বান যোৱাৰ পাছত (দেৱাংগ পল্লৱ শইকীয়া)
দেৱাংগ পল্লৱ শইকীয়া
(বানে সকলো কাঢ়ি নিয়া এজনী কাল্পনীক সৰু ছোৱালী, ঘটনা বাস্তৱ)
এইখিনিতেই আমাৰ এটা ঘৰ আছিল। আছিল দুজোপা শেৱালিৰে ভৰা এখন চোতাল। ঘৰটো আছিল মাটিৰ ঘৰ, তথাপি আমাৰ আক্ষেপ নাছিল। মাটিৰ ঘৰতেই মই ৰচিছিলোঁ সপোন আৰু পথাৰৰ আপোন পিতায়ে মোৰ সপোনবোৰ জীয়ন দি ৰাখিছিল। দুজোপা শেৱালিৰে ভৰা চোতালত যেতিয়া জোনাক নামিছিল, জোনাক নামিছিল আমাৰ বুকুৰ চোতালতো। মাটিৰ ঘৰ বুলি আই, মই বা পিতায়ে দুখ কৰা নাছিলো, আমি সুখী আছিলো। আমি সুখী আছিলো অন্ততঃ বাৰিষা নহালৈকে।
ৰাতি বৰষুণ আহিলে যেতিয়া কোনোবাই বৰষুণৰ টোপাল, বৰষুণৰ ঝিৰ ঝিৰ শব্দত বিভোৰ হৈ কবিতা লিখে, সেই সময়ত মই কুচিমুচি হৈ আইৰ বুকুত সোমাই ৰওঁ। চালেৰে আমাৰ শেতেলীত পানী পৰে। আই নিজে তিতি মোক কেনেবাকে নিতিতাকে ৰাখে। পিতায়ে অসহায় হৈ চাই থাকে চালৰ ফাঁকেৰে আকাশলে’। বাৰিষা আহিলেই আহে আমাৰ যাতনাৰ ৰাতি। ৰাতি বেলেগে বৰষুণৰ আমেজ লোৱাৰ সময়ত আইয়ে জন্ম লোৱাৰ অভিশাপ সুৱঁৰি গোপনে এসোঁতা কান্ধে, পিতায়ে নেদেখাকে…বৰষুণৰ হু-হুৱনিত আইৰ কান্দোনৰ শব্দ তল পৰে-মই মনে মনে বৰষুণ কাবৌ কৰো-গুছি যা…গুছি যা। এসময়ত বৰষুণ নোহোৱা হয়। পিছদিনা ৰাতিপুৱা শেৱালিৰে দুজোপাৰে সতে গা ধুই চোতাল সজীৱ হৈ থাকে। আমি আগৰাতিৰ যাতনা পাহৰি থাকো।
এইবাৰ বৰষুণ নৰ’ল। শেৱালিৰে দুজোপা হাউলি পৰিল। আমাৰ খুদকণ পৰ্য্যন্ত উটুৱাই নিলে বানে। আমি আমাৰ হেপাঁহৰ ঘৰ এৰি মথাউৰিলৈ আহিলো। আই পিতাইয়ে মোক সান্তনা দি থাকিল, পানী শুকালেই আমি আকৌ ঘৰলৈ উভতি যাম। ৰাতি মথাউৰিত আকাশৰ তলত শোওঁতেও সপোন দেখি থাকিলো মই, আমাৰ ঘৰখন, দুজোপা শেৱালিৰে ভৰা এখন চোতাল। লঘোনিয়া পেটেও মোৰ সপোন কাঢ়ি নিব পৰা নাছিল। মোক নকলেও মই জানো একেটা সপোনকে আই আৰু পিতাইয়েও।
আৰু এদিন আমি উভতি আহিছিলো। মথাউৰিৰ পৰা ঘৰ অভিমুখে। দুৰৰ পৰা একো নেদেখি মোৰ বুকুখন কঁপিছিল। ওচৰ পাওঁতে গম পাইছিলো তাত আৰু কোনো ঘৰ নাছিল। নাছিল চোতালৰ শেৱালি দুজোপা। বানে আমাৰ ঘৰ কাঢ়ি নিছিল। কাঢ়ি নিছিল আমাৰ সপোনবোৰ। বোকাত আধা পোত গৈ থকা পিতাইৰ জাপিটো দেখি অনুমান কৰিছিলো এইখিনিতেই আমাৰ ঘৰটো আছিল। আছিল দুজোপা শেৱালীৰে ভৰা এখন চোতাল। ঘৰতো আছিল মাটিৰ ঘৰ, তথাপি আমাৰ আক্ষেপ নাছিল। মাটিৰ ঘৰতেই আমি ৰচিছিলোঁ সপোন। আইয়ে প্রথমবাৰৰ বাবে পিতাইয়ে শুনাকে কান্দিছিল। মই পিতাইৰ হাতদুখন ধৰি উচুপি উচুপি কান্দিছিলো। পিতাইয়ে আকাশৰ ফালে চাই কৈছিল-“আকাশ…আমি নিৰ্দোষী আছিলো”!