বায়’লজিকেল ৱেভ – নাজিফ হাজৰিকা

ইলেক্ট্ৰন বোলা বস্তুটো সদায়েই অশান্ত, অধৈৰ্য্য আৰু অভিমানী। নিউক্লিয়াছটোক কেন্দ্ৰ কৰি তড়িৎ গতিৰে ঘূৰি থকা ইলেক্ট্ৰন এটাই কাকো পাত্তা নিদিয়ে, আপোনপাহৰা হৈ ঘূৰিহে থাকে।
এনেকৈ অশান্ত হৈ ঘূৰি ফুৰা ইলেক্ট্ৰন এটাই কেতিয়াবা ক্ষণিকৰ বাবে নিজৰ Lower energy level এৰি Higher energy level-লৈ জাঁপ মাৰি দিয়ে। ক্ষণিকৰ বাবে শান্ত হৈ ইফালে-সিফালে চাই পঠিয়ায়, কোনোবাই অলপ মৰম কৰে নেকি!
পিছে নাই! কোনেও পাত্তা নিদিয়ে সেই ইলেক্ট্ৰনটোক। লগে লগে অভিমান কৰি সি আকৌ নামি আহে নিজৰ lower energy level লৈ। পিছে তাৰ অভিমানবোৰ অথলে নাযায়। lower energy level লৈ নামি আহোঁতে সি অজানিতে এৰি থৈ আহে কিছুমান নিৰ্দিষ্ট কম্পনাংকৰ নিৰ্দিষ্ট তৰংগদৈৰ্ঘ্যৰ তৰংগ। এই তৰংগবোৰ বিলীন হৈ যায় মহাশূন্যত।
পিছে পৃথিৱীৰ মানুহ নামৰ প্ৰাণীটোৱে এইবোৰ তৰংগ অধ্যয়ন কৰিয়েই মহাকাশৰ ক’ত কি মৌল আছে গম পাই যায়।
* * *
: wave length ক, wave length ক। – প্ৰশান্তই কম্পিউটাৰ স্ক্ৰীণত চকু ৰাখিয়েই ক’লে।
: 3g × 10−7 মিটাৰ, g constant । – লগৰটোৱে কলে।
: ৰহ চাওঁ।
প্ৰশান্তই একান্তমনে নিজৰ কামত লাগিল। অলপ সময়ৰ পিছত তাৰ চকু উজ্জল হৈ পৰিল। আধাখোৱা চাহ কাপ লৈ সি তাৰ বচৰ ৰুমলৈ গ’ল।
: বচ, ওলাই গ’ল।
: কি কি পালা, প্ৰশান্ত?
: মার্কিউৰী, সোণ আৰু ইনাৰ্ট গেছ আছে। বাকী একো নাই।
: oh great। আজি তেন্তে পাৰ্টি হৈ যাব?
: হৈ যাব বচ।
মনৰ আনন্দত প্ৰশান্ত খৰকৈ ওলাই আহিল। আধা খোৱা চাহ কাপ খোজ কাঢ়ি কাঢ়িয়েই খাই গৈ থাকিল।
“এই…ই…ছ………ছ”…..
সিফালৰ পৰা আহি থকা ছোৱালী এজনীৰ খুন্দাত গোটেইখিনি চাহ তাৰ কাপোৰে-কানিয়ে পৰিল। সি মূৰ তুলি চালে, প্ৰণামিকা! তাৰ ঘোৰ শত্ৰু প্ৰণামিকাৰ সৈতে খুন্দা খালে সি।
: what nonsense! চাই-চিটি খোজ কাঢ়িব নাজানা নেকি?- সি ধমকি লগালে তাইক
: মইতো ঠিকেই গৈছোঁ, তুমিহে ইফালে সিফালে চাই খোজ কাঢ়িছা। মোৰ দোষ নাই ইয়াত। – তায়ো ওলোটাই ধৰিলে তাক।
প্ৰশান্তই বেঁকা হাঁহি এটা মাৰি তাইলৈ চালে। ক’লে-
: হ’ব দিয়া। এতিয়া এইবোৰ কৰিয়ে প্ৰতিশোধ লোৱা, বুইছা। কাৰণ তোমাৰ analysis ভুল আছিল। মই কোৱা মতে তাত মার্কিউৰীয়েই ওলাল। তুমি কি কৈছিলা? প্লেটিনাম? ঘেণ্টা প্লেটিনাম। হাঃ হাঃ!
