বাম্বোলপিটা গীত আৰু অনুস্থান : এক দৰঙী লুপ্তপ্ৰায় লোকসংস্কৃতি (বিতোপন শৰ্মা বৰুৱা)

বাম্বোলপিটা গীত আৰু অনুস্থান : এক দৰঙী লুপ্তপ্ৰায় লোকসংস্কৃতি

বিতোপন শৰ্মা বৰুৱা

অ-ক-ব ত কমেন্ট দুই এটা মাজে সময়ে লিখিলেও পোষ্ট আজিলৈ দিয়া নাছিলো, এই গোটৰ জৰিয়তে অসমীয়া Unicode লিখনৰ ওপৰত বহু সজাগ হ’লো , আমাৰ এটা গোট আছে ” মঙ্গলদৈয়ান ” নামৰ, ইতিমধ্যে গোটটোৰ পৰা প্ৰকাশ হৈ অহা তিনিমহীয়া অসমীয়া আলোচনী ” দ্বাৰমে ” জানুৱাৰী-২০১৩ সংখ্যাটোৰ সতে বৰ্ষপুতি গচকিব| আমাৰ গোট আৰু পেজবোৰতো পৰ্যায় ক্ৰমে অসমীয়া ইউনিক’ডত লিখাৰ প্ৰচেষ্টা আৰম্ভ কৰিছো, অকব ৰ পৰা এইক্ষেত্ৰত যথেষ্ট প্ৰেৰনা পাইছো| কিছু হেৰাই যাব ধৰা দৰঙী পুথি , গীত আদিৰ ইউনিক’ডত ৰূপান্তৰিত কৰাৰ কামো হাতত লৈছো ” শিপাৰ সন্ধান ” নামৰ এটা প্ৰকল্পৰ নাম দি| যোৱা জুলাই মাহত দৰঙী লোক সংস্কৃতিৰ প্ৰায়ভাগ অনুস্থান পৰিবেশনৰ এক অনুস্থুপীয়া অয়োজন কৰি ইয়াক সৰু ” ভিডিঅ’ আকাৰ কৰি ৰাখিছো, যাক আমাৰ আহিবলগীয়া ৱেবচাইটত তুলি ধৰাৰ মানস কৰি ৰাখিছো| কিন্তু এটা কথাই চিন্তাত পেলাইছে , এই ধৰক আমি কিছু পুথিৰ(লুপ্তপ্ৰায়) ইউনিক’ড ৰূপ দিব লৈছো, কিন্তু ইয়াৰ দ্বাৰা ” প্ৰকাশকৰ দ্বাৰা সৰ্বস্বত্ব সংৰক্ষিত “বুলি লিখা শাৰী টোক অমান্য কৰা হ’ব নেকি ? অনুগ্ৰহ কৰি কথাটো জনাব বুলি আশা কৰিলো|

এতিয়া এক দৰঙী লুপ্তপ্ৰায় লোকসংস্কৃতিৰ কথা আপোনালোকৰ আগত ডাঙি ধৰিলো| (উৎস : দৰঙী লোকগীত সংগ্ৰহ)

বাম্বোলপিটা গীত আৰু অনুস্থান ; এক দৰঙী লুপ্তপ্ৰায় লোকসংস্কৃতি
——————————–
ভাদমাহৰ পূৰ্নিমা তিথিত গৰখীয়া সকলে একশ্ৰেনী বিশেষ গীত গায়| এই গীত বোৰক বাম্বোলপিটা গীত বোলে| বাম্বোলৰ অৰ্থ হ’ল বাম্ মানে বাঁহ আৰু বোল মানে টুকুৰাই কোৱা বা গোৱা| অৰ্থাৎ দীঘল বাঁহ এডালত হৰু বাঁহৰ টুকুৰাৰে কোবাই কোবাই গোৱা গীতকেই বাম্বোল পিটা গীত বুলি কোৱা হয়| গাঁৱৰ ডেকা লৰাহতে বিশেষকৈ গৰখীয়া সকলে প্ৰত্যেকে নিজৰ কান্ধত একোডাল বাঁহৰ টোকন কাটি লয় আৰু একহাতমান দীঘল একোডাল সৰু বাহৰ টুকুৰা কাটি লৈ দীঘল টোকনডালত গীতৰ তালে তালে কোবাই যায়| গাঁৱত ঘৰে ঘৰে জুম পাতি গীত গোৱাৰ পিছত সংগৃহীত টকা পইছাৰে দলবান্ধি ভোজ ভাত খাই আৰু আনন্দ কৰে| গীতটো এজনে লগাই দিয়ে আৰু বাকেবোৰে তুলি ধৰে| দৰঙৰ পশ্চিম অঞ্চলত বিশেষকৈ হালধা, বিষ্ণুপুৰ, বুঢ়া, কুঁহিয়াৰকুছি, বামুনঝাৰ, খৈৰাবাৰী আদি অঞ্চলত ইয়াৰ প্ৰভাৱ বেছি দেখিবলৈ পোৱা গৈছিল|
কোনো কোনো অঞ্চলত বাম্বোলপিটাক বাম্বোল খেদা বা হেপৰপিটা গীত বুলিও জনা যায়| হেপৰপিটা আৰু বাম্বোলপিটাৰ নামটোক লৈ এটা জনশ্ৰুতিও শুনা যায়| সেই মতে – এবাৰ হেনো ভূটীয়া ৰজাৰ লগত ইংৰাজৰ ’কেম্বেল’ চাহাবৰ যুদ্ধ লাগিছিল| ভূটীয়া ৰজাৰ লগতে স্থানীয় লোকেও কেম্বেল চাহাবক পিটিবলৈ টাঙন টোকন লৈ যোগ দিছিল| কেম্বেল চাহাবৰ নামটো লোকমুখত পৰি ভুলকৈ বাম্বেল বা বাম্বোল বুলি উচ্ছাৰিত হোৱাত সিয়েই পিছলৈ বাম্বোলপিটা গীত নামে পৰিচিত হয় আৰু হেপাহ পলুৱাই পিটাৰ পৰা গৈ হেপৰপিটা হয়গৈ বুলি ধাৰনা কৰা যায়|

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!