বাতৰি বিলোৱা মানুহজনৰ মনৰ খবৰ বিচাৰি- প্ৰদীপ পাটগিৰি

জাৰ কিম্বা জহ
ৰ’দ কিম্বা বৰষুণ
কুঁৱলী কিম্বা ধুমুহা
প্ৰতিদিন প্ৰভাতত
আপোনাৰ অবিৰত যাত্ৰা

আপোনাৰ সংগী চাইকেল
ৰুগ্ন কিম্বা সুস্থ
শৰীৰৰো সদৃশ কথা
মানৱ দেহা
সকলো আওকাণ কৰি
ঘূৰে আপোনাৰ চাইকেলৰ চকা

বৰষুণে বোকাৰ ফুল বাচে
পিচল পথ
কুঁৱলীয়ে ঢাকি থয়
শীতৰ পথ
বাৰিষাৰ বানে বিচ্ছিন্ন কৰে পদপথ

অজুহাত আপোনাৰ বাবে অচিনাকি
নাজানে ফাঁকি
সমস্ত প্ৰতিকূলতা নেওচি
এমুখ হাঁহিৰে
আপুনি উজলি উঠে
আমাৰৰ চোতালত
চাইকেলৰ জোলোঙাত
হেঁপাহৰ কাকত৷

হকাৰ দাদাজনৰ কথাকেই ক’ব বিচাৰিছোঁ৷ বৃহত্তৰ বাৰাপেটা, খাৰিজা বিজনী অঞ্চলৰ হকাৰ তেওঁ৷ শুভ নাম শিৱলাল তিমছিনা৷ ৫০টা বসন্ত গৰকা তেওঁৰ জীৱন৷ স্বভাৱত শান্ত৷ সহজ-সৰল৷ অমায়িক৷ মৃদুভাষী৷ পৰিশ্ৰমী৷ কষ্টসহিষ্ণু৷ শিক্ষাগত অৰ্হতা নৱম শ্ৰেণী৷ পাঁচজনীয়া পৰিয়াল তেওঁৰ৷ এজন ল’ৰা৷ দুজনী ছোৱালী৷ বৰপেটাৰোডৰ পৰা প্ৰায় ১৫ কিঃ মিঃ উত্তৰে বেঁকী নৈৰ পাৰত তেওঁৰ হেঁপাহৰ ঘৰ৷ ঠিকনাঃ ওদালগুৰি, মইনামাতা, বাগসা৷ নৈৰ গৰাখহনীয়াত বিধ্বস্ত মানুহজন পূৰ্বতে কৃষক আছিল৷ তেওঁৰ আছিল সোণ যেন ৭ বিঘা কৃষি উপযোগী মাটি৷ তামোল-পাণ আৰু নেমুৰ বৃহৎ বাগান৷ তামোল-পাণ, নেমু আৰু কৃষিৰ উৎপাদিত ফচল বিক্ৰী কৰি তেওঁ চলাই নিছিল পৰিয়ালৰ ৰথ৷ বেঁকী নৈৰ প্ৰবল গৰাখহনীয়াত তেওঁ সৰ্বস্বান্ত হয়৷ বেঁকীৰ বুকুত জাহ যায় তেওঁৰ নিটোল বাৰী-বাগান আৰু সমস্ত মাটি-ভেটি৷ তেওঁৰ জীৱন আৰু পৰিয়ালটোলৈ নামি আহে হাহাকাৰ আৰু অমানিশাৰ আন্ধাৰ৷ মানুহজনে লাভ নকৰিলে উপযুক্ত চৰকাৰী সাহায্য৷ সম্বন্ধীয় মানুহ এজনৰ মাটিত জুপুৰি ঘৰ এটা সাজি তেওঁ আশ্ৰয় গ্ৰহণ কৰে৷ জীৱিকাৰ সন্ধানত যাবলৈ বাধ্য হয় বৰপেটাৰোডলৈ৷ বাণিজ্য নগৰী বৰপেটাৰোডৰ মাজমজিয়াত অৱস্থিত ’দুৰ্গাবাড়ী-কালীবাড়ী মন্দিৰ’ত নাম মাত্ৰ দৰমহাত তেওঁ যোগদান কৰে নৈশ চকীদাৰ হিচাপে৷