: ধেই এইডাল, আঁতৰ হোৱা, চাওঁ।- প্ৰণামিকাই তাক জোৰেৰে ঠেলা মাৰি গুচি গ’ল। খঙত তাই কিবাকিবি ভোৰভোৰাই গৈ থাকিল।
মহাকাশ গৱেষণা প্ৰতিষ্ঠানটোত প্ৰশান্ত আৰু প্ৰণামিকা ঘোৰ শত্ৰু। দুইটাই অৱশ্যে frequency analyst হিচাপেই কাম কৰে। কেতিয়াবা যদি প্ৰশান্তৰ অনুমান শুদ্ধ হয় কেতিয়াবা আকৌ প্ৰণামিকাৰ। পিছে এইবোৰ লৈয়ে খুঁট-খাত লাগিয়ে থাকে সিহঁত দুটাৰ মাজত। আজি পিছে প্ৰণামিকাৰ এখুন্দা লগাৰ ইচ্ছা অলপো নাছিল , কিন্তু প্ৰশান্তই নিজে লাগি লৈছে !
তাইৰ অলপ বেয়া লাগিল আজি।
* * *
“ক্ৰিঙ…….ক্ৰিঙ……”
এলাৰ্ট বেলটো বাজি উঠাত analystকেইটা দৌৰ দিলে বচৰ ৰুমলৈ। প্ৰশান্ত আৰু প্ৰণামিকাও দৌৰিলে।
: বচ, কিবা হ’ল নেকি?- সকলোৱে সুধিলে।
: এটা নতুন wave frequency ডিটেক্ট হৈছে অমাৰ প্ৰতিষ্ঠানত , বেলেগ ক’তো ওলোৱা নাই এনেকুৱা wave আজিলৈকে। ইতিমধ্যে আমাৰ পাঁচজন analyst মিলিও উলিয়াব পৰা নাই কিহৰ frequency। তেওঁলোক fail হ’ল। এতিয়া প্ৰশান্ত, অঞ্জন, প্ৰণামিকা আৰু সমীৰণ তোমালোকৰ দায়িত্ব। সোনকালে solve কৰা। এনেকুৱা frequency আজিলৈকে দেখা নাই মই।
প্ৰশান্তহঁত আগবাঢ়ি গ’ল বচৰ কম্পিউটাৰ স্ক্ৰীণৰ ওচৰলৈ। frequency দেখি সিহঁতৰ মুখখন শুকাই গ’ল। এক আজব তৰংগ। Ø constant লাগি আছে। এতিয়া সেই Ø ৰ মান নিৰ্ণয় কৰাটোৱেই অসম্ভৱ হৈ পৰিছে। বুৰ্বকৰ দৰে ইটোৱে সিটোৰ মুখলৈ চাই থাকিল।
অলপ সময়ৰ পিছত প্ৰণামিকাই কলে –
: এইটো এটা Biological wave.
: Biological wave? what does it mean?
: frequency rangeটো চাই মোৰ অনুমান হৈছে তেনেকুৱাই।
: may be! পিছে মোক এইটো সোনকালে solve কৰি দিয়া তোমালোকে বুইছা। ইতিমধ্যে ওপৰৰ পৰা order আহিলেই, সোনকালে লাগে এইটো।
বচজনে কথাখিনি কৈ ওলাই গ’ল।
প্ৰশান্তই যেন বচ ওলাই যোৱালৈকেহে বাট চাই আছিল! প্ৰণামিকালৈ চাই কৈ উঠিল-
: তোমাৰ অলপ টেমাটো গৰম নেকি?
: কিয়? কি হ’ল?
: Biological wave? সেইবোৰ আকৌ কি? আমাৰ ইয়াত আজিলৈকে কিবা Biological wave ডিটেক্ট হোৱা দেখিছানে? গৰম নেকি তুমি অলপ?
