বাহিৰা বহী (আদিত্য ৰঞ্জন দত্ত)

বাহিৰা বহী


বাহিৰা বহীখনত হয়তো এতিয়াও জিলিকি আছে,
তোৰ নামটো!

বাৰে বাৰে লিখি,
আকৌ
বাৰে বাৰে পেনেৰে ঘঁহি ,
নোহোৱা কৰি পেলাইছিলো!

বুকুত যে এতিয়াও জিলিকি আছে
স্কুলৰ বাথৰুমত কম্পাচেৰে কৰা দাগবোৰ!
নীলয়ে সুধিছিল,
বাথৰুমৰ দাগবোৰেৰে তাইৰ বুকুত জানো আঁচোৰ মাৰিবগৈ!

তোৰ মনত আছেনে,
তোৰ কপাহী চাদৰত
মই দিয়া চেলপাৰ্ক চিঞাহীৰ নীলাবোৰৰ কথা।

আজিকালি নীলাবোৰ যে কৃটিম হৈ পৰিল।
আকাশখন চুই চোৱাৰ বাসনাতে
আকাশখনলৈ চাবলৈও সময় নোপোৱা হ’লো!

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!