনত এই বিকাশৰ ধাৰা কিমান দিনলৈ বৰ্তি থাকিব পাৰে সেয়া বিশ্বৰ অৰ্থনীতিবিদ সকলৰ সন্দেহৰ বিষয় হৈ পৰিছে। মূলত: ৰপ্তানিৰ ক্ষেত্ৰত আহি পৰা শিথিলতাই চীনৰ অৰ্থনীতিত বিৰূপ প্ৰভাৱ পেলাব বুলি অনুমান কৰা হৈছে।
বিশ্বৰ অৰ্থনৈতিক প্ৰগতিলৈ প্ৰচুৰ অৱদান থকা জাপান আৰু জাৰ্মানীৰো অৰ্থনৈতিক উন্নয়নৰ হাত স্তিমিত হৈ পৰাৰ আশংকা কৰা হৈছে। দুয়োখন দেশতে কৰ্মৰত জনসংখ্যা দ্ৰুত গতিত হ্ৰাস পোৱাৰ কাৰণে মূলত: এই সমস্যাৰ সৃষ্টি হৈছে বুলি ঠাৱৰ কৰা হৈছে। আনহাতে বৃটেইনত কৰ্মৰত জনসংখ্যা বৃদ্ধি পোৱাৰ কাৰণে অৰ্থনৈতিক উন্নয়ন ক্ষিপ্ৰতৰ হ’ব বুলি আশা কৰা হৈছে।
মুঠতে ২০১৩ বছৰ টোত বিশ্বৰ অৰ্থনীতি যোৱা কেই বছৰ মানৰ তুলনাত যথেষ্ট টনকিয়াল হ’ব বুলি আশা কৰা হৈছে। সেই হেতুকে আমি আশা কৰিব পাৰোঁ যে ভাৰতৰ অৰ্থনীতিতো বিশ্বৰ অৰ্থনীতিৰ উৰ্ধমান গতিয়ে সুপ্ৰভাৱ পেলাব। ভাৰত্ৰ জনমূৰি আয় যোৱা কেই বছৰ মানৰ তুলনাত অধিক গতিত বাঢ়িব বুলি আশা কৰিব পাৰি।
এনেকুৱা ইতিবাচক অৰ্থনৈতিক পৰিৱেশত আমি আমাৰ ৰাজ্য খনৰ বাবেও এখন সুপৰিকল্পিত উন্নয়নমূখী বাজেট আশা কৰিছিলোঁ। এই ক্ষেত্ৰত মোৰ বোধেৰে এই বাজেট খনত কিছু আশাৰ ৰেঙনি আছে। ৰাজ্য খনলৈ অধিক বিনিয়োগ আকৰ্ষিত কৰিবলৈ কিছুমান অভিলাষী প্ৰকল্প হাতত লবই লাগিব। মই ভাবো এই প্ৰকল্প বোৰ পৰিকল্পনা মতে ৰূপায়িত কৰিব পৰাটোতহে বাজেট খনৰ কৃতকাৰ্য্যতা নিৰ্ভৰ কৰিব।
উন্নয়নৰ স্বাৰ্থত ৰাজনীতিৰ দলা দলিৰ পৰা মুক্ত পৰিৱেশ এটা সকলোৰে কাম্য।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!