: নাই দেখা। কিন্তু আমাৰ ইয়াত আজিলৈকে Ø constant দেখিছানে? তুমিও গৰম নেকি অলপ?- প্ৰণামিকাও ৰৈ নাথাকিল। ওলোটাই দিলে তাক।
প্ৰশান্ত মনে মনে থাকিল।
* * *
সম্পূৰ্ণ দহদিন পাৰ হৈ গ’ল। প্ৰশান্তহঁতে অশেষ চেষ্টা কৰিও তৰংগটোৰ প্ৰকৃতি বুজি নাপালে। অৱশ্যে ইয়াৰ মাজত প্ৰশান্ত আৰু প্ৰণামিকাৰ কেইবাখনো কাজিয়া হ’ল। এদিন সিহঁত দুইটাকে বচজনে মাতিলে-
: বচ! মাতিছিলে আমাক?- প্ৰশান্তই সুধিলে।
: চোৱা প্ৰশান্ত আৰু প্ৰণামিকা, তোমালোক দুইটাকে কৈছোঁ মই। তোমালোকৰ মাজত কি আছে মই নাজানোঁ। কিন্তু আমাৰ প্ৰতিষ্ঠানৰ কামত তোমালোকৰ এই কাজিয়াবোৰে সময়ৰ অপব্যয় কৰিছে। আমাৰ কাম হোৱা নাই ….
: বচ মইতো ঠিকেই চাওঁ কামবোৰ, এইজনী হে …..
: সেইবোৰ মোক নক’বা। মোক মুঠতে কাম লাগে বুইছা নে? প্ৰণামিকা বুইছা নে?
: হয় বচ।- তাই নীৰৱে ক’লে।
জীৱনত প্ৰথমবাৰৰ বাবে এই প্ৰশান্তটোৰ কাৰণে তাই কথা শুনিবলগীয়া হৈছে। ভিতৰি ভিতৰি বহুত দুখ পালে তাই আজি। মনে মনে তাই বচৰ ৰুমৰ পৰা ওলাই আহিল।
* * *
আজি বন্ধবাৰ, প্ৰশান্ত ঘৰতে আছে। ঘৰমানে ভাড়াঘৰ ! অকলে থাকে সি।
ৰূমটো চিজিল লগাই সি খানা বনোৱাত লাগিল। খানা মানে! প্ৰশান্তৰ খানা একদম চিম্পল। সিজিলেই হ’ল মুঠতে। সোৱাদ-ছোৱাদ তাক দৰকাৰ নাই।
এটা কুকাৰত চাউল দিলে আৰু আনটোত দাইল, ডিম দুটা, আলু দুটা, কচু এডোখৰ দি দুইটা কুকাৰ একেলগে গেছত উঠাই দিলে সি। বছ! হৈ গ’ল। এনেকৈয়ে খাই সি সদায়। সিজিলে নমাব আৰু খাব।
কুকাৰ দুটা গেছত উঠাই সি লেপটপটো উলিয়াই ললে; আধৰুৱা কামখিনি কৰিবলৈ।
“ধাম… ধাম …ধাম”…..
দুৱাৰত কোনোবাই ঢকা মৰাত সি উঠি আহিল, দুৱাৰখন খুলিলে।
: তু……তু…..তু……তুমি?
প্ৰণামিকাক দেখি সি থতমত খাই গ’ল।
: অ ময়েই! সোমাব নিদিয়া নেকি?- মিচিকিয়া হাঁহি এটা মাৰি তাই সুধিলে? (প্ৰথম হাঁহিছে তাই প্ৰশান্তৰ আগত)
: আ…..আ….আ…..আহা।
গেঞ্জি পিন্ধি থকা প্ৰশান্তই দৌৰি আহি স্পৰ্টিং এটা পিন্ধি ল’লে। বিচনাৰ ওপৰত থকা চিগাৰেটৰ পেকেটটো পটককৈ গাৰুৰ তলত লুকুৱাই দিলে (অৱশ্যে প্ৰণামিকাই দেখিলেই)। টেবুলত থকা তাচপাতৰ জাঁপটো নি আলমাৰিত ভৰাই দিলে। চকী এখন তাইলৈ আগবঢ়াই দিলে –
: ব…ব…..বহা।
সি প্ৰণামিকা আহিব বুলি সপোনতো ভাবিব পৰা নাছিল। মুখেৰে কিবা কিবি ওলাইছে তাৰ
প্ৰণামিকা নবহিল। তাৰ ৰূমটো এফালৰ পৰা চাই গ’ল। আলনাখন, গেছটো, কুকাৰকেইটা… এফালৰ পৰা চাই গ’ল।
: এনেকৈ মানুহ থাকে নেকি? – তাই সুধিলে।
: কেনেকৈ?
: নিজকে সোধা!
ইতিমধ্যে হুইছেল মাৰি হৈ যোৱা কুকাৰকেইটা তাই খুলি চালে।
: খানা তুমি এনেকৈ খোৱা নেকি?
