বাহুমাছ (নৱ কোঁৱৰ)
সোনমণি এদিন গাভৰু হ’ল। তাইক চাবলৈ মানুহ এঘৰ অহা কথা। সোনমণিৰ দেউতাকো কম মানুহ নহয়। বৰ ওপৰত কথা কয়। সেয়ে মাকক কৈ থৈছে যাতে অধিক ওপৰলৈ গ’লেই মাকে গলখেকাৰি এটা মাৰে।
যথাসময়ত দৰাঘৰৰ মানুহ আহিল। তামোলৰ পৰ্ব চলি থাকোতেই সোনমণিৰ বাপেকে আৰম্ভ কৰিলে—
আপোনালোক আহিব বুলি কালি এজনী বাহুমাছ ধৰিলো। প্ৰায় ২৮ কেজি ওজনৰ।
সোনমণিৰ মাকে চাহৰ কেটলি বঢ়াইছিলহে। কথাষাৰ শুনি মাকে গলখেকাৰি এটা দিলে মাৰি। গলখেকাৰি শুনি সোনমণিৰ বাপেকে আকৌ আৰম্ভ কৰিলে—
কালি এজনী বাহুমাছ ধৰিলো। প্ৰায় ২৮ কেজি ওজনৰ নহ’লেও ২৩-২৪ কেজি হ’ব।
কথাষাৰ শুনি সোনমণিৰ মাকৰ আকৌ এটা গলখেকাৰি।
গলখেকাৰি শুনি সোনমণিৰ বাপেকে আকৌ আৰম্ভ কৰিলে—
কালি এজনী বাহুমাছ ধৰিলো। প্ৰায় ২৪ কেজি ওজনৰ নহ’লেও ১৬-১৮ কেজি হ’ব।
সোনমনিৰ মাকে জুহালত চাহপানী গৰম কৰিবৰ বাবে জুই ফুৱাই দিছিল। ধোঁৱা অলপ লাগি সোনমণিৰ মাকৰ এৰিব নোখোজাকে কাঁহে ধৰিল। সোনমণিৰ বাপেকে বাহুমাছৰ ওজন কমাই গৈ থাকিল। কাহ শুনি শুনি অধৈৰ্য্য হৈ ভিতৰলৈ মুখ কৰি তেওঁ চিঞৰি উঠিল—
অ’ সোনমণিৰ মাক, এনেকৈ কমাই গৈ থাকিলে জালত উঠা বাহুমাছজনী দেখোন দৰিকণা হবগৈ!