বাটৰুৱা (চন্দ্ৰমা কলিতা)

বাটৰুৱা


এইখিনিতে আছিল
মোৰ কলিজাৰ এফাল
দুখৰ হাতোৰাৰে সাৰ পানী দি ৰুৱা
বেজেৰুৱা এজাৰ
নিয়ৰৰ ঘৰবোৰ কিয় ছিঙিলি
দুখৰ জুইকুৰাত দুহাত সেকি কিয় শোকবোৰ পুৰি ছাই কৰিলি
ক্ষন্তেকৰ ভাল লগাৰ চকু ছাট মৰা পোহৰৰ ৰেঙনি
বন্ধ দুৱাৰত টোকৰ দি
শোকৰ ৰাতিৰ টোপনি কিয় ভাঙিলি?

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!