: উম মইতো এনেকৈয়ে খাওঁ!
: দাইলত তেল নামাৰা?
: নাই। সিজিলেই হ’ল দেখোন!
: এনেকৈ এলেহুৱা মানুহেহে খায়।
সি মনে মনে থাকিল।
: আৰু এইবোৰ আলু, কচু, কণী খায়েই চলি যায় নে কি?
: অ আকৌ! আলুত কার্ব’হাইড্ৰেত, কণীত প্ৰটিন, দাইলত প্ৰটিন আৰু ফাইবাৰ, কচুত মিনাৰেলছ…..
: চুপ! একদম চুপ।
প্ৰশান্ত আকৌ মনে মনে তলমূৰ কৰিলে।
: আটচা শুনা! wave টো অলপ ডিটেক্ট হৈছে। তাকে দেখুৱাব আহিছিলোঁ।
: হয় নেকি চাওঁ, চাওঁ।
প্ৰশান্তই তাৰ frequency ডিটেক্টৰ circuit আৰু লেপটপটো ON কৰিলে। প্ৰণামিকায়ো ON কৰিলে তাইৰ নিজৰকেইটা।
: পিছে এই waveটোৰ বিষয়ে মই বেলেগক বুজাই ক’ব নোৱাৰিম। তুমি হয়তো পাৰিবা।
: মানে?
: ৰ’বা দেখুৱাই আছোঁ।
ইতিমধ্যে দুইটাৰে frequency ডিটেক্টৰে medium wave lengths দেখুৱাব আৰম্ভ কৰিলে, একেলগে। প্ৰশান্তই ইমান বেছি medium range frequency আজিলৈকে দেখা নাই।
: ইমান বেছি যে?- সি তাইক সুধিলে।
: ৰ’বা। আৰু বেছি হ’ব।
তাই প্ৰশান্তৰ হাতখন নিজৰ হাতৰ মুঠিত সুমুৱাই ল’লে। এইবাৰ কম্পিউটাৰ স্ক্ৰীণত High frequency দেখুৱাব ল’লে। HIGH frequency এলাৰ্ম বাজি উঠিল।
প্ৰশান্তই তভক মাৰি প্ৰণামিকালৈ চাই থাকিল। কিবা এটা যেন বুজিলে সি!
: এয়া আচলতে Biological Wave হে প্ৰশান্ত!
: উম – সি মনে মনে ক’লে।
: হয়তো অভিমানৰ! হয়তো প্ৰেমৰ।
: উম।
: মই লক্ষ্য কৰিছিলোঁ তোমাৰ আৰু মোৰ মাজত যেতিয়াই কাজিয়া বেছি হয়, তেতিয়াই frequency level High হৈ পৰে। মই তেতিয়াই অনুমান কৰিছিলোঁ কথাটো। কিন্তু তুমি মোক সুযোগ দিয়া নাছিলা!
: Sorry প্ৰণামিকা! মোক বেয়া পাই নাথাকিবা।
: নাপাওঁ দিয়া।
হঠাৎ প্ৰণামিকাক আচৰিত কৰি প্ৰশান্তই তাইৰ হাতত চুমা এটা আঁকি দিলে। আকৌ বাজি উঠিল High frequency এলাৰ্ম।
দুইটাই হাঁহি দিলে ইটোৱে সিটোলৈ চাই।
: এতিয়া বচক এই বিষয়ে তুমি কি কোৱা ক’বা।- প্ৰণামিকাই লাজ লাজকৈ তালৈ চাই ক’লে।
: ই .. মই কেনেকৈ ক’ম। বাদ দিয়া, কি হয় পিছত দেখা যাব। পিছে এটা কথা গম পালোঁ আজি
: কি? কি গম পালা?
: অভিমান প্ৰকাশ কৰিবলৈ হ’লে ইলেক্ট্ৰনৰ নিচিনাকৈ Higher energy level-ৰ পৰা Lower energy level-লৈ নামিবই লাগিব। তেতিয়াহে তৰংগৰ সৃষ্টি হ’ব।
: অ আকৌ!
দুয়ো দুয়োৰে চকুলৈ অপলক নেত্ৰে চাই থাকিল।
বিশ্বব্ৰহ্মাণ্ডৰ কোটি কোটি ইলেক্ট্ৰনে তেতিয়া সিহঁতলৈ চাই মিচিকিয়াই হাঁহিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!