২০০৮ চন৷ নৈশ চকীদাৰৰ দায়িত্ব সুকলমে সামৰি ৰাতিপুৱা ঘৰলৈ ওভতাৰ পথত ওদালগুৰি চ’কৰ কেইজনমান দোকানীৰ অনুৰোধত তেওঁ এদিন বৰপেটাৰোডস্থিত ’ৰয় ভেৰাইটিছ’ৰ পৰা ৮খন দৈনিক বাতৰি কাকত আনে৷ আৰু এনেকৈয়ে সেইদিনাৰ পৰা শুভাৰম্ভ হয় তেওঁৰ হকাৰৰ ব্যস্ত পৰিশ্ৰমী জীৱন৷ ক্ৰমশঃ বৃদ্ধি হয় গ্ৰাহকৰ সংখ্যা৷

এটা সময়ত তেওঁৰ গ্ৰাহকৰ সংখ্যা হৈছিল ১৮০৷ এতিয়া ১২০৷

“গ্ৰাহকৰ সংখ্যা কিয় কমিল?“ আমাৰ এই প্ৰশ্নৰ উত্তৰত তেওঁ কৈছিল-

“মই নিজেই কমাইছোঁ৷ কিছুমান মানুহে পেপাৰ ৰাখে যদিও মাহৰ মূৰত টকা দিবলৈ অৱহেলা কৰে৷ টকা নিদিয়ে৷ গতিকে তেনে গ্ৰাহকক মই পেপাৰ দিবলৈ বাদ দিছোঁ৷“

“হকাৰৰ কাম কৰি আপুনি সুখীনে?“

“হয় সুখী৷ কিছুমানে টকা মাৰিছে যদিও ভাল মানুহো আছে৷ তেওঁলোকে মোক বহুত মৰম কৰে৷ সন্মান কৰে৷ তেওঁলোকৰ বাবেই কামটোত কষ্ট হ’লেও কামটো এৰিব মন নাযায়৷“ -শিৱলাল তিমছিনাৰ অকপট স্বীকাৰোক্তি৷

“কাকত বিলাই পোৱা লাভেৰে আপোনাৰ পৰিয়াল চলেনে?“

আমাৰ এই প্ৰশ্নৰ উত্তৰত তেওঁ কৈছিল- “নচলে৷“ আৰু নচলাৰ বাবেই সম্প্ৰতিও তেওঁ নৈশ চকীদাৰৰ দায়িত্ব পালন কৰে বৰপেটাৰোডস্থিত ’পাটোৱাৰী মাৰ্কেট’ত৷

নিশাৰ ভাগত নৈশ চকীদাৰ৷ দিনৰ পোহৰত হকাৰ৷ প্ৰতিদিন ৰাতিপুৱা ৫ বজাত আৰম্ভ হয় তেওঁৰ ব্যস্ত, কষ্টকৰ, পৰিশ্ৰমী জীৱন৷ জীৱিকাৰ তাড়নাত তেওঁ দৈনিক চলায় প্ৰায় ৭০ কিঃ মিঃ চাইকেল৷ ঘৰে ঘৰে বিলায় নিৰ্দিষ্ট কাকত৷ বাট-পথৰ অৱস্থাও তথৈৱচ৷ প্ৰতিকূল বতৰকো নেওচি তেওঁ নিজ কৰ্তব্য সুন্দৰকৈ পালন কৰে৷ আমাৰ হাতত তুলি দিয়ে হেঁপাহৰ কাকতখন৷ বিনিময়ত ন্যূনতম লাভ৷

“কেই বজাত আপোনাৰ কাকত বিলোৱা সমাপ্ত হয়?“

“আবেলি দুই-আঢ়ৈ বজাত৷“

পৰিশ্ৰমী আৰু সৎ উপাৰ্জনৰ টকা অলপ অলপকৈ সঞ্চয় কৰি তেওঁ কিনিছে এডৰা মাটি৷ সাজিছে জুপুৰি৷ সেইদিনা আবেলি তেওঁৰ সেই জুপুৰি ঘৰত আমি গৈ উপস্থিত হৈছিলোঁ৷ এমুখ হাঁহিৰে তেওঁ আমাক স্বাগতম জনাইছিল৷ চোতালত পাৰি থোৱা চকীত বহি পাতিছিলোঁ মনৰ কথা৷ অন্তৰ খুলি কৈছিল তেওঁ হৃদয়ত সাঁচি ৰখা কথাবোৰ৷ জীৱনৰ সুখ-দুখ, হাঁহি-কান্দোন, আশা-সপোন, হকাৰৰ জীৱন৷ তেওঁ অন্তৰেৰে কামনা কৰে চৰকাৰী সাহায্য, সু-দৃষ্টি৷ আমিও৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Copying is Prohibited!