বানৰ শেষত আকৌ ধান (-মনোহৰ দত্ত)


আহিনৰ নিশাৰ সুবাস
আমেজত বিভোৰ হিয়া
গজৰাজত উঠি আহিব
নাওত বহি বিদায় ল’ব
দুৰ্গতিনাশিনী
আশাৰ বাতৰি বুকুৱে বুকুৱে।
এইবাৰ নহ’ল ধান
তাকেই ভাবি নকৰিবা দুখ
সকলোৱে জানে
আহিছিল বলিয়া বান।
বীজবোৰ আকৌ সিঁচিবা
আকৌ ৰুবা
মাণিকীমধুৰী ধান।
জীৱনৰ বাবে ধান
সপোনৰ বাবে ধান
বন্ধুৰ বাবে ধান
প্ৰেমৰ বাবে ধান
ধান দেশৰ বাবে।
প্ৰতিটো ধানত বাজে
একো একোটি সুৰীয়া গান।
ধানৰ বুকুত প্ৰাণ
প্ৰাণে প্ৰাণে
প্ৰতিটো ধানত গান
বানৰ শেষত আকৌ ধান।

 
 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!